ETV Bharat / state

আৰক্ষীৰ জালত পলাতক এ চি এছ বিষয়া ৰাকেশ দাস

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 10:08 PM IST

গ্ৰেপ্তাৰ বক্ৰ পথেৰে চাকৰি লোৱা এ চি এছ বিষয়া ৰাকেশ দাস ৷ গ্ৰেপ্তাৰ হোৱাৰ ভয়ত বেলতলাৰ এটা ভাড়াঘৰত আগফালৰ পৰা তলা লগাই আত্মগোপন কৰি আছিল দাসে ৷

Absconding ACS Officer Rakesh Das Arrested
আৰক্ষীৰ জালত এ চি এছ বিষয়া ৰাকেশ দাস

গুৱাহাটী, 29 নৱেম্বৰ : এ পি এছ চিত বক্ৰ পথেৰে চাকৰি লোৱা এজনৰ পিছত আন এজন পৰিছে আৰক্ষীৰ জালত ৷ এইবাৰ মহানগৰীৰ বেলতলাৰ পৰা গ্ৰেপ্তাৰ এ চি এছ বিষয়া ৰাকেশ দাস ৷ এছ আই টিয়ে অভিযান চলাই বেলতলাৰ পৰা বুধবাৰে গ্ৰেপ্তাৰ কৰে বক্ৰপথেৰে ৰাজপত্ৰিত বিষয়া হোৱা পলাতক ৰাকেশ দাসক ৷

এছ আই টিয়ে গ্ৰেপ্তাৰ কৰাৰ ভয়ত বেলতলাৰ এটা ভাড়াঘৰত আগফালৰ পৰা তলা লগাই আত্মগোপন কৰি আছিল দাসে ৷ নলবাৰীৰ নিয়োগ বিনিময় কেন্দ্ৰৰ উপ-পঞ্জীয়ক হিচাপে কৰ্মৰত আছিল আটকাধীন ৰাকেশ দাস ৷ কিছুদিন পূৰ্বে এছ আই টিৰ দলে ৰাকেশ দাসৰ নলবাৰীৰ শোলমাৰাস্থিত বাসগৃহত আভিযান চলাইছিল যদিও তেওঁক ঘৰত পোৱা নাছিল ৷

বুধবাৰে গোপন খবৰৰ ভিত্তিত এছ আই টিৰ দলে আগিয়াঠুৰীৰ পৰা অনুসৰণ কৰি বেলতলাৰ ভাড়াঘৰৰ পৰা দাসক গ্ৰেপ্তাৰ কৰে ৷ আনহাতে দাসৰ পিতৃ, গাড়ী চালক আৰু এজন পিয়নকো আটক কৰে এছ আই টিৰ দলে ৷ সম্প্ৰতি বশিষ্ঠ আৰক্ষী থানাত জেৰা চলোৱা হৈছে ৰাকেশ দাসক ৷ উল্লেখ্য যে বক্ৰ পথেৰে এ পি এছ চিৰ চাকৰি লোৱা অতিৰিক্ত আৰক্ষী অধীক্ষক ঐশ্বর্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰা হৈছে ৷

ইফালে বক্ৰ পথেৰে এ পি এছ চিৰ চাকৰি লোৱা দুই এছ চি এছ বিষয়া আকাশী দুৱৰা আৰু ত্ৰিদীপ ৰয় এছ আই টিৰ সমুখত মঙলবাৰে হাজিৰ হয় ৷ 1 ডিচেম্বৰত বক্ৰ পথেৰে চাকৰি লোৱা বৰ্তমান গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অপৰাধ শাখাৰ এ ডি চি পি সুকন্যা দাস আৰু এ চি এছ বিষয়া ধীৰাজ কুমাৰ জৈনক এছ আই টিয়ে তলব কৰিছে ৷

লগতে পঢ়ক : বন্দুক-বাৰুদেৰে অসমত অশান্তি বিয়পালে কঠোৰ হ’ব ডিজিপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.