ETV Bharat / state

AAP protest Guwahati: ধৰ্ষণৰ অভিযুক্ত বিজেপি নেতা সমুদ্ৰ ৰায়ক গ্ৰেপ্তাৰৰ দাবীত গুৱাহাটীত আপৰ প্ৰতিবাদ

author img

By

Published : May 15, 2023, 4:30 PM IST

আজি পৰ্যন্ত গ্ৰেপ্তাৰ হোৱা নাই ধৰ্ষণকাৰী বিজেপি নেতা সমুদ্ৰ ৰায় (rape accused of BJP leader) ৷ এতিয়াও পলাতক হৈ আছে বিজেপি সদস্যজন ৷ ধৰ্ষণকাৰী সমুদ্ৰ ৰায়ৰ গ্ৰেপ্তাৰৰ দাবীত গুৱাহাটীত আপৰ উত্তাল প্ৰতিবাদ ৷

aap hold protest
গুৱাহাটীত আপৰ প্ৰতিবাদ
গুৱাহাটীত আপৰ প্ৰতিবাদ

গুৱাহাটী, ১৫ মে : বিজেপি চৰকাৰৰ দিনতেই এইয়া সম্ভৱ, দলৰ আশীৰ্বাদ মূৰত লৈয়েই ধৰ্ষণৰ অভিযোগত অভিযুক্ত হৈয়ো ৰঙাঘৰত সোমোৱা নাই বিজেপি সদস্য সমুদ্ৰ ৰায় লিম্বু ৷ তিনিচুকীয়াত সংঘটিত হোৱা এক ধৰ্ষণকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ নকৰাক লৈ এতিয়া এনেদৰেই অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ ধৰ্ষণৰ ঘটনাই আজি দুমাহ উকলি যোৱাৰ পাচতো ন্যায় বিচাৰি হাবাথুৰি খাইছে ধৰ্ষিতাৰ পৰিয়ালে ৷

তিনিচুকীয়াৰ এই কিশোৰী বলাৎকাৰৰ ঘটনাই ভবাই তুলিছিল সকলোকে ৷ ঘটনাৰ কথা পোহৰলৈ অহাৰ লগে লগে পলাই যায় পঞ্চায়তৰ সদস্য তথা বিজেপি নেতা সমুদ্ৰ ৰায় লিম্বু ৷ এতিয়া ধৰ্ষণকাৰীক গ্ৰেপ্তাৰৰ প্ৰতিবাদত ঠায়ে ঠায়ে হৈছে প্ৰতিবাদ ৷ সমুদ্ৰ ৰায়ক গ্ৰেপ্তাৰৰ দাবীত দীঘলীপুখুৰীৰ পাৰত আপ অসমে প্ৰতিবাদ সাব্যস্ত কৰে (rape accused of BJP leader) ।

আপ অসমে সমদল কৰি তিনিচুকীয়াৰ ঘটনাৰ তদন্ত বিচাৰি দোষীক শাস্তি দিয়াৰ দাবীৰে DGP কাৰ্যালয়লৈ স্মাৰক পত্ৰ দিবলৈ যাওঁতে আৰক্ষীয়ে বাধা প্ৰদান কৰে আপ কৰ্মীসকলক । আৰক্ষীয়ে বাধা প্ৰদান কৰাত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হয় ।

তিনিচুকীয়াৰ এগৰাকী নাবালিকাক ধৰ্ষণ কৰা বিজেপি দলৰ পালিনেতা সমুদ্ৰ ৰায় গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই আপে সোমবাৰে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত আপ মহিলা শক্তি, আপ যুৱ শক্তি, আপ সংখ্যা লঘু শক্তি, আপৰ ছাত্ৰ সংগঠন ছাত্ৰ যুৱ সংগ্ৰাম সমিতি আৰু আপ অসমৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সদস্যসকলে অংশগ্ৰহণ কৰে (AAP hold protest against rape accused) ।

প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ পোষ্টাৰলৈ বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে । তিনিচুকীয়াৰ এগৰাকী নাবালিকাক ধৰ্ষণ কৰা বিজেপি দলৰ পালিনেতা সমুদ্ৰ ৰায়ক এতিয়াও অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো হিমন্ত চৰকাৰৰ গৃহ বিভাগৰ বিফলতা বুলি অভিযোগ কৰে আপৰ প্ৰতিবাদকাৰীসকলে ।

কাৰ্যসূচীত অংশ লৈ দলৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰীয়ে কয় তিনিচুকীয়াৰ ধৰ্ষণকাণ্ডৰ দুমাহ হৈ যোৱাৰ পিচতো আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ নকৰাটো চৰকাৰৰ বিফলতা । বৰ্তমান চৰকাৰখনৰ নিৰ্দেশত আৰক্ষীয়ে সৰু সৰু দোষৰ বাবে আন ৰাজ্যলৈ গৈ দোষীক গ্ৰেপ্তাৰ কৰে কিন্তু বিজেপিৰ কৰ্মকৰ্তা হোৱাৰ বাবে অভিযুক্ত সমুদ্ৰ ৰায়ক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিবলৈ বিচৰা নাই ।

দলৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই ৪৮ ঘন্টাৰ ভিতৰত অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় । যোৱা ২১ মাৰ্চতে ভুক্তভোগী পৰিয়ালটোৱে বৰডুবি থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰা বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে । প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে আটক কৰি চচললৈ লৈ যায় ।

লগতে পঢ়ক : Wrong treatment: ফাৰ্মাচিষ্টৰ ভুল চিকিৎসাৰ বলি হৈ মহিলাৰ মৃত্যু ! পলাতক ফাৰ্মাচিষ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.