ETV Bharat / state

পুনৰ বিতৰ্কৰ আৱৰ্তত নগাঁৱৰ এ.জে. হাস্পতাল - Allegation against private nursing home in Nagaon

পুনৰ বিতৰ্কৰ আৱৰ্তত নগাঁও এ.জে. হাস্পতাল (A J Hospital in Nagaon in controversy again) । এ.জে হাস্পতালৰ বিৰুদ্ধে ভুল চিকিৎসা প্ৰদানৰ গুৰুতৰ অভিযোগ (Poor medical of private nursing home) ।

aj-hospital-in-nagaon-under-controversy-again
পুনৰ বিতৰ্কৰ আৱৰ্তত নগাঁৱৰ এ.জে হাস্পতাল
author img

By

Published : May 6, 2022, 7:53 PM IST

নগাঁও, 6 মে' : পুনৰ বিতৰ্কত নাম সাঙোৰ খাইছে নগাঁৱৰ এ.জে. হাস্পতালৰ (A J Hospital in Nagaon in controversy again)। ব্যক্তিগত খণ্ডৰ এই চিকিৎসালয়খনৰ বিৰুদ্ধে বাৰম্বাৰ ভুল চিকিৎসা সেৱা আগবঢ়োৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে । কেৱল এয়াই নহয় পূৰ্বেও এইখন বিতৰ্কিত এ,জে হাস্পতালৰ বিৰুদ্ধে ভুল চিকিৎসা সেৱা আগবঢ়োৱাৰ বাতৰি প্ৰকাশিত হৈছিল বিভিন্ন সংবাদমাধ্যমত (Wrong treatment in private nursing home)।

পুনৰ সেই একেই অভিযোগ উত্থাপিত হৈছে এই হাস্পতালৰ বিৰুদ্ধে । ইফালে, নগাঁও জিলাৰ বটদ্ৰৱাৰ বাটমাৰী গাঁৱৰ আব্দুল হক নামৰ লোকজনে এইখন এ,জে হাস্পতালৰ বিৰুদ্ধে ভুল চিকিৎসা সেৱা আগবঢ়োৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে (Allegation against private nursing home in Nagaon)। উল্লেখ্য যে, হাস্পতালখনত বিগত আঠ মাহ পূৰ্বে ভৰিত স্কেল বহুৱাই অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল আব্দুল হকে ।

পুনৰ বিতৰ্কৰ আৱৰ্তত নগাঁৱৰ এ.জে. হাস্পতাল

কিন্তু এক্সৰে ৰিপ'ৰ্টত স্কেলখন ভাঙি দুটা ভাগত বিভক্ত হোৱাৰ এক তথ্য পোহৰলৈ আহিছে । ভুক্তভোগীয়ে জানিবলৈ দিয়া মতে, এ.জে হাস্পতালৰ চিকিৎসক ডাঃ অঞ্জন বৰাই সম্পন্ন কৰিছিল এই অস্ত্ৰোপচাৰ । এইক্ষেত্ৰত এ.জে হাস্পতাল কৰ্তৃপক্ষই ভুক্তভোগী আব্দুল হকৰ উন্নত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত পৰিয়ালৰ লোকে হাস্পতালখনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ।

লগতে পঢ়ক : নগাঁৱৰ নিচামুক্তি কেন্দ্ৰত আতিশায্যৰ বলি চিকিৎসাধীন যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.