ETV Bharat / state

মালিগাঁৱত মহিলাক আক্ৰমণ নাহৰফুটুকীৰ; মোহনবাৰীত আৰ্মি কেম্পত ওলাল বাঘ

author img

By

Published : Apr 19, 2022, 4:21 PM IST

Updated : Apr 19, 2022, 9:14 PM IST

মহানগৰীৰ পাণ্ডুৰ লোক কলনীত নাহৰফুটুকীৰ ত্ৰাস (Leopard menace at Pandu in Guwahati) ৷ নাহৰফুটুকীৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত মঞ্জু ভট্টাচাৰ্য নামৰ এগৰাকী মহিলা ৷ সম্প্ৰতি আহত মহিলা গৰাকীক GMCH ত ভৰ্তি কৰোৱা হৈছে ।

পাণ্ডুৰ লোক কলনীত নাহৰফুটুকীৰ ত্ৰাস
পাণ্ডুৰ লোক কলনীত নাহৰফুটুকীৰ ত্ৰাস

গুৱাহাটী/মৰাণ, 19 এপ্ৰিল : মহানগৰীৰ মালিগাঁৱৰ পাণ্ডুত অঘটন ৷ পাণ্ডুৰ লোক কলনীত মঙলবাৰে পুৱা এটা নাহৰফুটুকীয়ে ৰাজপথতে আক্ৰমণ কৰে মঞ্জু ভট্টাচাৰ্য নামৰ এগৰাকী মহিলাক ৷ নাহৰফুটুকীৰ আক্ৰমণত গুৰত্বৰভাৱে আহত হয় মহিলাগৰাকী । আহত মহিলাগৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৷

ইপিনে মহিলা গৰাকীক আক্ৰমণ কৰাৰ পিছতে নাহৰফুটুকীটো মহানগৰীৰ L44 নম্বৰৰ এটা ৰে’লৱে কোৱাটাৰ ভিতৰত প্ৰৱেশ কৰে ৷ এই ঘটনাক কেন্দ্ৰ কৰি পুৱাৰে পৰা অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে ৷ ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় বন বিভাগৰ লোকক ৷ পৰৱৰ্তী সময়ত কেইবা ঘন্টাজোৰা প্ৰচেষ্টাৰ অন্তত বন বিভাগৰ লোকে এডাল গছৰ ওপৰতে ট্ৰেংকুলাইজ কৰে নাহৰফুটুকীটোক ।

জানিব পৰা মতে, নাহৰফুটুকীটো ট্ৰেংকুলাইজ কৰি অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ যায় বন বিভাগৰ দলটোৱে । বন বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি, অসম ৰাজ্যিক চিৰিয়াখানাতে নাহৰফুটুকীটোৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব ।

লগতে পঢ়ক : নাহৰফুটুকীৰ ৰম্যভূমিলৈ পৰিণত গোলাঘাটৰ এটা জনাঞ্চল

উল্লেখ্য যে, মহানগৰীৰ মালিগাঁও পাণ্ডুত সঘনে মুক্ত বিচাৰণ কৰে নাহৰফুটুকীয়ে ৷ নাহৰফুটুকীৰ মুক্ত বিচাৰণৰ ফলত অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি হৈছে (Leopard terror at Pandu in Guwahati)। নাহৰফুটুকীৰ ত্ৰাসত এতিয়া দিনৰ পোহৰতো অসুৰক্ষিত অনুভৱ কৰে মহানগৰীৰ মালিগাঁও পাণ্ডুবাসীয়ে ৷

আনহাতে, মোহনবাৰী গনেশবাৰী আৰ্মি কেম্পটো এটা নাহৰফুটুকীক কেন্দ্ৰ কৰি পুৱাই লাগে হুৱা-দুৱা । মোহনবাৰী গনেশবাৰী আৰ্মি কেম্পত বন বিভাগে পতা পিঞ্জৰাত পিঞ্জৰাবদ্ধ হয় এটা নাহৰফুটুকী (Leopard caged at Mohanbari) ৷

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি অঞ্চলটোত নাহৰফুটুকীয়ে সৃষ্টি কৰি আহিছিল ত্ৰাসৰ । নাহৰফুটুকীৰ মুক্ত বিচৰণৰ ফলত দীৰ্ঘদিনে অঞ্চলটোত নিধন হৈছিল বহু পশুধনৰ ৷ অৱশেষত বন বিভাগে পতা পিঞ্জৰাত নাহৰফুটুকীতো পিঞ্জৰাবদ্ধ হোৱাত স্বস্তিৰ নিশ্বাস এৰিছে অঞ্চলটো ৷

লগতে পঢ়ক : শিলিগুৰিত নাহৰফুটুকীৰ মাংসৰে পিকনিক : ছ’চিয়েল মিডিয়াত ভাইৰেলৰ পিছতে গ্ৰেপ্তাৰ ৩

Last Updated : Apr 19, 2022, 9:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.