ETV Bharat / state

AASU stages protest against price hike: দুখীয়া ৰাইজক টুলুঙা মন্তব্যৰে ভেঙুচালি নকৰিবলৈ চৰকাৰক সকীয়নি আছুৰ - আছুৰ মহানগৰ সমিতি

মূল্যবৃদ্ধিৰ ৰোধৰ দাবীত ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ ৷ ব্যৰ্থ যোগান মন্ত্ৰীক অপসাৰণৰ দাবী আছুৰ ৷ টুলুঙা মন্তব্যৰে দুখীয়া ৰাইজক ভেঙুচালি কৰাৰ মৰসাহ নকৰিবলৈ বিজেপি চৰকাৰৰ প্ৰতিজন মন্ত্ৰীক সকীয়নি আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল কুমাৰ শৰ্মাৰ ।

AASU Stages Statewide Protest over Price Hike
মূল্যবৃদ্ধিৰ ৰোধৰ দাবীত ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ
author img

By

Published : Aug 8, 2023, 5:43 PM IST

Updated : Aug 8, 2023, 6:20 PM IST

মূল্যবৃদ্ধিৰ ৰোধৰ দাবীত ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ

নিউজ ডেস্ক, ৮ আগষ্ট: অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধত চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত মঙলবাৰে সমগ্ৰ ৰাজ্যজুৰি আছুৱে প্ৰতিবাদ সাব্যস্ত কৰে । আছুৰ কৰ্মকৰ্তাসকলে পুৱা ৬ বজাৰ পৰা প্ৰতিখন জিলা সদৰতে ১০ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে । নলবাৰী, মৰিগাঁও, বৰপেটা, তিনিচুকীয়া, যোৰহাট, কলিয়াবৰৰ লগতে গুৱাহাটী মহানগৰীতো মূল্যবৃদ্ধি ৰোধৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল কুমাৰ শৰ্মাই মৰিগাঁৱত এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি শাসকীয় বিজেপি চৰকাৰৰ মন্ত্ৰী পাৰিষদক দুখীয়া ৰাইজক টুলুঙা মন্তব্যৰে ভেঙুচালি নকৰিবলৈ সকীয়াই দিয়ে ৷ তেওঁ কয়, আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছো যে আপোনালোক লাস-বিলাসত জীৱন কটাইছে কটাই থাকক । কেবিনেট বৈঠকত অনুষ্ঠিত কৰাৰ নামত কোটি কোটি টকাৰ শ্ৰাদ্ধ পাতিছে পাতক । আপোনালোকে কেইখন ব্যঞ্জনৰে ব্ৰেণ্ডেত চাউলৰ ভাত খাইছে খাওক । আমাক হিচাপ নালাগে । কিন্তু ৰাজ্যৰ দুখীয়া জনতাই বজাৰলৈ গৈ বজাৰখন কৰি আনিব নোৱাৰা ৰাইজক টুলুঙা মন্তব্যৰে দুখীয়া ৰাইজক ভেঙুচালি কৰাৰ মৰসাহ নকৰিবলৈ আমি বিজেপি চৰকাৰৰ প্ৰতিজন মন্ত্ৰীক সকিয়াই দিছো ।

তেওঁ আৰু কয়, বৰ্তমান শাসকীয় বিজেপি চৰকাৰখনে ‌পৰিৱৰ্তন আৰু জাতি মাটি ভেঁটি সুৰক্ষাৰ নামত ৰাইজক মাধমাৰ সোধাইছে । ডাবল ইঞ্জিনৰ চৰকাৰখনে কেৱল মাত্ৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈহে কাম কৰি আছে । তেওঁ লগতে যোগান মন্ত্ৰী ৰণজিৎ দাসক "ব্ৰেণ্ডেড চাউল খোৱাসকল অসমৰ নাগৰিক নহয় নেকি সেইটো স্পষ্ট কৰি দিবলৈ আহ্বান জনায় ।

ইফালে সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থাই মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ আছুৰ মহানগৰ সমিতিৰ সাধাৰণ সম্পাদক টুটুমণি কলিতাই ব্যৰ্থ যোগান মন্ত্ৰীক অপসাৰণ কৰিবলৈ দাবী উত্থাপন কৰি কয় মূল্যবৃদ্ধিক মূল সমস্যা হিচাপে লৈ শাসনৰ গাদীত আহিছিল বিজেপি । কংগ্ৰেছৰ দিনত যোগান মন্ত্ৰীয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে নাঙল জুঙলি লৈ ৰাজপথত প্ৰতিবাদ কৰিছিল কিন্তু সেই ব্যৰ্থ যোগান মন্ত্ৰীয়ে টুলুঙা মন্তব্য কৰিছে ।

তেওঁ আৰু কয়, বৰ্তমান সময়ত মূল্যবৃদ্ধি এটা ডাঙৰ সমস্যা । মূল্যবৃদ্ধিৰ বাবে সাধাৰণ জনতাৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । মূল্যবৃদ্ধি ৰোধত ৰাজ্য চৰকাৰ ব্যৰ্থ হৈছে । তেওঁ চৰকাৰক অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী উত্থাপন কৰে । অন্যথা ৰাজ্যজুৰি ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে আছুৰ মহানগৰ সমিতিৰ সাধাৰণ সম্পাদক টুটুমণি কলিতাই ।

লগতে পঢ়ক: ATASU protest in Sivasagar : আহোম জনগোষ্ঠীক জনজাতি মৰ্যদা প্ৰদানৰ দাবীত অৰ্ধ উলংগ হৈ শিৱসাগৰত আটাছুৰ প্ৰতিবাদ

Last Updated : Aug 8, 2023, 6:20 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.