ETV Bharat / state

Electricity tariff hike: পুঁজিপতি গোষ্ঠীৰ বিদ্যুৎ চুৰিৰ কু-ফল ভুগিছে নেকি সাধাৰণ জনতাই

author img

By

Published : Jan 31, 2023, 9:37 PM IST

বিদ্যুৎ মাচুল পুনৰ বৃদ্ধি কৰিবলৈ APDCL এ গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা বিৰোধী দল সমূহৰ (Electricity tariff hike in Assam) ৷ মঙলবাৰে এখন সংবাদমেল যোগে চৰকাৰ আৰু APDCL ক তীব্ৰ সমালোচনা আম আদমি পাৰ্টি অসমৰ ৷ জনসাধাৰণৰ মূৰত ৰাম টাঙোন নোশোধাবলৈ চৰকাৰক আহ্বান ৷

Electricity tariff hike in Assam
বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্তৰ বিৰোধিতা আপৰ

গুৱাহাটী, 31 জানুৱাৰী: ৰাজ্যৰ জনসাধাৰণক মাধমাৰ শোধাই পুনৰ APDCL এ বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে আম আদমি পাৰ্টি অসমে (AAP opposes Electricity tariff hike) । গুৱাহাটীৰ আপৰ মুখ্য কাৰ্যালয়ত মঙলবাৰে আয়োজন কৰা এখন সংবাদমেলত আপৰ যুটীয়া সমন্বয়ক জিতুল ডেকাই কয় যে, APDCL এ FPPI ৰ দোহাই দি যোৱা আগষ্ট মাহৰ পৰা ধাৰাবাহিকভাৱে বিদ্যুৎ মাচুল বৃদ্ধি কৰি আহিছে । সোমবাৰে মুখ্যমন্ত্ৰীয়ে কৈছিল যে, বিদ্যুৎ চুৰি বৃদ্ধি হৈছে তাৰ বাবে APDCL ৰ লোকচান হৈছে (APDCL decides to hike Electricity tariff) ।

সংবাদমেলত জিতুল ডেকাই কয় যে, বিদ্যুৎ সাধাৰণ ৰাইজে চুৰি কৰা নাই ৷ বিদ্যুৎ চুৰি কৰিছে বৃহৎ পুঁজিপতি গোষ্ঠীয়ে । এই চুৰি কাৰ্যত সহায় কৰিছে APDCL ৰ বিষয়াই । কিন্তু সাধাৰণ ৰাইজৰ মূৰত এই লোকচানৰ বোজা জাপি দিব বিচৰা হৈছে । এই সন্দৰ্ভত সংবাদমেলত তথ্য দেখুৱাই তেওঁ কয় যে, গৃহ শক্তি ষ্টিল নামৰ প্ৰতিষ্ঠান এটাৰ বিদ্যুৎ চুৰি কাৰ্য ধৰা পেলাইছিল APDCL ৰ 6 জনীয়া এটা বিষয়াৰ দলে । এই কাৰ্যৰ বাবে জৰিমনা বিহাৰ পৰিৱৰ্তে চুৰি কাৰ্য ধৰা পৰাৰ পিচদিনাই এখন তথাকথিত কমিটি গঠন কৰি প্ৰতিষ্ঠানটোক ৰেহাই দিয়া হ’ল । এই কথা Consumer Grievances Redressal Forum ত C.P Case No 20/21 মৰ্মে হোৱা শুনানিৰ অৰ্ডাৰত স্পষ্টকৈ উল্লেখ আছে (Electricity tariff hike)।

আনহাতে বৰাকৰ এটা উদ্যোগৰ 25 কোটি টকাৰ বিল 4 কোটি টকালৈ হ্ৰাস কৰি ৰেহাই দিয়ে । এনে কাৰ্যৰ বাবে APDCL ৰ যি লোকচান হৈছে তাৰ বোজা ৰাইজৰ ওপৰত জাপি দিলে নহ’ব বুলি জিতুল ডেকাই মন্তব্য কৰে । APDCL যদিও এটা কোম্পানী হিচাপে পৰিচিত, বাস্তৱিকতে ইয়াৰ 100 শতাংই মালিকীস্বত্ব অসম চৰকাৰৰ । গতিকে APDCL এ গ্ৰহণ কৰা জনবিৰোধী কাৰ্যৰ বাবে অসম চৰকাৰ সম্পূৰ্ণভাৱে জগৰীয়া বুলি তেওঁ ব্যক্ত কৰে ।

যিহেতু চৰকাৰখনে নিজকে জন-দৰদী বুলি জাহিৰ কৰিব বিচাৰে গতিকে জনতাক বৰ্দ্ধিত বিদ্যুৎ মাচুলৰ পৰা ৰেহাই দিবলৈ মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেটত (Assam cabinet in Dibrugarh) নতুন প্ৰকল্প নিৰ্মাণৰ যি পৰিকল্পনা লৈছে তাৰে এটা প্ৰকল্পৰ বাবে খৰচ কৰিবলগীয়া পুঁজি APDCL ক অনুদান হিচাপে দি লোকচান পূৰণ কৰিবলৈ আহ্বান আপৰ । APDCL ৰ ভিতৰত যি কেলেংকাৰী, দুৰ্নীতি, অপচয় চলি আছে (Scam in APDCL) তাৰ বাবেহে APDCL ৰ লোকচান হৈছে বুলি সংবাদমেলত আপৰ নেতাগৰাকীয়ে মন্তব্য কৰে । মুখ্যমন্ত্ৰীক ইয়াৰ বাবে তদন্ত দিবলৈ দাবী জনায় ।

আনহাতে, মুখ্যমন্ত্ৰীয়ে 12 টকাকৈ প্ৰতি ইউনিট বিদ্যুৎ ক্ৰয় কৰি 4 টকাকৈ উপভোক্তাক দিয়া বুলি যি মন্তব্য কৰিছে, সেই কথা সম্পূৰ্ণ মিছা বুলি দাবী কৰে জিতুল ডেকাই ৷ এই সন্দৰ্ভত সংবাদমেলত APDCL এ বিভিন্ন প্ৰতিষ্ঠানৰ পৰা বিদ্যুৎ ক্ৰয় কৰা নিৰিখৰ তালিকাৰ আন এক তথ্য দেখুৱাই আপৰ নেতাগৰাকীয়ে । মুখ্যমন্ত্ৰীক হয়তো এই বিষয়ত APDCL ৰ কোনো বিষয়াই বিপথে পৰিচালনা কৰিছে বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক: Power tariff hike in Assam: বিদ্যুৎ মাচুল বৃদ্ধি বিৰুদ্ধে আন্দোলন ঘোষণা অসম তৃণমূল কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.