নিউজ ডেস্ক, 13 ডিচেম্বৰ: দীঘলীয়া চৰ্চা তথা জল্পনা-কল্পনাৰ অন্তত বিজেপি দলে ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী পদৰ পৰা অপসাৰণ কৰিলে বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আংগুৰলতা ডেকাক ৷ তেওঁৰ স্থলাভিসিক্ত কৰা হ’ল বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ সাধাৰণ সম্পাদক স্বপ্না বণিয়াক ৷ প্ৰায় আঢ়ৈ মাহ ধৰি বিজেপিৰ দলীয় কাম-কাজত নিস্প্ৰভ আছিল আংগুৰলতা ডেকা ৷ ব্যক্তিগত সমস্যা দেখুৱাই তেওঁ ছুটীত আছিল বুলি চৰ্চা চলিছিল ৷
কিন্তু সমুখত যিহেতু লোকসভা নিৰ্বাচন, গতিকে কোনো কাৰণতে বেজীৰ আগমানো যেন সুৰুঙা ৰাখিব খোজা নাই গেৰুৱা দলে ৷ সেয়ে আংগুৰলতাক আঁতৰাই স্বপ্না বণিয়াক মহিলা মৰ্চা চম্ভালিবলৈ দায়িত্ব অৰ্পণ কৰিছে ৷ দেখা গৈছে যে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক হিচাপে ফণী শৰ্মাৰ স্থানত ৰবীন্দ্ৰ ৰাজুৱে দায়িত্ব লোৱাৰ পিচৰ পৰাই বিজেপি আৰু আংগুৰলতাৰ মাজত বৃদ্ধি পাইছিল দূৰত্ব ৷
এসময়ত বিজেপিৰ হৈ সদা সৰব তথা অতি সক্ৰিয় হৈ থকা আংগুৰলতা ক্ৰমে নিস্প্ৰভ হ’বলৈ আৰম্ভ কৰে ৷ যোৱা অক্টোবৰ মাহৰ পৰা তেওঁ একপ্ৰকাৰ নিৰ্বাসন থকাৰ দৰে হৈ পৰিছিল ৷ দিল্লীত নিজাকৈ আৰম্ভ কৰা ব্যৱসায়ৰ বাবে ব্যস্ত হৈ থকা বুলি একাংশই ক’ব খুজিলেও বিজেপিৰ বাবে যে আঙুৰ এতিয়া টেঙা হৈ পৰিছে সেয়া ৰাজনীতিৰ ভূ ৰখা সকলে সহজেই ধৰা পেলাব পাৰিছিল ৷ অৱশেষত বিজেপিয়ে বুধবাৰে আংগুৰলতাক অপসাৰণ কৰাৰ কথা ৰাজহুৱা কৰিলে ৷ এই সন্দৰ্ভত জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আংগুৰলতা ডেকাই ৷
- " class="align-text-top noRightClick twitterSection" data="">
কি ক’লে আংগুৰলতাই ?
‘‘সমূহ অসমবাসী ৰাইজক নমস্কাৰ জনাই পোনপ্ৰথমেই মই স্পষ্টকৈ উল্লেখ কৰিব বিচাৰিছোঁ যে, মোৰ জীয়ৰী নমামীয়ে বৰ্তমান স্কুলীয়া শিক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ত ভৰি দিছে আৰু এই সময়খিনিত এগৰাকী মাতৃৰ ঘৰুৱা ব্যস্ততা খিনিৰ বিষয়ে হয়তো সকলো জ্ঞাত ৷ এই সময়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মই দলীয় শীৰ্ষ নেতৃত্বক মোৰ অসুবিধা সমূহৰ বিষয়ে অৱগত কৰিছিলোঁ আৰু দলীয় দ্বায়িত্বৰ পৰাও অব্যাহতি বিচাৰিছিলোঁ যাতে নমামী কিছু ডাঙৰ তথা বুজা হোৱালৈকে তাইক মই সম্পূৰ্ণ সময় দিব পাৰোঁ ৷
শেহতীয়াকৈ, দলে মোৰ সেই অসুবিধা সমূহৰ বিষয়ে বিবেচনা কৰি মোক দলীয় দ্বায়িত্বৰ পৰা অব্যাহতি দিয়াত দলীয় নেতৃত্বক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ ৷ নৱ নিযুক্ত মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী স্বপ্না বনিয়া ডাঙৰীয়ানীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷
বিগত প্ৰায় দুইবছৰ পাঁচ মাহ সময় ভাৰতীয় জনতা পাৰ্টি, মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহক কৰি ভাৰতীয় জনতা পাৰ্টিৰ হৈ সেৱা আগবঢ়াবলৈ সক্ষম হোৱাটো মোৰ বাবে আছিল পৰম সৌভাগ্যৰ প্ৰাপ্তি ৷ মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত অসমবাসী ৰাইজৰ তথা অসমৰ মহিলা সমাজৰ হকে কাম কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে তেখেতসকলৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম ৷
মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী হিচাপে মোৰ বিগত কাৰ্যকালত মই সংগঠনৰ বহু কথাই শিকাৰ সুযোগ পাইছিলো যিটো মোৰ জীৱনৰ অনন্য প্ৰাপ্তি আছিল ৷ তাৰ পিছতে উল্লেখ কৰিব লাগিব মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে সমগ্ৰ অসমৰ মহিলা শক্তিৰ যি অভূতপূৰ্ব সমৰ্থন মই লাভ কৰিবলৈ সক্ষম হৈছিলোঁ সেই প্ৰাপ্তিৰ মাদকতা হয়তো পোৱা জনেহে অনুভৱ কৰিব পাৰিব ৷
বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ৰাজ্যিক মহিলা মৰ্চাৰ বিষয়ববীয়াসকলক যাৰ অবিহনে মহিলা মৰ্চাক প্ৰতিনিধিত্ব কৰাটো মোৰ পক্ষে কাহানিও সম্ভৱ নহ'ল হয় ৷ তাৰ সমান্তৰালভাৱে অসমৰ সংবাদ মাধ্যমৰ সঁহাৰিয়ে মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে মোৰ প্ৰতিটো কৰ্মসূচীক জনমানসত সৰ্বাধিক আলোচিত তথা দলীয় উদ্দেশ্য সম্প্ৰসাৰিত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷
এই সকলোবোৰৰ উৰ্দ্ধত চিৰকৃতজ্ঞ হৈ ৰ'ম সমূহ অসম বাসী ওচৰত কাৰণ ৰাইজৰ আন্তৰিক সহযোগিতাৰ বাবেই এসময়ৰ অসমীয়া ছবিজগতৰ অভিনেত্ৰীৰ পৰা আজিৰ ৰাজনৈতিক ক্ষেত্ৰ খনৰ আংগুৰলতাৰ সৃষ্টি হ'ল ৷
শেষত, সকলোকে আন্তৰিক কৃতজ্ঞতা জনাই প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যে, মই সদায় ভাৰতীয় জনতা পাৰ্টীৰ অংশ আছিলোঁ, আছোঁ আৰু চিৰদিন ভাৰতীয় জনতা পাৰ্টিৰ বাবে নিঃস্বাৰ্থ সেৱা আগবঢ়াই যাম ৷ ভাৰত মাতা কী জয় ৷ জয় আই অসম ৷’’
লগতে পঢ়ক: আঙুৰলতাক অপসাৰণ; ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰীৰ পদত স্বপ্নময় নিযুক্তি স্বপ্না বণিয়াক