ETV Bharat / state

আলফা(স্বা) ৰ নতুন ৰূপেৰে পৰেশ বৰুৱাৰ কিহৰ ইংগিত ?

প্ৰায় আঠ বছৰকাল আলফা(স্বা) ৰ সভাপতি বুলি জনাজাত হৈ অহা অভিজিৎ অসম নামৰ কোনো লোক বাস্তৱিকতে নাছিল ৷ এয়া এক কাল্পনিক চৰিত্ৰহে আছিল বুলি পৰেশ বৰুৱাই ঘোষণা কৰিছে ৷ এই ঘোষণাৰ আঁৰত উদ্দেশ্য কি পৰেশ বৰুৱাৰ ?

http://10.10.50.80//assam/08-September-2021/as-ghy-01-paresh-baruah-7206058_08092021130533_0809f_1631086533_71.jpeg

author img

By

Published : Sep 8, 2021, 3:14 PM IST

গুৱাহাটী, 8 ছেপ্তেম্বৰ : হঠাতে আলফা (স্বা) ৰ শীৰ্ষ সাংগঠনিক স্তৰত ব্যাপক পৰিৱৰ্তন ঘটালে সেনাধ্যক্ষ পৰেশ বৰুৱাই । সংগঠনটোৰ সকলো ধৰণৰ ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণৰ পৰা আৰম্ভ কৰি কাৰ্যকৰীকৰণলৈকে তিনিখনকৈ পৰিষদ গঠন কৰা হৈছে ৷ ইয়াৰে সৰ্বোচ্চ পৰিষদৰ সভাপতিৰ দায়িত্বত আছে স্বয়ং পৰেশ বৰুৱা । এককথাত আলফা(স্বা) ৰ এতিয়া সৰ্বময়কৰ্তা হ'ল পৰেশ বৰুৱা ।

একে সময়তে সুদীৰ্ঘ প্ৰায় আঠ বছৰকাল আলফা(স্বা) ৰ সভাপতি বুলি জনাজাত হৈ অহা অভিজিৎ অসম নামৰ কোনো লোক বাস্তৱিকতে নাছিল ৷ এয়া এক কাল্পনিক চৰিত্ৰহে আছিল বুলি পৰেশ বৰুৱাই ঘোষণা কৰিছে ৷

পৰেশ বৰুৱাৰ এই দুয়োটা ঘোষণাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কিয়নো, লণ্ডন নিৱাসী ডাঃ মুকুল হাজৰিকাই আলফাৰ সভাপতি অভিজিৎ অসম বুলি বিগত প্ৰায় আঠ বছৰজুৰি চৰ্চিত হৈ অহাৰ সময়ত কিন্তু কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল আলফা(স্বা) সেনাধ্যক্ষগৰাকীয়ে ৷

তেন্তে হঠাৎ এতিয়া অভিজিৎ অসম এক কাল্পনিক চৰিত্ৰহে আছিল বুলি পৰেশ বৰুৱাই কৰা ঘোষণাক বহুতেই সহজভাৱে ল’ব পৰা নাই ৷ আনহাতে, হঠাতে আলফা(স্বা) ৰ শীৰ্ষ ৰাজনৈতিক পৰ্যায়ত সালসলনি ঘটাই পৰেশ বৰুৱাই সভাপতিৰ আসনত অধিষ্ঠিত হোৱা ঘটনায়ো বহু নতুন সম্ভাৱনাৰ ইংগিত বহন কৰিছে ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰেশ বৰুৱাক মূল সূঁতিলৈ উভতি আহিবলৈ আহ্বান জনাইছিল ৷ মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ পিছতে পৰেশ বৰুৱাই ঘোষণা কৰিছিল যুদ্ধবিৰতি ৷ আনকি মুখ্যমন্ত্ৰীৰ আহ্বানত আলফা(স্বা) য়ে অপহৰণ কৰি নিয়া ONGC ৰ অভিযন্তা, বিষয়াকো পৰেশ বৰুৱাই মুকলি কৰি দিছিল ৷ স্বাভাৱিকতে এনেধৰণৰ ঘটনাক্ৰমে এক আশাৰ সঞ্চাৰ কৰিছিল যে এইবাৰ হয়তো বৰফ গলিব !

মুখ্যমন্ত্ৰীয়ে পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ কেৱল আহ্বান জনায়েই ক্ষান্ত থকা নাই । আলফা (স্বা) ৰে আলোচনা সন্দৰ্ভত তেওঁ কেইবাবাৰো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও বৈঠকত মিলিত হৈছে ৷ তেনে সময়তে পৰেশ বৰুৱাই কৰা এই নতুন দুটা ঘোষণাই শান্তি আলোচনাৰেই এক ইংগিত বহন কৰিছে বুলি ভবাৰ অৱকাশ যথেষ্ট আছে ৷ কিয়নো সাংগঠনিকভাৱে পৰেশ বৰুৱাৰ পদবী আছিল আলফাৰ সামৰিক গোটৰ সৰ্বাধিনায়ক ।

কিন্তু কোনো এটা বিদ্ৰোহী সংগঠন সৈতে চৰকাৰ শান্তি আলোচনাত মিলিত হ’বলৈ হ'লে প্ৰাথমিক চৰ্তটোৱেই হৈছে সংগঠনটোৰ মুৰব্বী অৰ্থাৎ সভাপতিগৰাকী । সেয়েহে কোনো অজ্ঞাত, অচিনা ব্যক্তিৰ পৰিৱৰ্তে আলফা(স্বা) ৰ সভাপতিৰ আসনত পৰেশ বৰুৱা নিজেই অধিষ্ঠিত হৈ লোৱাৰ এটা কাৰণ হ'ল প্ৰস্তাৱিত শান্তি আলোচনাৰ প্ৰক্ৰিয়াটো বিঘ্নিত নোহোৱাকৈ যাতে সঠিক গতিপথেৰে আগুৱাই নিব পাৰি । মুঠতে এক দূৰদৃষ্টি সম্পন্ন পৰিকল্পনাৰেই যে বিদ্ৰোহী সংগঠনটোৰ সৰ্বোচ্চ স্তৰত সালসলনি ঘটোৱা হৈছে সেই কথা হৈ পৰিছে নিশ্চিত ৷

লগতে চাওক : ওপজা দিনত সুধাকণ্ঠলৈ সশ্ৰদ্ধ প্ৰণিপাত...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.