গুৱাহাটী,১০ এপ্ৰিলঃ গুৱাহাটী মহানগৰীৰ আঠগাঁও কবৰস্থান মছজিদ চিনাক্ত হৈছে কৰ’ণাৰ হটস্পট হিচাপে । সেয়ে শুকুৰবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ মছজিদটো ১৪ দিনৰ বাবে ছীল কৰিছে চৰকাৰে । গুৱাহাটীত শুকুৰবাৰে এখন সংবাদমেলত এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয় যে, কৰ’ণাত আক্ৰান্ত প্ৰথম গৰাকী ৰোগীয়ে ইতিমধ্য়ে শেষ নিশ্বাস ত্যাগ কৰিছে । কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল কৰিমগঞ্জৰ আক্ৰান্ত এগৰাকী ব্যক্তিৰ লগতে আন দুজন কৰ’ণাত আক্ৰান্ত লোকে ১৩ মাৰ্চৰ নিশা কটাইছিল আঠগাঁও মছজিদত ৷ উক্ত নিশা এই মছজিদত সমবেত হৈছিল ১০০ জন লোক । এই বৈঠকৰ কথা কিন্তু লুকুৱাই ৰখা হৈছিল । আজিহে এই কথা আৰক্ষীৰ তদন্তত পোহৰলৈ আহে । ইতিমধ্যে ব্যক্তি তিনিজন কৰ’ণাত আক্ৰান্ত বুলি পোহৰলৈ আহিছে । ইয়াত ভাগ লোৱা সকলৰ ৮ জনেই আহিছিল নিজামুদ্দিনৰ জামাতৰ পৰা ।
ইতিমধ্যে ৫৮ জন লোকৰ তালিকা চৰকাৰে লাভ কৰিছে । গতিকে ১৪ দিনৰ বাবে ছীল কৰা হৈছে আঠগাঁও মছজিদ । আনহাতে ৰাজ্য চৰকাৰৰ হাতত বৰ্তমান পৰ্যাপ্ত পৰিমাণৰ পিপিই কীট মজুত আছে বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে ।
লগতে চাওকঃ ক'ভিড-19ৰোধৰ বাবে পুনৰ 3 কোটি টকা দিলে অক্ষয় কুমাৰে