ETV Bharat / state

একলা চলো ৰে : মহানগৰীৰ ৰাজপথত বেনিষাৰ নীৰৱ প্ৰতিবাদ

author img

By

Published : Dec 10, 2019, 11:46 PM IST

বিধেয়কৰ বিৰুদ্ধে বেনিষাৰ নিৰৱ প্ৰতিবাদ ৷ মহানগৰীৰৰ ৰাজপথত বিধেয়কৰ বিৰোধিতাৰে হাতত বেনাৰ লৈ নীৰৱে প্ৰতিবাদ কৰিলে বেনিষাই। প্ৰতিবাদৰ ভাষা বুজি নোপোৱা এই চৰকাৰে বেনিষাৰ দৰে নীৰৱ প্ৰতিবাদকাৰীৰ ভাষা বুজি পাব নে ?

বেনাৰ লৈ নীৰৱে প্ৰতিবাদ
বেনাৰ লৈ নীৰৱে প্ৰতিবাদ

গুৱাহাটী, 10 ডিচেম্বৰ: সকলোৰে প্ৰতিবাদী কন্ঠ পৃথক কিন্তু উদ্দেশ্য একেতাই কোনোৱে যদি সংবাদ মাধ্যমৰ আগত শ্লোগান দিছে , আন কোনোৱে ৰাজপথলৈ ওলাই আহিছে ৷ মঙলবাৰে কটন বিশ্ববিদ্যালয়ৰ এই ছাত্ৰীগৰাকীও ওলাই আহিল বিধেয়কৰ বিৰুদ্ধে নীৰৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ । মহানগৰীৰৰ ৰাজপথত বিধেয়কৰ বিৰোধিতাৰে হাতত বেনাৰ লৈ নীৰৱে প্ৰতিবাদ কৰিলে বেনিষাই। প্ৰতিবাদৰ ভাষা বুজি নোপোৱা চৰকাৰখনে বুজি পাব নে এই নীৰৱ প্ৰতিবাদকাৰীৰ ভাষা ? নে ইমানৰ পিচতো বুধবাৰে ৰাজ্যসভাত গৃহীত হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক..

বেনাৰ লৈ নীৰৱে প্ৰতিবাদ বেনিষাৰ

Intro:নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা নকৰাকৈ থাকিব নোৱাৰিলে এই গৰাকী প্ৰতিবাদকাৰীয়ে । কত কেনেকৈ কৰিলে এগৰাকী যুৱতীয়ে প্ৰতিবাদ চাওঁ আহক।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জ্বলিছে অসম। অসমৰ চৌদিশে চলিছে প্ৰতিবাদ। কৰবাত যদি টায়াৰ জ্বলাই প্ৰতিবাদ স্বচ্ছ কৰিছে, কৰবাত শ্লোগান আৰু আন কৰবাত কৰিছে অৱস্থান ধৰ্মঘট। মুঠৰ ওপৰত জাতিদ্রোহী নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰিছে সকলোৱে। নিজৰ প্ৰতিবাদৰ ভাষা কোনোৱে যদি সংবাদমাধ্যমৰ আগত শ্লোগান ৰে দিছে , আনকোনোৱে ৰাজপথলৈ ওলাই আহি গালিৰে দিছে কোনোৱে একো চৰকাৰক গালি শপনি পাৰি কৰিছে প্ৰতিবাদ। কিন্তু এই সকলো প্ৰতিবাদৰ পৰা পৃথক এগৰাকী কেব বিৰোধী প্ৰতিবাদকাৰী। কোনো সংবাদমাধ্যম অথবা ৰাজপথত শ্লোগানেৰে নহয় খোজ কাঢ়ি হাতত প্লেকাৰ্ড লৈ কৰিছে প্ৰতিবাদ।

Body:যুৱতী গৰাকীৰ নাম বেনিষা শইকীয়া । কটন কলেজৰ এইগৰাকী ছাত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নীৰৱে কৰিলে প্ৰতিবাদ। দীঘলীপুখুৰীৰ পৰা হাতত প্লেকাৰ্ড লৈ মহানগৰীৰৰ ৰাজপথত অকলশৰে যুৱতী গৰাকী আগবাঢ়িছে। 12 ডিচেম্বৰৰ পৰা পৰীক্ষা যুৱতী গৰাকীৰ। পৰীক্ষাৰ বাবে পঢ়িছিল যদিও মনটোৱে সহিব পৰা নাছিল বেনীষাৰ। কিবা এটা কৰাৰ বাবে মনটোৱে বাৰে বাৰে কৈছিল। কিন্তু প্ৰতিবাদৰ বাবে ওলাই আহিব পৰা নাছিল বেনিষা। অৱশেষত কেবৰ বিৰোধীতাৰ বাবে এনেদৰে অকলশৰে মহানগৰীৰৰ ৰাজপথত বেনিষা। লোকসভা কেব গৃহীত হোৱাৰ পিছৰে পৰা চটফটাই আছিল যেন এই যুৱতী গৰাকীয়ে। মহানগৰীৰ2 ৰাজপথত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে এনেদৰে নীৰৱে প্ৰতিবাদ কৰিলে এই যুৱতীয়ে।
Bite:- বেনিষা শইকীয়া।

Conclusion:যুৱতী গৰাকীৰ চৰকাৰলৈ এটাই মাথো অনুৰোধ এই কেব বাতিল কৰিব লাগে। অসমৰ ৰাইজে বেয়া পোৱা কাম এই চৰকাৰক নকৰিবলৈ এনেদৰে নীৰৱ প্ৰতিবাদ কৰিলে বেনিষাই।প্ৰতিবাদৰ ভাষা বুজি নোপোৱা এই চৰকাৰে বেনিষাৰ দৰে নীৰৱ প্ৰতিবাদকাৰীৰ ভাষা বুজি পাব নে? নে কাইলৈ ইমান প্ৰতিবাদৰ পিছতো ৰাজ্যসভাত গৃহীত হব নাগৰিকত্ব সংশোধনী বিধেয়ক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.