গুৱাহাটী, ১২ জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা নিৰ্বাচনী আয়োগৰ ইতিবাচক আৰম্ভণি ৷ কিন্তু খচৰাত কেতবোৰ সংশোধনীৰ প্ৰয়োজন আছে ৷ এই মন্তব্য আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ।
বুধবাৰে শ্বহীদ ন্যাসত সংবাদমেল সম্বোধন কৰি কয় ,‘‘সমষ্টি পুনৰ নিৰ্ধাৰণত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকাৰ লগতে সৰ্বকালৰ বাবে নিৰ্ণায়ক অধিকাৰ থাকিব লাগিব । ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত অসমৰ বিধানসভা আৰু সংসদীয় সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াক স্পষ্টভাৱে আদৰণি জনাইছো ৷ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়টো ভাৰতবৰ্ষৰ আন ৰাজ্যতকৈ পৃথক ৷ কাৰণ অবৈধ বিদেশী নাগৰিকৰ অবাধ প্ৰব্ৰজনে অসমত খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ প্ৰতি ভাবুকি মাতি আনিছে ৷’’
‘‘আছুৱে অসম চুক্তিৰ পিচত ১৯৮৬ চনতে ১৯৯১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ দাবী জনাইছিল । তথাপিও এইবাৰ ২০০১ চনৰ আধাৰত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক আমি আদৰণি জনাইছো । অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ অসমৰ খিলঞ্জীয়া মানুহৰ বাবে অন্যতম ৰক্ষাকবচ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰোতে অসমৰ জনবিন্যাসৰ বিষয়টো চকু দিব লাগিব ।’’ সমুজ্জ্বল ভট্টাচাৰ্যই লগতে কয় ৷
গোলাঘাট , যোৰহাট , শিৱসাগৰ , চৰাইদেউ , ডিব্ৰুগড় , তিনিচুকীয়া , ধেমাজি , লখিমপুৰ জিলাকে ধৰি যিসমূহ জিলাত জনবিন্যাসৰ পৰিৱৰ্তনে প্ৰভাৱ পেলোৱা নাই সেইসমূহ জিলাত সমষ্টি কমিব নালাগে বুলিও তেওঁ উল্লেখ কৰে ৷ তেওঁ লগতে কয় যে জিলাসমূহৰ চাৰিসীমাৰ ভিতৰতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হওক । তদুপৰি অনুসূচীত জাতি , অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত আসন বৃদ্ধি, বি টি আৰ আৰু পাহাৰীয়া জিলা কাৰ্বি আংলঙত আসন বৃদ্ধিক তেওঁ আদৰণি জনায় ।
কিন্তু ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টি আৰু শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিটো বিলুপ্ত হোৱাৰ বিৰোধিতা কৰি সমষ্টি দুটা বাহাল ৰখাৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে ৷ চাবুৱা , টিংখং, শিৱসাগৰ , যোৰহাট , হাজো, টিহু, বঙাইগাও, চতিয়া সমষ্টিকে ধৰি অসমৰ কেতবোৰ অঞ্চলত সমষ্টিৰ সীমা নিৰূপণৰ ক্ষেত্ৰত ৰাইজৰ যি আপত্তি উত্থাপিত হৈছে সেইসমূহ আয়োগে ইতিবাচকভাৱে বিবেচনা কৰা উচিত বুলিও তেওঁ কয় ৷
তেওঁ আৰু কয়, ‘‘নামনি আৰু মধ্য অসমত জনবিন্যাস সলনিয়ে প্ৰভাৱ পেলোৱা কেতবোৰ অঞ্চলত সমষ্টিৰ সীমা নিৰ্ধাৰণত সেই অঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে । আয়োগে বিষয়টো বিবেচনা কৰা উচিত । আনহাতে অসম চৰকাৰে স্বীকৃতি প্ৰদান কৰা খিলঞ্জীয়া অসমীয়া মুছলমান জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাকৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা উচিত । বৰাক উপত্যকাৰ বিষয়টো নিৰ্বাচনী আয়োগে চকু দিয়া উচিত ।’’
অসমৰ ঐতিহ্যপূৰ্ণ অঞ্চলৰ ঐতিহ্য বিঘ্নিত কৰিব নালাগে বুলি উল্লেখ কৰি সমজ্জ্বল ভট্টাচাৰ্যই কয় যে ঐতিহাসিক জনীয়া সত্ৰৰ আধাৰত থকা জনীয়া সমষ্টিৰ নাম একে ৰাখি পূৰ্বৰ দৰে লোকসভা এলেকাত ৰখাটো উচিত ৷ একেধৰণে হাজোৰ দিহিনা সত্ৰৰ এলেকা হাজো সমষ্টিত ৰখাটো উচিত বুলি মন্তব্য কৰে ।
সংবাদমেলত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় ‘‘এই সমগ্ৰ বিষয়কলৈ নিৰ্বাচনী আয়োগলৈ মংগলবাৰে পত্ৰ প্ৰেৰণ কৰিছো আৰু আয়োগক অসমলৈ আহিলে সাক্ষাৎ কৰি পুনৰ সমগ্ৰ বিষয়টো উত্থাপন কৰিম ।’’
সংবাদমেলত ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই ২০২৬ চনৰ পিচত অসমত হ’বলগীয়া সমষ্টি পুনৰ নিৰ্ধাৰণ ১৯৮৫ চনত অসম চুক্তি সম্পাদন হোৱাৰ পিচৰ লোকপিয়ল ১৯৯১ চনৰ আধাৰত হোৱা উচিত বুলি মন্তব্য কৰে । অহা ১৪ জুলাইত ৰাজ্যজুৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে জিলা সদৰসমূহত প্ৰতিবাদ হ’ব বুলিও সদৰী কৰে আছুৰ নেতৃত্বই ৷