ৰঙিয়া, 15 জুলাই : ৰঙিয়াত অবৰ্ণনীয় বান পৰিস্থিতিৰ মাজত অসহায় হৈ পৰিছে বানাক্ৰান্ত ৰাইজ। বেছিভাগ অস্থায়ী আশ্ৰয় শিবিৰতেই নাই জীৱন ধাৰণৰ বাবে প্ৰয়োজন হোৱা মৌলিক উপাদান সমূহ। এনে দুৰ্যোগৰ সময়ত বন্যাৰ্তৰ ওচৰত থিয় দিছে আছু। বানত ককবকাই থকা দৰিদ্ৰ পৰিয়ালৰ লোকসকলক সামান্য পৰিমাণে সাহাৰ্য আগবঢ়াই সকাহ দিবলৈ চেষ্টা আছুৰ। গড়ভিতৰ বালাগাঁও,হাচানটুক অঞ্চলৰ আশ্ৰয় শিবিৰৰ প্ৰায় ২৫০ টা পৰিয়ালক সাহাৰ্য প্ৰদান কৰে আছুৱে। আছুৰ এই পদক্ষেপক শলাগ লৈছে বানাক্ৰান্তই ।
আছুৱে বিতৰণ স্থলীৰ পৰাই বানাক্ৰান্ত ৰাইজক পৰ্যাপ্ত সাহাৰ্য,পশু খাদ্য যোগান ধৰা,বানত সৰ্বস্বান্ত হোৱা পৰিয়ালক গৃহ নির্মাণৰ সাহাৰ্য প্ৰদান আৰু অসমৰ বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী জনায় চৰকাৰক। ইয়াৰ লগতে পুঠিমাৰী নদীৰ ভগ্ন মথাউৰি সমূহ বাৰিষা নিৰ্মাণ নকৰি বিজ্ঞানসন্মতভাৱে খৰালি মাহত নিৰ্মাণ কৰি বানাক্ৰান্ত ৰাইজক সকাহ দিবলৈ দাবী জনায় আছুৱে।
উল্লেখযোগ্য যে পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে এইবাৰ পাঁচ ঠাইত মথাউৰি ছিঙি নিয়ে। মথাউৰিটো সংকটজনক অৱস্থাত থকাৰ পিচতো জলসম্পদ বিভাগে মথাউৰিটো মেৰামতি কৰা বা নতুনকৈ নিৰ্মাণৰ কোনো ব্যৱস্থা হাতত নল'লে। যাৰ বাবে অৰ্কমণ্য জলসম্পদ বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে আছুৰ তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাসে।
লগতে পঢ়ক : বলপূৰ্বক ৰাজহুৱা বিল দখলত নামিছে ছাত্ৰ নেতা