নিউজ ডেস্ক,22 নৱেম্বৰ : দেওবাৰে গঠন হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ নতুন নেতৃত্ব ৷ আছুৰ সাধাৰণ সম্পাদকৰ বাবে নিৰ্বাচিত হয় শংকৰজ্যোতি বৰুৱা ৷ আনহাতে সভাপতি পদত দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয় দীপাংক নাথ ৷ বিষয়বাচনি সভাৰ অন্তত এই ঘোষণা কৰা হোৱা বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য় যে,আৱেগিক পৰিৱেশৰ মাজেৰে শনিবাৰে আছু ত্যাগ কৰে প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে ৷ শনিবাৰে দুলীয়াজান অধিৱেশনত সংগঠন ত্যাগ কৰাৰ কথা ঘোষণা কৰে ছাত্ৰ নেতাজনে ৷ অৱশ্যে আছুৰ প্ৰতিগৰাকী কৰ্মীৰ হেঁচাত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বৰ্তমান সংগঠনৰ উপদেষ্টাৰ বিষয়বাব ত্যাগৰ সিদ্ধান্ত সাময়িক স্থগিত ৰখা বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : চৰাইদেউৰ মাহমৰাত বিশ্ব ঐতিহ্য সপ্তাহ পালন