ETV Bharat / state

চন্দ্ৰপুৰত আছু আৰু ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Dec 9, 2020, 3:43 PM IST

তিৱা স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে চন্দ্ৰপুৰত প্ৰতিবাদত নামিল স্থানীয় ৰাইজ আৰু চন্দ্ৰপুৰ আঞ্চলিক ছাত্র সন্থা । পৰিষদীয় নিৰ্বাচনৰ পৰা চন্দ্ৰপুৰৰ গাঁওসমূহ কৰ্তন কৰাৰ দাবী ।

চন্দ্ৰপুৰত আছু আৰু ৰাইজৰ প্ৰতিবাদ
চন্দ্ৰপুৰত আছু আৰু ৰাইজৰ প্ৰতিবাদ

গুৱাহাটী, ৯ ডিচেম্বৰ: অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ'ব তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন । কিন্তু নিৰ্বাচনৰ প্ৰাক ক্ষণত প্ৰতিবাদ সাব্যস্ত কৰিছে মহানগৰীৰ চন্দ্ৰপুৰৰ একাংশ ৰাইজ আৰু চন্দ্ৰপুৰ আঞ্চলিক ছাত্র সন্থাই । বুধবাৰে চন্দ্ৰপুৰ হাইস্কুল খেল পথাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । চন্দ্ৰপুৰ আঞ্চলিক ছাত্র সন্থাৰ নেতৃত্বত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত পৰিষদীয় নিৰ্বাচনৰ পৰা তিৱা সম্প্ৰদায় নথকা চন্দ্ৰপুৰৰ গাঁওসমূহ কৰ্তন কৰাৰ দাবী জনায় ৰাইজে ।

বিজেপি চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । আনহাতে, অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত ভোটদান কৰাৰ পৰা চন্দ্ৰপুৰ ৰাইজ বিৰত থাকিব বুলিও হুংকাৰ দিয়ে । আজিৰ প্ৰতিবাদী কাৰ্যসূচীত চন্দ্ৰপুৰ আঞ্চলিক ছাত্র সন্থাৰ শতাধিক সদস্যই অংশ লয় । উল্লেখ্য যে, তিৱা স্বায়ত্ব শাসিত পৰিষদৰ ৬টাকৈ সমষ্টি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ অধীনস্থ এলেকাত আছে ।

লগতে পঢ়ক:ৰঙিয়াত এপ'ল মিল কৰ্মচাৰী আৰু আছুৰ পথ অৱৰোধ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.