ETV Bharat / state

Biswajit Hazarika Kidnapping case: ২৯ দিনৰ পিছতো উদ্ধাৰ হোৱা নাই অপহৃত বিশ্বজিৎ হাজৰিকা

যোৱা 29 দিন ধৰি সন্ধান ওলোৱা নাই বিশ্বজিতৰ ৷ যোৱা 9 অক্টোবৰত গুৱাহাটীৰ জয়ানগৰৰ পৰা ৰুক্মিণীনগৰৰ ঘৰলৈ অহাৰ পথত কোনো অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰি লৈ গৈছিল বিশ্বজিতক (Biswajit Hazarika Kidnapping case)।

author img

By

Published : Nov 6, 2022, 7:09 PM IST

Abducted Biswajit Hazarika not recovered even after 29 days
Biswajit Hazarika Kidnapping case: ২৯ দিনৰ পিছতো উদ্ধাৰ হোৱা নাই অপহৃত বিশ্বজিৎ হাজৰিকা

গুৱাহাটী, ৬নৱেম্বৰ:"এই টেকন’লজীৰ যুগতো আপোনালোকে কিয় তাক বিচাৰি উলিয়াব পৰা নাই ৷" নিখোজ পুত্ৰক বিচাৰি হাহাকাৰ কৰিছে এহাল পিতৃ-মাতৃয়ে ৷ যোৱা 29 দিন ধৰি উজাগৰে কটাইছে এইহাল দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ৷ কোনো শুংসূত্ৰ নাই পুত্ৰৰ ৷

২৯ দিনৰ পিছতো উদ্ধাৰ হোৱা নাই অপহৃত বিশ্বজিৎ হাজৰিকা

উল্লেখ্য যে যোৱা 9 অক্টোবৰত মহানগৰীত এক চাঞ্চল্যকৰ অপহৰণ ঘটনা সংঘটিত হৈছিল (Kidnapping case in Guwahati) ৷ জয়ানগৰৰ পৰা ৰুক্মিণীনগৰৰ ঘৰলৈ অহাৰ পথত অপহৰণকাৰীৰ কবলত পৰিছিল ৩১ বছৰীয়া বিশ্বজিৎ হাজৰিকা নামৰ এগৰাকী যুৱক (Biswajit Hazarika Kidnapping case)।

জয়ানগৰৰ ঔষধ নামৰ ফাৰ্মাচীখনত কৰ্মৰত বিশ্বজিৎ হাজৰিকা ৷ প্ৰতিদিনৰ দৰে ফাৰ্মাচীৰ পৰা ঘৰলৈ আহি থকাৰ পথতে কোনো অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰি লৈ গৈছিল বিশ্বজিতক ৷ তাৰ পিছৰপৰাই কোনো খবৰ লাভ কৰা নাছিল ঘৰৰ লোক তথা বন্ধুবৰ্গই ৷

পৰিয়ালৰ লোকে লগে লগে দিছপুৰ থানাৰ কাষ চাপে যদিও আৰক্ষীয়ে আজিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই । আজি কেইদিনমানৰ পূৰ্বে বিশ্বজিতৰ ফোনৰ পৰাই দুৰ্বৃত্তই ধন দাবী কৰি পিতৃলৈ ফোন কৰিছিল (Abducted Biswajit Hazarika not recovered )৷ পুত্ৰক ঘূৰাই পোৱাৰ সুখত অপহৰণকাৰীৰ দাবী মানি বিশ্বজিতৰ ঘৰৰ লোকে দাবী কৰা ধনখিনি আদায় দিবলৈ গৈছিল যদিও ধন দাবী কৰা স্থানলৈ অপহৰণকাৰী নাহে বুলি পৰিয়ালৰ লোকে জনায় ৷

বি চি এ পাঠ্যক্ৰম সম্পূৰ্ণ কৰা বিশ্বজিৎ হাজৰিকাৰ পিতৃ অৱসৰপ্ৰাপ্ত শিক্ষক আৰু মাতৃ উদ্যোগ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৷ বিশ্বজিৎ পৰিয়ালৰ একমাত্ৰ সন্তান ৷ এতিয়া পুত্ৰৰ কোনো খবৰ নাপাই শোকত ভাগি পৰিছে পিতৃ- মাতৃ ।

শেহতীয়াকৈ আৰক্ষী থানাত গৈ আৰক্ষীৰ ওপৰত ক্ষোভ উজাৰে দুৰ্ভগীয়া পিতৃ-মাতৃহালে ৷ আজিৰ দিনৰ টেকন’লজী ইমান শক্তিশালী হোৱাৰ পিছতো আৰক্ষীয়ে কিয় বিশ্বজিতৰ সন্ধান উলিয়াব পৰা নাই বুলি আৰক্ষীক প্ৰশ্ন কৰে বিশ্বজিতৰ মাতৃয়ে ৷ এতিয়া প্ৰশ্ন হয় কিয় ২৯ দিনৰ পিছতো অপহৃত যুৱকৰ সন্ধান উলিয়াব পৰা নাই দিছপুৰ আৰক্ষীয়ে ৷ এয়াই নেকি চৰকাৰৰ স্মাৰ্ট আৰক্ষী?

লগতে পঢ়ক: Accused teacher sent to Police custody: আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ অভিযুক্ত শিক্ষকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.