ETV Bharat / state

নুনমাটিত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ - নুনমাটিৰ বি জি তিনিআলি আৰু নিউ গুৱাহাটীৰ হনুমান মন্দিৰ

মহানগৰীৰ নুনমাটিত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ চাৰি ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নুনমাটি আৰক্ষী ৷

a huge amount of drugs seized at noonmati
নুনমাটিত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ
author img

By

Published : Feb 21, 2020, 2:08 PM IST

গুৱাহাটী, 21 ফেব্ৰুৱাৰী : বৃহস্পতিবাৰে নিশা নুনমাটি আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ নুনমাটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই নুনমাটিৰ বি জি তিনিআলি আৰু নিউ গুৱাহাটীৰ হনুমান মন্দিৰৰ সমীপত ডাগ্ৰছ খিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ ড্ৰাগছ ব্যৱসায়ীকেইটা হৰেন কলিতা, বাপধন পাঠক, বুদ্ধেশ্বৰ বিশ্বাস আৰু নিৰঞ্জন আগৰৱালা ৷

উল্লেখ্য যে, ড্ৰাগছ ব্যৱসায়ী চক্ৰটোৱে দীৰ্ঘদিনৰ পৰা মহানগৰীৰ বিভিন্ন স্থানত ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছিল ৷ হৰেন কলিতা, বাপধন পাঠক, বুদ্ধেশ্বৰ বিশ্বাস তিনিজন ব্যৱসায়ী মহানগৰীৰ নুনমাটি আৰু নিৰঞ্জন আগৰৱালাৰ ঘৰ ৰাজস্থানত বুলি জানিব পৰা গৈছে । নুনমাটি আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী চক্ৰটোৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ নগদ ত্ৰিশ হাজাৰ টকা, তিনিটা ম'বাইল, AS01 KC 1343 নম্বৰৰ এখন চাৰিচকীয়া টাটা জেষ্ট বাহন আৰু AS 01 ED 8194 নম্বৰৰ এখন স্কুটী জব্দ কৰে ।

নুনমাটিত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

আৰু পঢ়ক : 'জোনাকী'ৰ বাবে সাজু গুৱাহাটী বিশ্ববিদ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.