ETV Bharat / state

মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষা সন্দৰ্ভত ছেবাৰ সৈতে আছুৰ বৈঠক - মেট্ৰিক হাইমাদ্ৰাছা পৰীক্ষা

মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষা সন্দৰ্ভত ছেবা কৰ্তৃপক্ষৰে সৈতে বৈঠকত মিলিত হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব (AASU meets SEBA authority over HSLC exam) ৷ বৈঠকৰ অন্তত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৰাজহুৱা কৰিলে পৰীক্ষা ব্যৱস্থা সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় ৷

aasu-meets-seba-authority-over-hslc-exam
মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষা সন্দৰ্ভত ছেবাৰ সৈতে আছুৰ বৈঠক
author img

By

Published : Jan 28, 2022, 5:30 PM IST

গুৱাহাটী, ২৮ জানুৱাৰী: ছেবা কৰ্তৃপক্ষক সাক্ষাৎ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰ (AASU meets SEBA authority over HSLC exam)। সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা (AASU GS Sankor Jyoti Barua) সহিতে ৫জনীয়া প্ৰতিনিধি দলে শুকুৰবাৰে বামুনিমৈদামৰ কাৰ্যালত সাক্ষাৎকৰে ছেবা কর্তৃপক্ষক । আগন্তক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা সম্পৰ্কত ছেবাৰ অধ্যক্ষ ৰমেশ জৈনৰ সৈতে বৈঠকত মিলিত হয় সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্ব ।

সুকলমে পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন অভিযোগ সন্দৰ্ভতো আছুৱে ছেবা কৰ্তৃপক্ষক অৱগত কৰে । উল্লেখ্য যে, পৰীক্ষা অনুষ্ঠিত কৰিবলৈ কৰ্তৃপক্ষ সাজু হৈ আছে কিন্তু ক’ভিড পৰিস্থিতিয়ে দিব পৰা বাধাৰ মাজত পৰীক্ষা কিদৰে অনুষ্ঠিত কৰিব, পাঠ্যক্ৰম কেনেদৰে নিৰ্ধাৰণ কৰিব সেই সন্দৰ্ভত ছেবা অধ্যক্ষ গৰাকীৰ সৈতে এই বৈঠকত আলোচনা কৰা বুলি সদৰি কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ।

মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষা সন্দৰ্ভত ছেবাৰ সৈতে আছুৰ বৈঠক

গুৰুত্বপূৰ্ণ কথা যে, চলিত বৰ্ষত মুঠ ৪ লাখ ৩২ হাজাৰ ৮৮৪ গৰাকী শিক্ষাৰ্থীৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব । ইয়াৰে ৪ লাখ ২১ হাজাৰ ৫৭৮ গৰাকী ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু ১১হাজাৰ ৩০৬ গৰাকী ছাত্ৰ -ছাত্ৰী হাইমাদ্ৰাছাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব।

উল্লেখ্য যে, ছেবাই ক’ভিড পৰিস্থিতিৰ বাবে এইবেলি পৰীক্ষাৰ কেন্দ্ৰ বৃদ্ধি কৰিছে (SEBA to increase HSLC exam centers for Covid) । আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে যে, পূৰ্বৰ ৮৭৭ টা কেন্দ্ৰৰ সৈতে নতুনকৈ ২৫টা পৰীক্ষা কেন্দ্ৰ বৃদ্ধি কৰিছে ছেবাই ৷ বৰ্তমান মুঠ ৯০৩টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত কৰা হ’ব ৷ আনহাতে, বিগত বৰ্ষৰ ক’ভিডকালীন পৰিস্থিতিৰ বাবে ৬০ শতাংশ পাঠ্যক্ৰমৰ ওপৰতহে পৰীক্ষা অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : Kirtikamal Bora encounter case: কীৰ্তিকমল কাণ্ডক লৈ আমোলা পৰ্য্যায়ৰ তদন্তৰ বিৰোধ এজেপিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.