ETV Bharat / state

Jatin Bora: ২০২৪-২৫ নাট্যবৰ্ষত ইতিহাস থিয়েটাৰৰ মঞ্চত দেখা যাব যতীন বৰাক

ইতিহাস থিয়েটাৰৰ মঞ্চত 'ৰাঘৱ'ৰ প্ৰচাৰ । ২৭ অক্টোবৰত ছবিগৃহত মুক্তি হ’ব যতীন বৰাৰ অভিনীত ছবি ৰাঘৱ ৷ এই ছবিখন উপভোগ কৰিবলৈ আহ্বান অভিনেতাগৰাকীৰ ।

author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 1:06 PM IST

Actor Jatin Bora promoted Raghav on the stage of Itihas Theatre
পুনৰ থিয়েটাৰলৈ ঘূৰি আহিব যতীন বৰা
ইতিহাস থিয়েটাৰৰ মঞ্চত 'ৰাঘৱ'ৰ প্ৰচাৰ

গুৱাহাটী, 2 অক্টোবৰ: দেওবাৰে তিনিটাকৈ দৰ্শনীৰে গণেশগুৰিত অন্ত পৰিল ইতিহাস থিয়েটাৰ । শেষৰ দিনটোত এই বৰ্ষৰ ইতিহাস থিয়েটাৰ ব্যয়বহুল নাট কেপ্টেইন অবিনাশে মন্ত্ৰমুগ্ধ কৰিলে দৰ্শকক । গণেশগুৰিৰ অন্তিম দিনাৰ প্ৰদৰ্শনীত উপস্থিত থাকে অভিনেতা যতীন বৰা ৷ অভিনেতাগৰাকী ইতিহাস থিয়েটাৰত উপস্থিত থাকি নিজৰ আহিবলগীয়া ছবি "ৰাঘৱৰ" প্ৰচাৰ চলায় । ২৭ অক্টোবৰত ছবিগৃহত মুকলি হ’ব যতীন বৰাৰ বহু প্ৰত্যাশিত ছবি ‘‘ৰাঘৱ"।

JB Production ৰ দ্বিতীয়খন ছবি ৰাঘৱক লৈ আশাবাদী অভিনেতা যতীন বৰা । উজনিৰ পৰা নামনিলৈ এতিয়া ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে অভিনেতাগৰাকীৰ লগতে টীম ৰাঘৱ । ইতিহাস থিয়েটাৰৰ মঞ্চৰ পৰা দৰ্শকক ৰাঘৱক আদৰি ল’বলৈ আহ্বান জনায় অভিনেতাগৰাকীয়ে ।

নতুন চিনেমা ৰাঘৱৰ প্ৰচাৰৰ লগতে, অভিনেতাগৰাকীয়ে মুকলি কৰিলে থিয়েটাৰখনৰ এটি গীত । ইতিহাস থিয়েটাৰৰ চলিত নাট্যবৰ্ষৰ অভিজিত ভট্টাচাৰ্যৰ নাট 'কেপ্টেইন অবিনাশ'ৰ গীত 'লাহে লাহে' মুকলি কৰা হয় । গীতটিত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী পাপৰি গগৈয়ে । ইফালে JB Production ৰ প্ৰথম ছবি ৰত্নাকৰৰ দৰে'ৰাঘৱ'কো দৰ্শকে আদৰি ল’ব বুলি আশাবাদী যতীন বৰা ।

আনহাতে সুদীৰ্ঘ ৬ টা বছৰৰ অপেক্ষাৰ অন্তত ২০২৪-২৫ নাট্যবৰ্ষত ইতিহাস থিয়েটাৰৰ মঞ্চত দেখিবলৈ পোৱা যাব অভিনেতা যতীন বৰাক । ইতিহাস থিয়েটাৰ গোষ্ঠীৰ লগত ইতিমধ্যেই চুক্তিবদ্ধ হৈছে অভিনেতাগৰাকী । নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য নাটক 'মহাৰাজ'ত দেখা পোৱা যাব অভিনেতা যতীন বৰাক ।

যতীন বৰাৰ ছবি ৰাঘৱৰ বিষয়ে

এই ছবিখনত ৰাঘৱৰ চৰিত্ৰত অভিনয় কৰিছে যতীন বৰাই, আনহাতে ৰাঘৱৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাই । ইয়াৰ উপৰিও ছবিখনত অভিনয় কৰিছে নিশিতা গোস্বামী, হিৰণ্য ডেকা, সিদ্ধাৰ্থ নিপন গোস্বামীকে ধৰি কেইবাগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনত সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গে । ছবিখনৰ কাহিনী অভিজিত ভট্টাচাৰ্যৰ ।

লগতে পঢ়ক: Jatin Bora at Morigaon: 42 ৰ স্বাধীনতা আন্দোলনৰ পটভূমিত বিৰচিত মহদা গোঁসাই নাট মঞ্চায়নত উপস্থিত যতীন বৰা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.