ETV Bharat / state

AAP Assam protest: গুৱাহাটীবাসীৰ খোৱাপানীৰ সমস্যা সমাধানৰ দাবীত পৌৰ নিগমৰ কাৰ্যালয় ঘেৰাও আপৰ

author img

By

Published : Jun 6, 2023, 6:22 PM IST

মঙলবাৰেও গুৱাহাটীত প্ৰতিবাদত নামিল আম আদমী পাৰ্টী অসমৰ কাৰ্যকৰ্তাসকল ৷ পৌৰ নিগমৰ কাৰ্যালয় ঘেৰাও কৰি অতি শীঘ্ৰে গুৱাহাটীবাসীৰ জল সংকট দূৰ কৰাৰ বাবে দাবী জনায় আপ অসমে (Guwahati drinking water crisis news) ৷

AAP Assam protest
AAP Assam protest
পৌৰ নিগমৰ কাৰ্যালয় ঘেৰাও আপৰ

গুৱাহাটী, 6 জুন: গুৱাহাটীবাসীৰ পানীৰ সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে আপ, অসমৰ কাৰ্যকর্তাসকলে ৷ সোমবাৰে জনতা ভৱনৰ সমুখত প্ৰতিবাদ সাব্যস্ত কৰা দলটোৱে মঙলবাৰেও উজানবজাৰত থকা গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে- কার্ড লৈ গুৱাহাটীবাসীক পানী দিয়ক, মেয়ৰ মৃগেন শৰণীয়াই গুৱাহাটী বাসীক ক্ষমা খোজক, মন্ত্রী অশোক সিংহলে পদত্যাগ কৰক, বিজেপি চৰকাৰ মূৰ্দাবাদ, জিএম চি হুছিয়াৰ, মুখ্যমন্ত্ৰী হায় হায় আদি শ্লোগান দি পৌৰ নিগমৰ কাৰ্যালয় সন্মুখলৈ সমদল উলিয়ায় (AAP protest against Assam Govt)।

কিন্তু আপৰ প্ৰতিবাদীকাৰীসকলক আৰক্ষীয়ে বাধা প্রদান কৰে ৷ প্ৰতিবাদত অংশ গ্ৰহণ কৰা আপ, অসমৰ ৰাজ্যিক উপ সভাপতি জিতুল ডেকাই কয় যে, গুৱাহাটীৰ বাসিন্দা সকলে এটুপি পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে । কিন্তু পানী যোগান দিব বুলি প্ৰতিশ্ৰুতি দিয়া 7 বছৰীয়া বিজেপি চৰকাৰ খনে গুৱাহাটী মহানগৰবাসীক প্ৰবঞ্চনা কৰিছে (Water crisis in Guwahati city)।

লগতে পঢ়ক: AAP protest: গুৱাহাটীবাসীৰ পানীৰ সমস্যা সমাধান কৰিব নোৱাৰা চৰকাৰৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ

তেওঁ লগতে কয় যে, গুৱাহাটীৰ কাষেৰে বিশাল ব্ৰহ্মপুত্ৰ বৈ যোৱাৰ পিচতো ইয়াৰ পানী সংশোধন কৰি গুৱাহাটীবাসীক পানী যোগান ধৰিব নোৱাৰাটো বিজেপি চৰকাৰৰ অন্যতম বিফলতা । গুৱাহাটীবাসীৰ মৌলিক প্রয়োজন এটুপি খোৱা যোগান দিব নোৱাৰা পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই জনসাধাৰণৰ মূৰত কেৱল কৰৰ বোজা জাপি দিয়েই দায়িত্ব পালন কৰিছে বুলি কয় জিতুল ডেকাই (Guwahati drinking water crisis news) ।

ইয়াৰ লগতে, পৌৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত নিয়মিত পানী যোগানৰ প্ৰতিশ্ৰুতি দিয়া মেয়ৰ মৃগেন শৰণীয়াক গুৱাহাটীবাসীৰ ওচৰত ক্ষমা খোজাৰ বাবে তেওঁ দাবী জনায় (AAP protest against Guwahati water crisis) ৷

জিতুল ডেকাই আৰু কয় যে, খোৱা পানীৰ সমস্যাৰ কথা ক’লে সততে পানী যোগানৰ প্ৰতিশ্ৰুতি দিয়া গুৱাহাটী উন্নয়ন বিভাগৰ অকর্মন্য, অদক্ষ মন্ত্রী অশোক সিংহলে পদত্যাগ কৰা উচিত ৷ গুৱাহাটীবাসীৰ পানীৰ সমস্যা সমাধান কৰিবলৈ আপ, অসমে চৰকাৰক দাবী জনোৱাৰ লগতে ইয়াৰ দাবীত ধাৰাবাহিক প্রতিবাদ চলি থাকিব বুলি মন্তব্য কৰে (AAP protest news)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.