ETV Bharat / state

ৰিলিফ মেনুৱেল মতেহে দুৰ্গতজনক আগবঢ়াব লাগিব সাহায্য

author img

By

Published : May 23, 2022, 8:52 PM IST

প্ৰাকৃতিক দুৰ্যোগ বা অন্য কাৰনত বিপদৰ সন্মুখীন হোৱা বা নাগৰিকক খাদ্য আৰু অন্যান্য সাহাৰ্য প্ৰদানৰ ক্ষেত্ৰত কিছুমান নীতি-নিয়ম বা প্ৰট'কল ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্ধাৰণ কৰা হয় । এই নীতি-নিয়মসমুহ বাস্তৱায়িত কৰাৰ বাবে সময়ে সময়ে ৰিলিফ মেনুৱেল প্ৰকাশ কৰা হয় (Relief protocols manual for natural disaster) । এই প্ৰক্ৰিয়া ১৯৭৭ চনৰ‌ পৰা ৰাষ্ট্ৰসংঘৰ সহযোগী সংস্থাসমূহে বিশেষ ভাবে বাস্তৱায়িত কৰিবলৈ চেষ্টা চলাইছিল ।

Assam disaster management authority
ৰিলিফ মেনুৱেল মতেহে দুৰ্গতজনক আগবঢ়াব লাগিব সাহায্য

গুৱাহাটী ২৩ মে': ৰাজ্যত কিছু আগতীয়াকৈ আৰম্ভ হোৱা বান আৰু গৰাখহনীয়া পৰিস্থিতিয়ে ইতিমধ্যে কেইবাখনো জিলাৰ লাখ‌ লাখ নাগৰিকক ভয়াবহ সংকটৰ মুখলৈ ঠেলি দিছে । তথ্য অনুসৰি কেৱল ডিমা হাচাও জিলাতে শেহতীয়া বান-ভুমিস্খলনত প্ৰায় এহাজাৰ কোটি টকাৰ ৰাজহুৱা আন্তঃগাঠনি ধ্বংসপ্ৰাপ্ত হৈছে ।‌‌ তাৰ সমান্তৰালকৈ ধ্বংস হৈছে ব্যক্তিগত সা-সম্পত্তিও ।

এনে ক্ষতিৰ পৰিমান এতিয়াও হিচাব কৰা হোৱা নাই । আনকি ৰেল বিভাগেও এই পৰ্যন্ত স্পষ্টকৈ কব পৰা নাই আচলতে কিমান পুঁজিৰ বিনিয়োগে পুনৰুজ্জীৱিত কৰিব পাৰিব ৰাজ্যৰ ৰেল যোগাযোগ ব্যবস্থা । মনকৰিবলগীয়া যে বাৰিষাৰ আৰম্ভনিতেই ৰাজ্যত সৃষ্টি হোৱা বান-গৰাখহনীয়া আৰু অভাৱনীয় ভুমিস্খলনে ডিমা হাচাও, কাছাৰ, হোজাই জিলাৰ উপৰি নগাঁও আৰু নামনি অসমৰ নলবাৰী, বৰপেটা, বঙাইগাঁও, ধুবুৰী আদি জিলাতো বান পৰিস্থিতিৰ সৃষ্টি কৰিছে ।‌‌

সেই অনুসৰি বানপীড়িতক খাদ্য আৰু অন্যান্য সাহাৰ্য প্ৰদানৰ কামো ইতিমধ্যে আৰম্ভ হৈছে । এই সাহাৰ্য অভিযানত মানি চলিবলগীয়া নীতি-নিয়ম সমুহ চৰকাৰী বা অনা-চৰকাৰী সংস্থাসমূহে মানি চলিছে নে নাই তাকে লৈ এইবাৰ বিশেষ সতৰ্কতা লোৱা হ'ব বুলি অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ কৰ্তৃপক্ষই (Assam disaster management authority) জানিবলৈ দিছে ।

লগতে চাওক: পুনৰ দেশজুৰি চৰ্চাত হিমন্ত বিশ্ব শৰ্মা

প্ৰাকৃতিক দুৰ্যোগ বা অন্য কাৰনত বিপদৰ সন্মুখীন হোৱা বা নাগৰিকক খাদ্য আৰু অন্যান্য সাহাৰ্য প্ৰদানৰ ক্ষেত্ৰত কিছুমান নীতি-নিয়ম বা প্ৰট'কল ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্ধাৰণ কৰা হয় (Relief protocols manual for natural disaster) । এই নীতি-নিয়মসমুহ বাস্তৱায়িত কৰাৰ বাবে সময়ে সময়ে ৰিলিফ মেনুৱেল প্ৰকাশ কৰা হয় । এই প্ৰক্ৰিয়া ১৯৭৭ চনৰ‌ পৰা ৰাষ্ট্ৰসংঘৰ সহযোগী সংস্থাসমূহে বিশেষ ভাবে বাস্তৱায়িত কৰিবলৈ চেষ্টা চলাইছিল ।

পৰৱৰ্তী কালত ইউএছ এইড, ইউনাইটেড নেছ'নেল ডিজেষ্টাৰ ৰিলিফ অফিচ (United National Disaster relief office), ইন্টাৰনেছ'নেল ৰেডক্ৰছ (International Red Cross Society), ইউনিছেফ আদি সংস্থাই সাহাৰ্য প্ৰদানৰ ক্ষেত্ৰত কিছুমান বিশেষ পদক্ষেপ লৈ আহিছে । শেহতীয়াকৈ স্ফেয়াৰ ইন্ডিয়া নামৰ সংস্থাটোৱে এই‌ ক্ষেত্ৰত ৰিলিফ মেনুৱেল প্ৰকাশ কৰি আহিছে । কিন্তু লক্ষনীয় কথাটো হ'ল যে বিভিন্ন পৰ্যায়ত নীতি-নিয়ম আৰু বাধ্যবাধকতা থাকিলেও সেই কথা নাগৰিক সমাজে বহু পৰিমাণে উলংঘা কৰি আহিছে ।

বিশেষকৈ আৰ্তজনক খাদ্য আৰু কাপোৰ আগবঢ়োৱাৰ ক্ষেত্ৰত সাধাৰন নিয়ম খিনিও বহু সময়ত মানি চলা হোৱা‌ নাই । এনে ক্ষেত্ৰত সাহাৰ্য আৰু পুনৰ সংস্থাপনৰ বিষয়টো যথেষ্ট খেলিমেলিৰ মাজেৰে আগবঢ়া দেখা যায় । সেয়ে বিষয়টোক প্ৰণালীবদ্ধ কৰি তোলাৰ বাবে অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ কৰ্তৃপক্ষই বান বিধ্বস্ত অঞ্চলত সাহাৰ্য প্ৰদানৰ বাবে আগ্ৰহী ব্যাক্তি বা‌ সংগঠনসমূহৰ বাবে এক বিশেষ ব্যৱস্থা আৰম্ভ কৰিছে ।‌‌‌‌‌

লগতে চাওক: Ulfa I recruitment drive busted: আলফাত যোগদান কৰিবলৈ গৈ আটক 7 জন

আগ্ৰহীজনে কৰ্তৃপক্ষৰ দ্বাৰা ৰাজহুৱা কৰা এক গুগল লিংকত নিজৰ আৰু সাহাৰ্যৰ বিষয়ে তথ্য পঞ্জীয়ন কৰিব লাগিব । তাৰ পিছতহে কৰ্তৃপক্ষৰ অনুমোদন সাপেক্ষে সাহাৰ্য অভিযানত নিজকে নিয়োজিত কৰিব পাৰিব । দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ কৰ্তৃপক্ষই ইতিমধ্যে প্ৰকাশ কৰা মেনুৱেল অনুসৰি এই সাহাৰ্য অভিযানত ব্যাক্তি আৰু সংস্থাসমূহে প্ৰদান কৰিব পৰা সামগ্ৰী সমূহ হল- শুকান ৰেছন, ছেনিটেৰী নেপকিনছ, নতুন কাপোৰ, শিশুৰ খাদ্য, ছিলড খোৱা পানী, হাইজিন কিট, শিশুৰ ডায়পাৰ, হেলেন ক্ল'ৰিন টেবলেট, ফাৰ্ষ্ট-এইড বক্স, আঠুৱা, লেম্প, দিয়াচলাই, মহ খেদা ধুপ আৰু বিস্কুট ।

হাইজিন কিটৰ ভিতৰত থাকিব গা ‌ধোৱা চাবোন, কাপোৰ ধোৱা চাবোন, বাল্টি, মগ আৰু টুথব্ৰাছ । উল্লেখযোগ্য যে দুৰ্যোগৰ কবলত পৰা অঞ্চলত কেৱল অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ কৰ্তৃপক্ষ আৰু স্থানীয় ভাবে জিলা উপায়ুক্তৰ পৰা অনুমতি লৈহে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ দাতব্য সংস্থাসমূহেও সাহাৰ্য অভিযানত নিয়োজিত হ'ব পাৰিব বুলি উলিওৱা নিৰ্দেশনাই প্ৰক্ৰিয়াটো যথেষ্ট লেহেমীয়া কৰিব বুলি একাংশ সংস্থাই ইতিমধ্যে আঙুলিয়াই দিছে ।

বিশেষকৈ ৰাষ্ট্ৰসংঘৰ সহযোগী সংস্থা, ৰেডক্ৰ'ছ আদিৰ দৰে সংস্থাৰ সাহাৰ্যৰ ক্ষেত্ৰত কিছু শিথিলতা অবলম্বন কৰিব লাগে বুলিও চৰ্চিত হৈছে । প্ৰনিধানযোগ্য যে ডিমা হাচাও আৰু হোজাই জিলাত ইতিমধ্যে কেইবাটাও স্বেচ্ছাসেৱী সংগঠনে সাহাৰ্য আৰু পুনৰ সংস্থাপনৰ কাম আৰম্ভ কৰিছে ।

লগতে চাওক: লামডিং-বদৰপুৰ ৰেলপথ সুচল কৰি তোলাৰ বাবে পুঁজিৰ আৱন্টন কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.