ETV Bharat / state

Manipur Violence: কেন্দ্ৰ চৰকাৰৰ নীৰৱতাৰ বিৰুদ্ধে গুৱাহাটীত প্ৰতিবাদী সমদল আপৰ - গণেশগুৰি

মহানগৰী গণেশগুৰিত আপৰ প্ৰতিবাদ ৷ মণিপুৰত চলি থকা হিংসা আৰু কেন্দ্ৰীয় চৰকাৰৰ নীৰৱতাৰ বিৰুদ্ধে শিখা সমদল আপ দলৰ ৷ ‘কেন্দ্ৰীয় চৰকাৰে মণিপুৰৰ পৰিস্থিতি সমাধানৰ বাবে কোনো অৰ্থপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা নাই।’

AAP Candle March at Guwahati
কেন্দ্ৰীয় চৰকাৰৰ নীৰৱতাৰ বিৰুদ্ধে শিখা সমদল আপ দলৰ
author img

By

Published : Jul 25, 2023, 10:01 PM IST

কেন্দ্ৰীয় চৰকাৰৰ নীৰৱতাৰ বিৰুদ্ধে শিখা সমদল আপ দলৰ

গুৱাহাটী,25 জুলাই: সমগ্ৰ দেশৰ লগতে অসমৰ সমষ্টিয়ে সমষ্টিয়ে মণিপুৰত চলি থকা হিংসা আৰু কেন্দ্ৰীয় চৰকাৰৰ নীৰৱতাৰ বিৰুদ্ধে শিখা সমদল আপ দলৰ । মঙলবাৰে সন্ধিয়া আপ দলৰ দলীয় কৰ্মীয়ে গুৱাহাটীৰ গণেশগুৰিত প্ৰতিবাদ সাব্যস্ত কৰে । শিখা সমদলত অংশ লয় আপ অসমৰ সমন্বয়ক ভৱেন চৌধুৰীয়ে ৷

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সমালোচনা কৰি চৌধুৰীয়ে কয়,’ বিগত তিনিমাহ ধৰি মণিপুৰত হিংসা আৰু নৃশংসতাই আগুৰি ধৰিছে, যাৰ ফলত সংসদৰ পৰা ৰাজপথলৈ সৰ্বত্ৰে ক্ষোভৰ প্ৰতিফলন হৈছে । আশ্চৰ্যজনকভাৱে মানুহক আক্ৰমণ কৰা হৈছে আৰু তেওঁলোকৰ ঘৰ-দুৱাৰ জ্বলাই দিয়া হৈছে । নাৰীৰ ওপৰত হোৱা হিংসাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । পৰিতাপৰ বিষয় যে মণিপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে যেন অধিক উচটনিহে দিছে । কেন্দ্ৰীয় চৰকাৰে মণিপুৰৰ পৰিস্থিতিৰ সমাধানৰ বাবে কোনো অৰ্থপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা নাই।’’

তেওঁ আৰু কয় যে, নাৰীৰ বিৰুদ্ধে চলি থকা বৰ্বৰ ঘটনা সংঘটিত কৰা সকলৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । চকুৰ আগত হিংসাৰ জুই দপদপকৈ জ্বলি থকা দেখিও ৰাজ্য আৰু কেন্দ্ৰ উভয় চৰকাৰেই মৌন হৈ আছে । এনে উদাসীনতা আৰু নিষ্ক্ৰিয়তাক সহ্য কৰিব নোৱাৰি । অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ বাবে মণিপুৰৰ পৰা আন ৰাজ্যলৈ হাজাৰ হাজাৰ লোকে পলায়ন কৰিছে ৷’

উল্লেখ্য যে মঙলবাৰে দিল্লীৰ যন্তৰ মন্তৰত মণিপুৰৰ ঘটনাক লৈ আপে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ প্ৰতিবাদত অংশ লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সমালোচনা কৰিছিল মোদী চৰকাৰক ৷ ‘‘মণিপুৰ জ্বলি থকাৰ সময়ত প্ৰধানমন্ত্ৰী লুকাই থাকিব নোৱাৰে, সংকটৰ সময়ত জনসাধাৰণে নিজৰ নেতাৰ ওচৰলৈ যোৱাটো স্বাভাৱিক । কিয় প্ৰধানমন্ত্ৰীয়ে মৌন হৈ আছে ’’ বুলিও প্ৰশ্ন কৰে ৷ মণিপুৰলৈ শান্তি ঘুৰাই অনিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনায় আপৰ ৰাষ্ট্ৰীয় সমন্বয়ক অৰবিন্দ কেজৰিৱালে।

লগতে পঢ়ক:Manipur Solidarity Day: ৰাজ্যজুৰি মণিপুৰ সংহতি দিৱস পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.