ETV Bharat / state

২২ জনগোষ্ঠীয় সংগঠনকলৈ গঠন হ’ল অসম ভূমি পুত্ৰ মঞ্চ - জনগোষ্ঠীয় সংগঠন

দেওবাৰে মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃ্তিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত কেবা শতাধিক লোকৰ উপস্থিতিত গঠন কৰা হয় 'অসম ভূমিপুত্ৰ মঞ্চ' ৷ মুঠ ২৭ জন প্ৰতিনিধিৰ সৈতে গঠন কৰা হৈছে ৰাজনৈতিক মঞ্চ । উপজিয়েই 'অসম ভূমিপুত্ৰ মঞ্চ'ই নিৰ্বাচনী ইষ্টাহাৰত জনজাতিসকলৰ সমস্যা সমাধানৰ বিষয় সন্দৰ্ভত স্পষ্ট মতামত উল্লেখ কৰিবলৈ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলৰ হেঁচা প্ৰয়োগ কৰিব বুলিও উল্লেখ কৰে ।

asom bhumiputra mancha
asom bhumiputra mancha
author img

By

Published : Oct 18, 2020, 10:29 PM IST

গুৱাহাটী, 18 অক্টোবৰ : চৰকাৰৰ অমনোযোগিতা আৰু বঞ্চনাৰ অভিযোগ তুলি এইবাৰ অসমৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষীৰ সমিতিৰ আহ্বানত গঠন হ'ল ৰাজনৈতিৰ মঞ্চ । দেওবাৰে মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃ্তিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত কেবা শতাধিক লোকৰ উপস্থিতিত গঠন কৰা হয় 'অসম ভূমিপুত্ৰ মঞ্চ' ৷

জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষীৰ সমিতিৰ (চিচিটিঅ'এ) ২২ টা সংগঠনৰ ওপৰি অসমৰ বিভিন্ন জাতীয়, জনগোষ্ঠীয় ১৫ টা সংগঠনৰ নেতৃত্বৰ উপস্থিতিত গঠন কৰা এই ৰাজনৈতিক মঞ্চই ২০২১ চনৰ নিৰ্বাচনত নিজৰ শক্তি প্ৰদৰ্শন কৰিব বুলি সদৰি কৰিছে ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাখলাৰীয়ে । লগতে দীৰ্ঘদিনে বঞ্চনাৰ বলি হৈ অহাৰ অভিযোগ কৰি জনজাতীয় লোকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দি যুক্তিয়ে সৈমান কৰিব পৰা আৰু আশ্বাস দিয়া দলৰ সৈতে মিত্ৰতা কৰিব বুলিও সদৰি কৰিছে 'অসম ভূমিপুত্ৰ মঞ্চ'ৰ নেতৃবৃন্দই ।

asom bhumiputra mancha
২২ জনগোষ্ঠীয় সংগঠনকলৈ গঠন হ’ল অসম ভূমি পুত্ৰ মঞ্চ

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা, মিছিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগু, উপাধ্যক্ষকে আদি কৰি আন বহু লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা এক অভিৱৰ্তনৰ পিছতে ৰাজনৈতিক মঞ্চ গঠন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

''জনজাতিসকলৰ দীৰ্ঘদিনীয়া সমস্যাক সমাধানৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰ ব্যৰ্থ হৈছে । বিগত সময়ত আগৰ চৰকাৰেও বা কোনো প্ৰতিষ্ঠিত ৰাজনৈতিক দলেও জনজাতিসকলৰ সমস্যাবোৰ সমাধানৰ বাবে কোনো গুৰুত্ব আৰোপ নকৰাৰ বাবেই অসমৰ জনজাতীয় সংগঠনসমূহ ক্ষোভিত হৈ নিজাববীয়া এক ৰাজনৈতিক মঞ্চ জন্ম দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰো । সেই সিদ্ধান্ত আৰু পৰিকল্পনা অনুসৰি দেওবাৰে এক ৰাজনৈতিক মঞ্চৰ জন্ম হৈছে। পৰৱৰ্তী সময়ত ইছ্যু ভিত্তিক ৰাজনীতি কৰিব 'অসম ভূমিপুত্ৰ মঞ্চ'ই ৷

সংৰক্ষিত আসনৰ লগতে আন আন বুজন সংখ্যক জনজাতীয় ভোটাৰ থকা স্থানতো প্ৰাৰ্থিত্ব প্ৰদান কৰি যুঁজ দিয়াৰ বাবে প্ৰস্তুত বুলি সদৰি কৰিছে অসম ভূমিপুত্ৰ মঞ্চৰ বিষয়ববীয়াসকলে । ''পৰৱৰ্তী সময়ত আমি সকলোৰে লগত আলোচনা কৰি আৰু সিদ্ধান্ত ল'ম। বিগত সময়ত ৰাজনৈতিক প্ৰতিনিধিত্বৰ ক্ষেত্ৰত ৰাজ্যৰ সৰু-বৰ সকলো ৰাজনৈতিক দলেই সম অধিকাৰ পাবলৈ সক্ষম হোৱা নাই। বহু এনে সৰু জাতি আছে, যাৰ ৰাজনৈতিক প্ৰতিনিধি নাই। গতিকে তেওঁলোকৰো যাতে প্ৰতিনিধিত্ব পায় তাৰ বাবে এই মঞ্চই কাম কৰি যাব । '' ৰাজনীতিৰ ক্ষেত্ৰত জনজাতীয় লোকসকল বঞ্চিত হোৱাৰ অভিযোগ কৰি এনেদৰে কয় খাখলাৰীয়ে।

asom bhumiputra mancha
অসম ভূমি পুত্ৰ মঞ্চ গঠন

ইফালে জনজাতীয় কৃষকৰ মাটিত চৰকাৰে উচ্ছেদ চলোৱা কাৰ্যৰ বিৰোধিতা, ভূমিপট্টা প্ৰদান কৰা, ট্ৰাইবেল বেল্ট/ব্লকৰ পৰা বেদখলকাৰীক উচ্ছেদ চলাই খিলঞ্জীয়াৰ ভূমি সুৰক্ষিত কৰা, বন অধিকাৰ আইন কাৰ্যকৰী কৰা আদি দাবী জনাই দেওবাৰৰ অভিৱৰ্তনে । অনুসূচিত জাতি-জনজাতিৰ বিষয়া-কৰ্মচাৰীক পদোন্নতি প্ৰদান কৰাৰ বাবে দেওবাৰে অনুষ্ঠিত অভিৱৰ্তনৰ তৰফৰ পৰা দাবী জনোৱা হয়। ইফালে উপজিয়েই 'অসম ভূমিপুত্ৰ মঞ্চ'ই নিৰ্বাচনী ইষ্টাহাৰত জনজাতিসকলৰ সমস্যা সমাধানৰ বিষয় সন্দৰ্ভত স্পষ্ট মতামত উল্লেখ কৰিবলৈ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলৰ হেঁচা প্ৰয়োগ কৰিব বুলিও উল্লেখ কৰে ।

মুঠ ২৭ জন প্ৰতিনিধিৰ সৈতে গঠন কৰা হৈছে ৰাজনৈতিক মঞ্চ । ইফালে এই প্ৰসংগত সংবাদমাধ্যমক সম্বোধন কৰি এগৰাকী বিষয়ববীয়াই ক্ষোভ উজাৰি কয়, ''আমাৰ সৈতে আছু, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দল গঠন কৰাৰ পূৰ্বে একো আলোচনা কৰা নাই ।'' ইফালে আছুৱে ৰাজনৈতিক দল গঠন কৰাৰ সময়ত তেওঁলোকৰ সৈতে কা বিৰোধ কৰি থকা ৩০ সংগঠনৰ সৈতে আলোচনা কৰা নাই বুলিও এগৰাকী প্ৰতিনিধিয়ে কয় । অৱশ্যে পৰৱৰ্তী সময়তহে দেখিবলৈ পোৱা যাব প্ৰকৃততে জানজাতীয় লোকৰ আৱেগক লৈ গঠন কৰা ৰাজনৈতিক মঞ্চখনে প্ৰকৃতাৰ্থত ৰাজনীতিৰ ক্ষেত্ৰখনৰ নিজৰ প্ৰভূত্ব দেখুৱাই ২০২১ৰ নিৰ্বাচনত কিবা ভূমিকা ল’বলৈ সক্ষম হ'বনে নহয় ।

লগতে পঢ়ক : অসম-মিজোৰাম সীমান্তত উত্তেজনা; প্ৰশাসনৰ সান্ধ্যআইন জাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.