ETV Bharat / state

Boikuntha Prince Pathak quits BJP: বিজেপি ত্যাগ কৰিলে বৈকুণ্ঠ প্ৰিন্স পাঠকে; ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা - মূল্যবৃদ্ধিৰ বাবে বিজেপি ত্যাগ অভিনেতা বৈকুণ্ঠৰ

বিজেপি ত্যাগ অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠকৰ । সামাজিক মাধ্যমত আবেগিক পোষ্ট কৰি বিজেপি দল ত্যাগ অভিনেতাগৰাকীৰ ।

Actor Boikuntha Prince Pathak quits BJP over price hike
বিজেপি ত্যাগ অভিনেতা বৈকুণ্ঠ প্ৰীন্স পাঠকৰ
author img

By

Published : Aug 7, 2023, 11:10 AM IST

চিটাৰা ডেস্ক, 7 আগষ্ট: ২০১৯ চনৰ ‘কা’ আন্দোলনৰ সময়ত শাসকীয় বিজেপি চৰকাৰক সমালোচনা কৰি, কা’ বিৰোধী যুজঁত নামি পৰিছিল অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠক । ‘কা’ আন্দোলনত নামি পৰা শিল্পীসকলৰ ভিতৰত এগৰাকী আছিল বৈকুণ্ঠ প্ৰিন্স পাঠক । কিন্তু ‘কা’ বিৰোধী যুজঁখন কিছু শাম কটাৰ লগে লগে এদিন হঠাৎ বিজেপিত যোগ দিছিল অভিনেতাগৰাকীয়ে ।

বিজেপিত যোগদানৰ পিছতেই অভিনেতা গৰাকী সন্মুখীন হৈছিল ক্ষুৰধাৰ সমালোচনাৰ । কিন্তু শেহতীয়াকৈ বিজেপি কৰ্মী হিচাপে সক্ৰিয় হৈ কাম কৰা বৈকুণ্ঠ প্ৰিন্স পাঠকে লৈছে এক ডাঙৰ সিদ্ধান্ত ৷ দেওবাৰে হঠাৎ এটা ফেচবুক পোষ্টযোগে বিজেপি দল ত্যাগ কৰাৰ ঘোষণা কৰে অভিনেতাগৰাকীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠকে সামাজিক মাধ্যমত পোষ্ট কৰি লিখিছে, ‘‘মই এজন অভিনেতা গতিকে এজন অভিনেতা তথা সাংস্কৃতি কৰ্মী হিচাপে জীয়াই থাকিব বিচাৰোঁ । আজিৰে পৰা মই কোনো ৰাজনৈতিক দলৰ লগত জড়িত নহয় । সকলো ত্যাগ কৰিলোঁ । বিজেপি দলৰ প্ৰাথমিক পদৰ পৰা ও বিদায় ললোঁ । লখিমপুৰ জিলাৰ সাংস্কৃতিক সমন্বয়ক পদৰ পৰা ও বিদায় ললোঁ। কাকো পত্ৰ নিদিওঁ কাৰণ মোকো একো পত্ৰ দি মতা নাছিল ।’’

অভিনেতাগৰাকীয়ে আৰু লিখিছে, ‘‘প্ৰতিজন বিজেপি দলৰ কৰ্মীৰ ভাল কামৰ লগত সদায় আছোঁ থাকিম কিন্তু ৰাজনীতি আমাৰ বাবে নহয় । ধন্যবাদ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ককাইদেউ; ধন্যবাদ ৰঞ্জিত দাস ডাঙৰীয়া; আশা বৰদলৈ; যতীন দা; সুঞ্জন দা;। সময় থাকোঁতে মই শুদ্ধ হোৱা প্ৰয়োজন আছে বুলি ভাবি এই সিদ্ধান্ত ল’লোঁ । অসমৰ ৰাইজে মোক ৰাজনৈতিক ব্যক্তি হিচাপে ভাল নাপায় । গতিকে সাংস্কৃতিক কৰ্মী হিচাপে ৰাইজৰ বিপদ আপদত মাত মাতি আহিছোঁ মাতি যাম ।’’

‘‘জাতিটোতকৈ ডাঙৰ মোৰ ৰাজনীতি নহয় । এটা ভুলৰ বাবে মই জীৱনতো গালি খাই জীয়াই থাকিব নোৱাৰো । ৰাইজ মোৰ বাবে ৰজা । মোৰ ভুলৰ বাবে অসমৰ ৰাইজে ক্ষমা কৰি দিব বুলি সেৱা জনালোঁ । লখিমপুৰ বিজেপিৰ সকলোকে ধন্যবাদ জনালোঁ । ইমান মৰম আদৰ দিলে । ভাল কৰ্মত সদায় লগত আছোঁ । বেয়াত নাই । সময় থাকোতেই মই মোৰ নিজৰ পথত আহিলোঁ কাৰো প্ৰতি বেয়া ভাব নাই নাথাকে । দলত থাকি মই যদি কাকো সহায় কৰিব নোৱাৰো কিয় থাকিম ? মূল্যবৃদ্ধি অন্য এক কাৰক দল এৰাৰ । জয় আই অসম আজিৰে পৰা --- বৈকুণ্ঠ প্ৰিন্স অভিনেতা ।" তেওঁ পোষ্টটোত উল্লেখ কৰে ৷

উল্লেখ্য যে অভিনেতাগৰাকীৰ এই পোষ্টৰ পিচত সামাজিক মাধ্যমত এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । একাংশই যদি অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠকৰ এই সিদ্ধান্তক আদৰণি জনাইছে আন একাংশই আকৌ সমালোচনাও কৰিছে ৷

লগতে পঢ়ক: Raghav controversy: মুক্তিৰ পূৰ্বেই বিতৰ্কৰ আৱৰ্তত যতীন বৰাৰ অভিনীত ছবি ৰাঘৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.