ETV Bharat / state

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে চৰকাৰক দোষাৰোপ আছুৰ - এককালীন সাহায্য

ৰাজ্যত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য । বৰ্তমানলৈকে এই ক্ষেত্ৰত কোনো উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে প্ৰশাসন আৰু যোগান বিভাগৰ বিৰুদ্ধে ৷ চৰকাৰ-প্ৰশাসনৰ এনে নিস্ক্ৰিয় ভূমিকাত শেহতীয়াকৈ ক্ষোভ ব্যক্ত কৰে সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাই ।

price hike of essential comodities
price hike of essential comodities
author img

By

Published : Jun 29, 2020, 5:23 AM IST

গুৱাহাটী,28 জুন : লক ডাউন আৰু কৰ'ণাৰ সুযোগ গ্ৰহণ কৰি ৰাজ্যত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য । একাংশ ব্যৱসায়ীয়ে যিমান পাৰে নিজ ইচ্ছা মতে বঢ়াইছে দাম । যোগান বিভাগ আৰু প্ৰশাসনেও এই ক্ষেত্ৰত নেদেখাৰ ভাও ধৰা পৰিলক্ষিত হৈছে ৷ বৰ্তমানলৈকে এই ক্ষেত্ৰত কোনো উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে প্ৰশাসন আৰু যোগান বিভাগৰ বিৰুদ্ধে ৷

price hike of essential comodities
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে চৰকাৰক দোষাৰোপ আছুৰ

চৰকাৰ প্ৰশাসনৰ এনে নিস্ক্ৰিয় ভূমিকাত শেহতীয়াকৈ ক্ষোভ ব্যক্ত কৰে সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাই। সংগঠনটোৱে সংবাদ মাধ্যমলৈ এক প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰি চৰকাৰৰ ওচৰত কেইবাটাও দাবী উত্থাপন কৰে। বিশেষকৈ এই দুৰ্যোগৰ সময়ত প্ৰতিগৰাকী দৰিদ্ৰ লোকক অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ এককালীন সাহায্য প্ৰদান কৰিবলৈ দাবী জনায় সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাই ।

price hike of essential comodities
সংবাদ মাধ্যমলৈ প্ৰেছ বিজ্ঞপ্তি আছুৰ

তাৰোপৰি সঘনাই বৃদ্ধি পোৱা পেট্ৰ'পণ্যৰ মূল্যই ৰাইজক মাধমাৰ সোধোৱা বুলি উল্লেখ কৰি চৰকাৰক পেট্ৰ'পণ্যৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈও আহ্বান জনায় সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাই ৷ ইয়াৰ লগতে গুৱাহাটীত ব্যাপক হাৰত বৃদ্ধি পোৱা কোভিড-19 আক্ৰান্তৰ বাবে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে গুৱাহাটীবাসীক দোষাৰোপ কৰাতো দুৰ্ভাগ্যজন বুলি উল্লেখ কৰে প্ৰেছ বিবৃতিটোত ৷ তেওঁলোকে উল্লেখ কৰে যে নিজৰ ব্যৰ্থতা ঢাকিবলৈ এই মন্ত্ব্য কৰিছে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : কোভিদ-১৯ৰ সংক্ৰমণ ৰোধ কৰিব পৰা নাই চৰকাৰেঃ দেবব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.