গুৱাহাটী,১৪ ডিচেম্বৰ : চাহ নিলামৰ সময়ত অভিলেখ সংখ্যক মূল্য লাভ কৰি চমক সৃষ্টি কৰিছে অসমৰ এক বিশেষ প্ৰকাৰৰ চাহে (Assam tea fetches whooping price) ৷ গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ সচিব দিনেশ বিহানী য়ে মঙলবাৰে এই কথা সদৰি কৰি জানিবলৈ দিছে যে, মনোহৰী গ’ল্ড টিয়ে এইবাৰ পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি প্ৰতি কিলোগ্ৰামত ৯৯,৯৯৯.০০ টকা মূল্য লাভ কৰিছে(Manohari Gold tea sold for record amount) ৷
উল্লেখযোগ্য যে, বিগত বৰ্ষৰ জিটিএচি(Gauhati Tea Auction Centre)ৰ নিলামৰ সময়ত এই ধৰণৰ বিশেষ চাহ প্ৰতি কিলোগ্ৰামত 75,000.00 টকা মূল্যত বিক্ৰী কৰা হৈছিল । বিহানীয়ে জানিবলৈ দিছে যে, নিলামলৈ এই গ’ল্ড টি সৌৰভ টি ট্ৰেডাৰ্ছৰ ফালৰ পৰা অনা হৈছিল ৷ ইয়াৰ পিছত অভিলেখ সৃষ্টি কৰি প্ৰতি কিলোগ্ৰামত সৰ্বাধিক 99,999.00 টকা মূল্যত এই চাহ বিক্ৰী হয় ৷ মুঠ এক কিলোগ্ৰাম চাহ বিক্ৰী কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে ।
তেওঁ এই ধৰণৰ বিশেষত্ব চাহ বিক্ৰীৰ বাবে পুনৰ আনিবলৈ আহ্বান জনায় অসমৰ চাহ বিক্ৰেতা সকলক ৷ আনকি ভাৰতক বিশেষ চাহৰ ক্ষেত্ৰ খনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰো আহ্বান জনাই তেওঁ কয় যে, বিদেশী চাহৰ ক্ৰেতা সকলে এই বিশেষ চাহৰ প্ৰতি আকৃষ্ট হ’ব বুলি তেওঁ আশাবাদী ৷
লগতে পঢ়ক : Ranjan Gogoi's Controversy : পুনৰ বিতৰ্কৰ আৱৰ্তত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ