ETV Bharat / state

১০০ শতাংশ পাঠ্যক্ৰমৰ ভিত্তিত অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা - সদৌ অসম ছাত্ৰ সন্থা

উচ্চতৰ মাধ্যমিক পৰীক্ষা সন্দৰ্ভত সংসদৰ সৈতে আছুৰ বৈঠক ( AASU AHSEC meet on HS exam)। প্ৰশ্ন কাকতত থাকিব কেইবাটাও বিকল্প প্ৰশ্ন । ১০ টাকৈ বিকল্প প্ৰশ্ন ৰাখিব প্ৰশ্ন কাকতত। যাতে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ পছন্দ অনুসৰি প্ৰশ্ন বাচনি কৰি উত্তৰ লিখিব পাৰে । এই বিকল্প ১০ প্ৰশ্নৰ ফলত সুবিধা হ'ব ছাত্ৰ-ছাত্ৰীৰ ।

aasu-ahsec-meet-on-hs-exam
১০০ শতাংশ পাঠ্যক্ৰমৰ ভিত্তিত অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা
author img

By

Published : Feb 4, 2022, 10:46 AM IST

গুৱাহাটী, ৩ ফেব্ৰুৱাৰী : আগন্তুক উচ্চতৰ মাধ্যমিক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন সমস্যা সন্দৰ্ভত আজি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোঁহাই বৰুৱাৰ সৈতে বৈঠকত মিলিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দল ( AASU AHSEC meet on HS exam) । উল্লেখ্য যে কলা, বাণিজ্যিক, বিজ্ঞান আৰু ভকেশ্বনেল শিক্ষাৰ এই চাৰিটা শাখাত অনুষ্ঠিত হ'ব লগা পৰীক্ষাত অৱতীৰ্ণ হ'ব ২ লাখ ১৫ হাজাৰ ২২ গৰাকী ছাত্ৰ ছাত্ৰী (Assam higher secondary exam 2022) । পৰীক্ষাৰ বাবে সংসদে ১০০ শতাংশ পাঠ্যক্ৰমেৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ।

১০০ শতাংশ পাঠ্যক্ৰমৰ ভিত্তিত অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা

বৈঠকৰ অন্তত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ কথা চিন্তা কৰি এই বিষয়টো সংসদে গুৰুত্ব সহকাৰে লোৱা বুলি কয় আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই (AASU GS Sankorjyoti Baruah) । তেওঁ কয় যে ১০০ শতাংশ পাঠ্যক্ৰমৰ ভিত্তিত পৰীক্ষা অনুষ্ঠিত হ'লেও থাকিব বিকল্প ব্যৱস্থা (HS exam based on complete syllabus) । পৰীক্ষা অনুষ্ঠিত হোৱা কেন্দ্ৰ বৃদ্ধিৰ পোষকতা কৰে ছাত্ৰ সন্থাই । এইবাৰ ৩৫ হাজাৰ পৰীক্ষাৰ্থী হ্ৰাস পাইছে বিগত সময়তকৈ ।

ছাত্ৰ-ছাত্ৰী হ্ৰাস পোৱা সন্দৰ্ভত আলোচনা কৰিবলৈ আছু নেতৃত্বই সংসদক আহ্বান জনায় । বৈঠকত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে কেইবাজনো প্ৰতিনিধি উপস্থিত আছিল । ক'ভিড মহামাৰীৰ বাবে বিগত বৰ্ষত মেট্ৰিক পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা এক গভীৰ চিন্তা হিচাপে সকলোৰে সমুখত থিয় দিছিল । ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সবাতোকৈ মুখ্য পৰীক্ষা দুটাই অনুষ্ঠিত কৰিব পৰা সুবিধা নথকাত বহু ছাত্ৰ-ছাত্ৰী মানসিক ভাৱেও ভাগি পৰিছিল ।

এইবাৰো একেই পৰিস্থিতিত পৰি কৰ'ণাৰ বাবে পাঠদান ভালদৰে নোহোৱাৰ পৰিপ্ৰেক্ষিতত ভয় আৰু শংকাৰ মাজত থকাৰ বাবে সকলোকে ভয় আঁতৰ কৰি কিদৰে পৰীক্ষাৰ বাবে সাজু হ'ব সেই সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। তদুপৰি ছাত্ৰ-ছাত্ৰী সন্দৰ্ভত অন্য বিষয়ৰ ওপৰতো আলোচনা কৰে আছুৱে । শংকৰ জ্যোতি বৰুৱাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি ১০০ শতাংশ পাঠ্যক্ৰমৰ ওপৰতেই প্ৰশ্ন কাকত আহিব। কিন্তু প্ৰশ্ন কাকতত থাকিব কেইবাটাও বিকল্প প্ৰশ্ন।

১০ টা কৈ বিকল্প প্ৰশ্ন ৰাখিব প্ৰশ্ন কাকতত। যাতে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ পছন্দ অনুসৰি প্ৰশ্ন বাচনি কৰি উত্তৰ লিখিব পাৰে। এই বিকল্প ১০ প্ৰশ্নৰ ফলত সুবিধা হব ছাত্ৰ-ছাত্ৰীৰ। উল্লেখ্য যে ২৮ জানুৱাৰীত ছেবাৰ সৈতে এক আলোচনাৰ পাছত আছুৱে সদৰি কৰিছিল যে মেট্ৰিকৰ প্ৰশ্ন কাকত আৰু পাঠ্যক্ৰম সন্দৰ্ভত কিছু তথ্য। পূৰ্বৰ মেট্ৰিকৰ আলোচনা অনুসৰি মুঠ পাঠ্যক্ৰমৰ ৬০ শতাংশৰেহে ১০০ নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক : Rajya Sabha election: কোনো পৰিস্থিতিতে ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাৰ্থী নহয় ভূপেন বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.