ETV Bharat / state

ৰাজ্যত দুমাহত জব্দ 1,318,954,435,00 টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী

author img

By

Published : Jul 7, 2021, 10:14 PM IST

অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে কৰা এক টুইটে উদঙাইছে ৰাজ্যত কি হাৰত সৰবৰাহ বা ব্যৱসায় গঢ়লৈ উঠিছে অবৈধ নিচাজাতীয় সামগ্ৰীৰ ৷ জিপি সিঙে টুইটত দিয়া তথ্য অনুসৰি শেহতীয়াকৈ 10 মে’ 2021 ৰ পৰা 29 জুন 2021 লৈকে ৰাজ্যত 1,318,954,435,00 টকা মূল্যৰ অবৈধ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী ৷

জিপি সিঙৰ টুইটে উদঙাইছে ৰাজ্যত কি হাৰত সৰবৰাহ হৈ আছিল অবৈধ নিচাজাতীয় সামগ্ৰী

নিউজ ডেস্ক,7 জুলাই : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছমুক্ত (DRUGS) অসম গঢ়াৰ কথা কোৱাৰ পাচতেই ৰাজ্যত তৎপৰ হৈ পৰিছে অসম আৰক্ষী ৷ প্ৰতিদিনে আৰক্ষীৰ কৱলত পৰিছে ড্ৰাগছ, নিচাজাতীয় সামগ্ৰীৰ লগতে সৰবৰাহকাৰী ৷ এই ক্ষেত্ৰত আৰক্ষীৰ লগতে ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে সজাগ হৈ উঠিছে সাধাৰণ জনতাও ৷

অসমৰ পৰা সম্পূৰ্ণৰূপে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ ঘাটি উৎখাত কৰাৰ বাবে তৎপৰ হৈছে অসম আৰক্ষী (ASSAM POLICE) ৷ শেহতীয়াভাৱে গঠিত চৰকাৰখনে শাসনভাৰ লোৱাৰ পাচত ব্যাপক ৰদবদল কৰিছিল প্ৰশাসনিক বিভাগত ৷ তেতিয়াৰে পৰা ৰাজ্যৰ জিলাসমূহত অপৰাধ তথা অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অধিক তৎপৰ হৈ পৰিছিল জিলা আৰক্ষী তথা প্ৰশাসন ৷

তাৰ মাজতে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে কৰা এক টুইটে উদঙাইছে ৰাজ্যত কি হাৰত সৰবৰাহ বা ব্যৱসায়ী গঢ়লৈ উঠিছিল অবৈধ নিচাজাতীয় সামগ্ৰীৰ ৷ জিপি সিঙে টুইটত দিয়া তথ্য অনুসৰি শেহতীয়াকৈ 10 মে’ 2021 ৰ পৰা 29 জুন 2021 লৈকে ৰাজ্যত 1,318,954,435,00 টকা মূল্যৰ অবৈধ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী ৷ একেদৰে ৰাজ্যত এইদৰে নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰা বা ব্যৱসায় কৰা লোকৰ বিৰুদ্ধে 723 টা গোচৰ ৰজু কৰাৰ লগতে 1253 গৰাকী ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰবলৈ সক্ষম হৈছে ৷

আনহাতে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰা নিচাজাতীয় সামগ্ৰী সমূহৰ তথ্যও জিপি সিঙে টুইটৰ জৰিয়তে দাঙি ধৰিছে ৷ সেই অনুসৰি 16,728 কেজি হে’ৰইন জব্দ কৰিছে যাৰ বজাৰ মূল্য হ’ব প্ৰায় 334,559.800.00 টকা ৷ গাঞ্জা জব্দ কৰিছে 6859.216 কেজি যাৰ বজাৰ মূল্য হ’ব প্ৰায় 342,960,800,00 টকা ৷ জব্দ কৰা আফিঙৰ পৰিমাণ হৈছে 10,28027 কেজি যাৰ মূল্য হ’ব প্ৰায় 5,140,135,00 টকা ৷

About 132 crore amount of drugs seized in one month in Assam

একেদৰে 58571 টা কফ চিৰাফ বটল জব্দ কৰিছে যাৰ বজাৰ মূল্য হ’ব 40,999,700,00 টকা ৷ তাৰ সমান্তৰালভাবে 948736 টা নিচাজাতীয় টেৱলেট বা কেপচুল জব্দ কৰিছে যাৰ বজাৰ মূল্য হ’ব 474,368,000,00 টকা ৷ Morphine বা আফিং 1,9292 কেজি জব্দ কৰিছে মূল্য হ’ব প্ৰায় 9,646,000,00 টকা ৷ আফু জব্দ কৰিছে প্ৰায় 3314কেজি যাৰ বজাৰ মূল্য হ’ব প্ৰায় 66,280,000,00 টকা ৷ crystal methamphetamine জব্দ কৰিছে 3.000 কেজি যাৰ বজাৰ মূল্য হ’ব প্ৰায় 45,000,000,00 টকা ৷

আনহাতে আৰক্ষীয়ে নগদ ধন জব্দ কৰিছে প্ৰায় 8,401,690,00 টকা ৷ একেদৰে বিদেশী টকা বা কাৰেন্সী জব্দ কৰিছে প্ৰায় 13,630.00 টকা আৰু জালনোট জব্দ কৰিছে 6,800.00 টকাৰ ৷ উল্লেখযোগ্য যে, 31 বিঘা,3 কঠা, 12 লোচা মাটিত কৰা গাঞ্জা খেতি উচ্ছেদ কৰি ধব্বংস কৰিছে আৰক্ষী প্ৰশাসনে ৷

লগতে পঢ়কঃ IP আধাৰিত CCTV ৰ নিৰীক্ষণত উত্তৰ-পূৱৰ 47 টা ৰে'লৱে ষ্টেচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.