ETV Bharat / state

2021 চনৰ নিৰ্বাচন হ'ব জাতিৰ অগ্নি পৰীক্ষাঃ বৰষাৰাণী বিষয়া

author img

By

Published : Sep 15, 2020, 7:32 PM IST

Updated : Sep 15, 2020, 10:55 PM IST

নতুন আঞ্চলিত দল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেত্ৰী বৰষাৰাণী বিষয়াই ৷ প্ৰত্যক্ষ ৰাজনীতিত অংশগ্ৰহণ নকৰে অভিনেত্ৰী গৰাকীয়ে কিন্তু দলটোক লৈ আশাবাদী অভিনেত্ৰী গৰাকী ৷

Actress Barasha Rani Bishoya Recation On New Political Party
2021 চনৰ নিৰ্বাচন হ'ব জাতিৰ অগ্নি পৰীক্ষাঃ বৰষাৰাণী বিষয়া

গুৱাহাটী, 15 ছেপ্তেম্বৰ : সদৌ অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত গঢ় লৈ উঠা নতুন আঞ্চলিক দল সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেত্ৰী বৰষাৰাণী বিষয়াই ৷ নিজে প্ৰত্যক্ষভাৱে ৰাজনীতিত জড়িত নাথাকে যদিও নৱ গঠিত দলটোক লৈ খুবেই আশাবাদী অভিনেত্ৰী গৰাকী ।

ইফালে,সাংবাদিকৰ আগত অভিনেত্ৰী গৰাকীয়ে কয় যে,আজি জাতি সংকটত,গতিকে 2021 চনৰ নিৰ্বাচন হ'ব জাতিৰ অগ্নি পৰীক্ষা । জাতিৰ অস্তিত্ব নিৰ্ভৰ কৰিব খিলঞ্জীয়া অসমীয়াৰ ওপৰত । জাতি,ভাষা,সংস্কৃতি সুৰক্ষিত হোৱাটো মই বিচাৰো। নতুন দলে কি কৰিব সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব কিন্তু জাতি ৰক্ষাৰ লক্ষ্যৰে গঠন হৈছে এই নতুন দলটো। সেয়ে মই আশাবাদী।

আনহাতে,আছু-যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত গঠিত দলটোৱে অভিনেত্ৰী গৰাকীৰ লগত যোগাযোগ কৰাৰ কথাও আওপকীয়াকৈ কলে 'কা' আন্দোলনত অগ্ৰণী ভূমিকা লোৱা অভিনেত্ৰী বৰষাৰাণী বিষয়াই । লগতে,ৰাজনৈতিক ক্ষেত্ৰত বৰ্তমানলৈ যোগ দিবলৈ প্ৰস্তুত নাই বুলি উল্লেখ কৰি সাংস্কৃতিকৰ ক্ষেত্ৰতে কাম কৰি যোৱাৰ ইচ্ছাৰ কথা দোহাৰিলে অভিনেত্ৰী বৰষাৰাণী বিষয়াই ।

লগতে পঢ়ক : কৰিমগঞ্জত অৰুণোদয় আঁচনিৰ নামত কেলেংকাৰী সংঘটিতৰ অভিযোগ

Last Updated : Sep 15, 2020, 10:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.