ETV Bharat / state

ডিমা হাছাওৰ নিৰ্বাচন : 'আপ’ৰ পাঁচজনীয়া প্ৰথমখন প্ৰার্থী তালিকা প্ৰকাশ - ডিমা হাছও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

Dima Hasao Autonomous Council polls : 8 জানুৱাৰীত ডিমা হাছাওৰ নিৰ্বাচন ৷ বিজেপিৰ সমানে মঙলবাৰে আপ দলেও ঘোষণা কৰিলে প্ৰাৰ্থীৰ তালিকা ৷

Dima Hasao Autonomous Council polls
8 জানুৱাৰীত ডিমা হাছাওৰ নিৰ্বাচন
author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 10:43 PM IST

গুৱাহাটী, 19 ডিচেম্বৰ : পাহাৰীয়া জিলা ডিমা হাছাওত এতিয়া নিৰ্বাচনী গৰম বা বলিছে । 8 জানুৱাৰীত অনুষ্ঠিত হ’ব ডিমা হাছও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন । সকলো দলেই পৰিষদীয় নিৰ্বাচনৰ বাবে টঙালি বান্ধি ৰণত নামিছে । পিচ পৰি থকা নাই আম আদমি পাৰ্টী চমুকৈ আপ । অসমত ভেঁটি বিশেষ শক্তিশালী নহ’লেও কিন্তু থমকি ৰোৱা নাই দিল্লী আৰু পাঞ্জাৱত ক্ষমতা দখল কৰা দলটো ।

শাসকীয় দল বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ লগতে আজি আপেও ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰার্থী তালিকা প্ৰকাশ কৰে । দলটোৰ ৰাষ্ট্ৰীয় তত্বাৱধায়ক ৰাজেশ শৰ্মা আৰু ৰাজ্যিক সভাপতি ভবেন চৌধুৰী স্বাক্ষৰিত এক ঘোষণা পত্ৰত পাঁচটা সমষ্টিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হয় ।

সেই অনুসৰি হাফলং সমষ্টিত বাপোজিত লাংথাছা, বৰাইল সমষ্টিত লামখোনেম হেঙনা, দিয়ুঙৰ্বা সমষ্টিত প্ৰোমেন্দ্ৰ লাংথাছা, গৰমপানী সমষ্টিত বাপোজিত লাংথাছা আৰু খাৰথোং সমষ্টিত কেনেথ নামপুইক প্ৰাৰ্থিত্ব প্ৰদান কৰে আপে । পাঁচটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পাচতে সভাপতি ডাঃ ভবেন চৌধুৰীয়ে শীঘ্ৰে দ্বিতীয়খন প্রার্থী তালিকা প্ৰকাশ কৰা হ’ব বুলি জানিবলৈ দিয়ে ।

পাৰ্বত্য জিলাখনৰ জনসাধাৰণক ‘আপ’ৰ প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰাৰ বাবে আহ্বান জনাই দলীয় নেতৃত্বই জিলাখনৰ শিক্ষা খণ্ডৰ পৰা আৰম্ভ কৰি স্বাস্থ্য, পথ যোগাযোগ, আন্তঃগাঁথনিসহ পর্যটন, কৃষি, জলসিঞ্চন, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে খোৱাপানীৰ সমস্যা দূৰ কৰাৰ লগতে বন, পশুপালন বিভাগ, ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰত প্ৰভূত উন্নয়ন কৰা হ’ব প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।

লগতে ‘আপ’ দলৰ আৰ্হিৰে নিৰ্বাচনৰ অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক প্ৰাৰ্থীসকলক 6913240496 ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই দলৰ নেতৃত্বই । উল্লেখ্য যে, ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন 8 জানুৱাৰীত অনুষ্ঠিত হ’ব আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব 12 জানুৱাৰীত ।

লগতে পঢ়ক : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন: বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.