ETV Bharat / state

AASU Protest in Rangia: ৰঙিয়াত আছুৰ সহযোগত ৰাইজৰ চৰকাৰৰ বিৰোধী প্ৰতিবাদ

author img

By

Published : Jul 7, 2023, 5:19 PM IST

ৰঙিয়াত আছুৰ সহযোগত ৰাইজৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ ৷ ৰঙিয়াৰ মধ্য পাণ্ডুৰি গাঁও পঞ্চায়তত চৰকাৰী আঁচনিত দুৰ্নীতিৰ অভিযোগেৰে প্ৰতিবাদ ৷ আছুৰ সহযোগত স্থানীয় ৰাইজে ঘেৰাও কৰিলে মধ্যপাণ্ডুৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়

AASU Protest in Rangia
ৰঙিয়াত আছুৰ সহযোগত ৰাইজৰ চৰকাৰৰ বিৰোধী প্ৰতিবাদ

ৰঙিয়া,7 জুলাই: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগেৰে ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ ৰঙিয়াত আছুৰ সহযোগত ৰাইজে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ ৰঙিয়াৰ মধ্য পাণ্ডুৰি গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উঠিছিল ৷ সেয়ে আছুৰ সহযোগত স্থানীয় ৰাইজে ঘেৰাও কৰিলে মধ্যপাণ্ডুৰী গাঁও পঞ্চায়তৰ কাৰ্যালয় ৷ স্থানীয় ৰাইজে চৰকাৰ বিৰোধী শ্লোগানেৰে পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰে ।

ইফালে পঞ্চায়ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা গাঁও সভাত সকলো পঞ্চায়ত প্ৰতিনিধি উপস্থিত নথকা বাবে পৰিস্থিতি অধিক উত্তপ্ত হয় । সভাখনত প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি অযোগ্য লোকে প্ৰধানমন্ত্ৰী আবাস গৃহ লাভৰ অভিযোগ তুলি উপস্থিত ৰাইজে পঞ্চায়ত প্ৰতিনিধি সকলক প্ৰশ্নৰে থকা-সৰকা কৰে । আনহাতে কৰ্মচাৰীসকলে কাৰ্যালয়ত সময় মতে উপস্থিত নথকাৰো অভিযোগ তোলে প্ৰতিবাদকাৰী সকলে ‌।

উল্লেখ্য যে কিছুদিন পূৰ্বেও একে অভিযোগ উত্থাপন কৰি পঞ্চায়ত কাৰ্যালয়টোৰ সন্মুখত স্থানীয় ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল । ৰাইজৰ অভিযোগ অনুসৰি স্থানীয় এগৰাকী মহিলাৰ নামত অহা চৰকাৰী ঘৰৰ ধন তেওঁৰ অজ্ঞাতে মোকলাই নিয়া হৈছিল । আনকি মৃত লোকৰ নামটো ঘৰ আবণ্টন দিয়াৰ অভিযোগ উত্থাপন হৈছে মধ্যপাণ্ডুৰী পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে । এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত মধ্য পাণ্ডুৰী ছাত্র সন্থাই ৰঙিয়া মহকুমাৰ মহকুমাধিপতিক এক স্মাৰক পত্ৰ প্ৰদান কৰিছিল । আনহাতে স্থানীয় ৰাইজে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাকো লিখিত অভিযোগ দাখিল কৰিছিল । কিন্তু অভিযোগ দাখিলৰ কেইবামাহৰ পিছতো কোনো ব‍্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ক্ষোভিত হৈ পৰিছে গাঁওবাসী ।

লগতে পঢ়ক:BJP Program: গগৈ উপাধিৰ লোকসকল বিজেপিৰ সপক্ষে আছে- ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.