ETV Bharat / state

Deforestation in Assam:পৰিৱেশ ৰক্ষা কৰি বিকাশ সাধনৰ বাবে চৰকাৰক আহ্বান আদিল হুছেইনৰ - ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথ সম্প্ৰসাৰণৰ নামত গছ কটা হৈছে । ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণৰ বাবে বহু পুৰণি গছ ধ্বংস কৰা হৈছে । ইয়াকে লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ।

Actor Adil Hussain
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইন
author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 4:58 PM IST

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইন

গুৱাহাটী, ২৭ অক্টোবৰঃ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত সেউজ পৰিৱেশ বিনষ্ট কৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইনে । উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথ সম্প্ৰসাৰণৰ নামত গছ কটা তথা কেইবাটাও পথত গছ কটাৰ পৰিকল্পনা কৰা হৈছে । ইয়াক লৈ ইতিমধ্যে খ্যাতিমান চলচ্চিত্র নিৰ্মাতা ৰীমা দাসে সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া ব্যক্তি কৰিছে । বিশেষকৈ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণৰ বাবে বহু পুৰণি গছ কটাৰ বিষয়টোক লৈ ৰীমা দাসে প্ৰতিক্ৰিয়া ব্যক্তি কৰি চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষ লৈ কেতিবোৰ পৰামৰ্শমূলক আহ্বান জনাইছিল । ৰীমা দাসৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই অভিনেতা আদিল হুছেইনে সামাজিক মাধ্যম যোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতাগৰাকীয়ে গছ সংৰক্ষণ কৰি বিকাশ সাধন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । গুৱাহাটীৰ পৰা নিজৰ জন্মভূমি গোৱালপাৰালৈ যাওতে পথৰ দাঁতিত থকা গছ সমূহে কিদৰে তেওঁক আপ্লুত কৰে সেই কথাও তেওঁ সুন্দৰকৈ বৰ্ণনা কৰিছে । তেওঁ কয় যে উন্নয়ন কৰিবলৈ যাওতে গছৰ লগত থকা আমাৰ আবেগিক সম্পৰ্ক আমি পাহৰি যাওঁ । উন্নয়নৰ দৌৰা-দৌৰিত পৰিৱেশৰ প্ৰতি থকা দায়িত্ব আমি পাহৰি যাওঁ বুলি তেওঁ সদৰি কৰে ।

বিশ্বৰ প্ৰায় ৬০ খন দেশ ভ্ৰমণ কৰাৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে সেই দেশ সমূহৰ প্ৰায় সংখ্যকেই আমাতকৈ বহু উন্নত । সকলো ক্ষেত্রতে তেওঁলোক উন্নত । সেই দেশসমূহৰ বাট-পথো ভাল আৰু বৰষুণৰ অজুহাতত তাত বাট-পথ নষ্ট নহয় । কিন্তু আমাৰ ইয়াত সকলো ক্ষেত্রতে অজুহাত দেখুউওৱা হয় । ইউৰোপৰ দেশ সমূহে উন্নয়নৰ নামত পৰিৱেশ ধ্বংস কৰা নাই বুলি সদৰি কৰি তেওঁ কয় যে গছ-গছনি, জান-জুৰি আদি সংৰক্ষিত কৰি তাত উন্নয়ন কৰা হৈছে । উন্নত ৰাষ্ট্ৰ সমূহ পৰিৱেশৰ প্ৰতি বিশেষভাৱে সচেতন ।

গুৱাহাটীৰ পৰা গোৱালপাৰা হৈ ৰাষ্ট্ৰীয় ঘাইপথটো সম্প্ৰসাৰণ কৰা সন্দৰ্ভত তেওঁ কয় যে এই কামটো কৰিবলৈ যাওতে পুৰণি গছসমূহ ৰাখি কিদৰে ঘাইপথটো নিৰ্মাণ কৰিব পাৰি সেইটোত গুৰুত্ব দিব লাগে । ইচ্ছা থাকিলে নিশ্চয় কৰিব পৰা যাব বুলি তেওঁ কয় । ইয়াৰ বাবে হয়টো সময় বেছি লাগিব পাৰে তথা খৰচ অলপ বেছি হ'ব পাৰে । উপায় নিশ্চয় ওলাব । আনহাতে, কাজিৰঙাত গাড়ী খুন্দাত বন্যপ্ৰণীৰ মৃত্যু হোৱা ঘটনাৰ প্ৰসংগটো তেওঁ উদ্বেগ প্ৰকাশ কৰে । তেওঁ প্ৰাকৃতিক সম্পদ ধ্বংস নকৰাকৈ বিকাশ সাধনৰ বাবে অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ প্ৰতি আহ্বান জনায় । এই ক্ষেত্রত তেওঁ জন জাগৰণৰ সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।

লগতে পঢ়ক:Agriculture Team Vietnam Tour: কেন্দ্ৰই অনুমতি নিদিলে, বাতিল হ’ল কৃষি বিভাগৰ ভিয়েটনাম ভ্ৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.