ETV Bharat / state

AAP demands resignation of Assam Governor: সংবিধান বিৰোধী কৰ্মত লিপ্ত হৈছে ৰাজ্যপাল: আপ - Demand for Gulab Chand Katarias resignation

দেশৰ সাংবিধানিক মৰ্যাদা আৰু নিয়মক ভৰিৰে মোহাৰি অসমৰ ৰাজ্যপাল গুলাব সিং কাটাৰিয়াই BJP ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা কাৰ্যৰ বিৰোধিতা আম আদমি পাৰ্টীৰ । সংবাদমেল সম্বোধন কৰি ৰাজ্যপালৰ পদত্যাগৰ দাবী AAP ৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ ।

AAP opposes Assam Governor's election campaign in Rajasthan
ৰাজস্থানত অসমৰ ৰাজ্যপালে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বিৰোধিতা AAP ৰ
author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 7:07 PM IST

ৰাজস্থানত অসমৰ ৰাজ্যপালে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বিৰোধিতা AAP ৰ

গুৱাহাটী,১৫ নৱেম্বৰ: ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰত অসমৰ ৰাজ্যপালে অংশগ্রহণ কৰাৰ বিৰোধীতাৰে AAPৰ সংবাদমেল ৷ সংবাদমেল সম্বোধন কৰি ৰাজ্যপালৰ পদত্যাগৰ দাবী আম আদমি পাৰ্টীৰ । বুধবাৰে আম আদমি পাৰ্টীৰ গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত এখনি সংবাদমেল সম্বোধন কৰি ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে অসমৰ ৰাজ্যপালগৰাকীৰ পদত্যাগৰ দাবী কৰি কয় যে ৰাজ্যপালৰ আসনৰ গৰিমা লাঘৱ কৰিছে গুলাব সিং কাটাৰিয়াই ।

লগতে তেওঁ কয় যে ৰাজ্যপাল গুলাব সিং কাটাৰিয়াই ৰাজস্থানৰ উদয়পুৰত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাতৰি প্ৰকাশ হৈছিল ৷ সংবিধান ৰক্ষাৰ দায়িত্বত থাকিও সংবিধান বিৰোধী কৰ্মত লিপ্ত হৈছে ৰাজ্যপাল গুলাব সিং কাটাৰিয়া । ভাৰতবৰ্ষৰ ৰাজনীতিত নোহোৱা-নোপোজা এক পৰিঘটনাৰে কালিমা সানিছে ৰাজ্যপালগৰাকীয়ে ।

লগতে তেওঁ উল্লেখ কৰে যে এখন ৰাজ্যৰ ৰাজ্যপালগৰাকী সাংবিধানিক মুৰব্বী ৷ ৰাজনীতিৰ উৰ্দ্ধত থাকি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ৰাজ্যখনত সংবিধান ৰক্ষাৰ দায়িত্ব ৰাজ্যপালৰগৰাকীৰ ৷ কিন্তু সকলোৰে চকু কপালত উঠাই অসমৰ ৰাজ্যপালে ৰাজস্থানৰ উদয়পুৰত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে ৷ এয়া কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰে ।

এই সন্দৰ্ভত আম আদমি পাৰ্টীয়ে নিৰ্বাচনী আয়োগলৈ লিখিত অভিযোগ প্ৰেৰণ কৰিব বুলিও জানিবলৈ দিয়ে AAP ৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ৷ ইয়াৰোপৰি আম আদমি পাৰ্টীয়ে ৰাষ্ট্ৰপতিলৈও পত্ৰ লিখিব বুলি সংবাদমেলত জানিবলৈ দিয়ে । লগতে উল্লেখ কৰে যে ইয়াৰ পূৰ্বেও বিজেপিৰ হৈ নিৰ্বাচনত অবতীৰ্ণ হ'বৰ বাবে মিজোৰামৰ তেতিয়াৰ ৰাজ্যপাল কুম্মানম্‌ ৰজাশেখৰণ প্ৰস্তুতি চলাইছিল যদিও ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতে ৰাজ্যপালৰ পদবীৰ পৰা পদত্যাগ কৰিহে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছিল । কিন্তু ৰাজস্থানৰ নিৰ্বাচনী প্ৰচাৰত অসমৰ ৰাজ্যপালগৰাকী পোনপটীয়াকৈ নামি পৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰে AAP ৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে ।

লগতে পঢ়ক: BJP leader arrested: ঘনিষ্ঠ হ’লেও কেৰামতৰ কেৰামতালী নসহে বিধায়ক মানৱ ডেকাই

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.