ETV Bharat / state

গৃহমন্ত্ৰীৰ এন আৰ চি সন্দৰ্ভত কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া লুৰিণজ্যোতি গগৈৰ

author img

By

Published : Nov 21, 2019, 7:59 PM IST

বুধবাৰে সংসদৰ মজিয়াত গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰিছিল সমগ্ৰ দেশতে আৰম্ভ কৰা হ’ব এন আৰ চিৰ কাম ৷ স্বাভাৱিকতে এই প্ৰক্ৰিয়াত অসমো অন্তৰ্ভুক্ত হ’ব । প্ৰশ্ন উঠিছে ইতিমধ্যে শ শ কোটি টকা ব্যয় কৰি উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত অসমত সম্পূৰ্ণ কৰি তোলা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন গুৰুত্বহীন হৈ পৰিব নেকি ?

গৃহমন্ত্ৰীৰ এন আৰ চি মন্তব্যক লৈ প্ৰতিক্ৰিয়া লুৰিণজ্যোতি গগৈৰ

গুৱাহাটী, ২১ নৱেম্বৰ: সমগ্ৰ দেশতে আৰম্ভ কৰা হ’ব এন আৰ চিৰ কাম বুধবাৰে সদনত এই মন্তব্য কৰিছিল ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে ৷ এই সন্দৰ্ভত বৃহস্পতিবাৰে ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷ অসমত এখন শুদ্ধ আৰু বিদেশীমুক্ত এন আৰ চিৰ বাবে আছুৱে পূৰ্বৰে পৰাই দাবী জনাই আহিছে ৷ বৰ্তমান যিখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পূৰ্ণ হৈ উঠিল সেয়া হৈছে অসম চুক্তিৰ আধাৰত। ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীকৰণৰ কাম পূৰ্বতেই হ’ব লাগিছিল বুলি উল্লেখ কৰি বৰ্তমান 70 বছৰ পিচ পৰি ৰৈছে বুলি কয় সাধাৰণ সম্পাদকগৰাকীয়ে ৷

এন আৰ চি সন্দৰ্ভত ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ

আনহাতে সমগ্ৰ দেশৰ লগতে অসমতো নতুনকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰা হ’ব বুলি যি মন্তব্য কৰিছে তাত বিজেপিৰ এক ৰাজনৈতিক উদ্দেশ্য লুকাই আছে বুলি কয় সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। এটা স্থায়ী ভোট বেংক তথা অবৈধ হিন্দু বিদেশীৰ ভোট বেংকৰ বাবে বিজেপিয়ে এই কাম কৰিবলৈ লৈছে বুলি কয় সদৌ অসম ছাত্ৰ সন্থাৰ নেতাগৰাকীয়ে ৷

লগতে চাওক-শিলঘাটৰ অসম সমবায় মৰাপাট কলত কৰ্মচাৰী আৰু পৰিচালন সঞ্চালকৰ মাজত শীতল যুদ্ধ

Intro:গুৱাহাটী, ২১ নৱেম্বৰ: সমগ্ৰ দেশতে এন আৰ চিৰ কাম আৰম্ভ কৰা হব আৰু স্বাভাৱিকতে এই প্ৰক্ৰিয়াত অসমো অন্তৰ্ভুক্ত হব । বুধবাৰে সংসদৰ মজিয়াত গৃহমন্ত্ৰী অমিত শ্বাহে এই মন্তব্য কৰাৰ পিছতে প্ৰশ্ন উঠিছে ইতিমধ্যে শ শ কোটি টকা ব্যয় কৰি উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত অসমত সম্পূৰ্ণ কৰি তোলা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন গুৰুত্বহীন হৈ পৰিব নেকি ?

Body:বৃহস্পতিবাৰে ই টিভি ভাৰতৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে অসমত এখন শুদ্ধ আৰু বিদেশীমুক্ত এন আৰ চিৰ বাবে আছুৱে পূৰ্বৰে পৰাই দাবী জনাই আহিছে । বৰ্তমান যিখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পূৰ্ণ হৈ উঠিল সেয়া হৈছে অসম চুক্তিৰ আধাৰত ।

Conclusion:শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশৰ লগতে অসমতো নতুনকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰা হব বুলি যি মন্তব্য কৰিছে তাত এক ৰাজনৈতিক উদ্দেশ্য লুকাই আছে । সদৌ অসম ছাত্র সন্থাই সেই ৰাজনৈতিক চক্ৰান্তৰ উমান ইতিমধ্যে পাইছে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.