ETV Bharat / state

ন মহলীয়া এপাৰ্টমেণ্টৰ পৰা পৰি শ্ৰমিকৰ মৃত্যু

গুৱাহাটী মহানগৰীত অঘটন । মহানগৰীৰ পাথৰকুঁৱেৰীৰ এছ এফ এছ স্কুলৰ সমীপৰ নিৰ্মীয়মান এটা ন মহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যু এজন শ্ৰমিকৰ ৷ বিল্ডাৰৰ চূড়ান্ত গাফিলতি আৰু অৱহেলাৰ বাবেই শ্ৰমিকজনৰ মৃত্যু ঘটাৰ অভিযোগ ৷

author img

By

Published : Oct 18, 2021, 5:54 PM IST

Updated : Oct 19, 2021, 7:21 AM IST

labour fall from building
৯মহলীয়া এপাৰ্টমেণ্টৰ পৰি শ্ৰমিকৰ কৰুণ মৃত্যু

গুৱাহাটী, 18 অক্টোবৰ : মহানগৰীৰ পাথৰকুঁৱেৰী-সাতগাঁও পথৰ 'ৰুদ্ৰাক্ষ কুন্দন'ত অঘটন ৷ 'ৰুদ্ৰাক্ষ কুন্দন' নামৰ এটা নিৰ্মীয়মান এপাৰ্টমেণ্টৰ নৱম মহলাৰ পৰা সোমবাৰে পুৱাৰ ভাগত কাম কৰি থকা অৱস্থাতে হঠাৎ এজন শ্ৰমিক তললৈ সৰি পৰি থিতাতে মৃত্যুক সাৱটি লয় ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ।

মৃত শ্ৰমিকজন হৈছে ক্ষেত্ৰীৰ নিজ ডিমৰীয়াৰ গণেশ দাস(২৫) । উক্ত এপাৰ্টমেণ্টটোত কৰ্মৰত একাংশ শ্ৰমিকে সদৰী কৰা অনুসৰি, মৃত লোকজনে কোনো ধৰণৰ সুৰক্ষা কৱচ পৰিধান নকৰাকৈ কাম কৰি আছিল ৷ সদায়ৰ দৰে সোমবাৰেও পুৱা প্ৰায় ৬ বজাত শ্ৰমিকজনে নৱম মহলাত কাম কৰি থকাৰ সময়তে অকস্মাৎ পৰি যায় আৰু মৃত্যু ঘটে ৷

এই ঘটনাৰ পিছত কৰ্মৰত আন শ্ৰমিকসকলৰ মাজত সৃষ্টি হয় হুৱা-দুৱা পৰিৱেশৰ ৷ লগে লগে ঘটনা সন্দৰ্ভত এপাৰ্টমেণ্ট কৰ্তৃপক্ষই সাতগাঁও আৰক্ষীক খবৰ দিয়ে । ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে ।

ইপিনে শ্ৰমিকজনৰ মৃত্যু হোৱা ঘটনাৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকৰ এটা দলক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে এপাৰ্টমেণ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে । আনকি সাংবাদিকে শ্ৰমিকজনৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত কিছু কথা জানিব বিচৰাত জাঙুৰ খাই উঠে জৈন উপাধিৰ এগৰাকী ব্যক্তি ৷ তদুপৰি অট্টালিকাটোৰ ভিডিঅ’ সংগ্ৰহ কৰিলে পৰিণাম বিষম হোৱাৰ ধমকি প্ৰদান কৰে ৷

অৱশ্যে পৰৱৰ্তী সময়ত সাংবাদিকৰ দলটোৱে সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ঘটনা সন্দৰ্ভত অৱগত কৰে ।

লগতে পঢ়ক : অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব : ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য

Last Updated : Oct 19, 2021, 7:21 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.