ETV Bharat / state

HSLC result 2022: জিলিকিল অস্তিত্বৰ সংকটত থকা এখন চৰকাৰী বিদ্যালয় - HSLC results announced

গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বন্ধ কৰিবলৈ ওলোৱা এখন বিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে দেখুৱালে চমক । সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল(HSLC results announced) অনুযায়ী গুৱাহাটী বিশ্ববিদালয়ৰ মডেল স্কুলৰ ছাত্ৰী অনুসূয়া ঠাকুৰীয়াই দখল কৰে নৱম স্থান(Anusuya Thakuria occupies 9th position in HSLC exam) ।

HSLC result 2022: জিলিকিল অস্তিত্বৰ সংকটত থকা এখন চৰকাৰী বিদ্যালয়
HSLC result 2022: ৰাজ্য়ৰ ভিতৰতে জিলিকিল অস্তিত্বৰ সংকটত থকা এখন চৰকাৰী বিদ্যালয়
author img

By

Published : Jun 7, 2022, 5:24 PM IST

গুৱাহাটী,৭ জুন: মঙলবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল(HSLC results announced) অনুযায়ী গুৱাহাটী বিশ্ববিদালয়ৰ মডেল স্কুলৰ ছাত্ৰী অনুসূয়া ঠাকুৰীয়াই নৱম স্থান অধিকাৰ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে(Anusuya Thakuria occupies 9th position in HSLC exam) । মহানগৰীৰ খনামুখ নিবাসী অধ্যাপক ছবিন ঠাকুৰীয়া আৰু অধাপিকা নন্দিতা শৰ্মাৰ কন্যা অনুসূয়া ঠাকুৰীয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ 589 নম্বৰ লাভ কৰি নৱম স্থান অধিকাৰ কৰিছে ।

অনুসূয়া ঠাকুৰীয়াৰ সাফল্যত বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয় । অনুসূয়া ঠাকুৰীয়াৰ সাফল্যত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়ত্ৰীসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় । ই টিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত নৱম স্থান পোৱা অনুসূয়া ঠাকুৰীয়াই কয়-" স্থান পাম বুলি ভবা নাছিলো । স্থান দখল কৰিবলৈ পাই সুখী হৈছো । পাঠ্যপুথি খৰছি মাৰি অধ্যয়ন কৰিছিলো । মা-দেউতা আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে মোক যথেষ্ট অনুপ্ৰেৰণা দিছে । "

HSLC result 2022: ৰাজ্য়ৰ ভিতৰতে জিলিকিল অস্তিত্বৰ সংকটত থকা এখন চৰকাৰী বিদ্যালয়

পাঠপুথিৰ বাহিৰে বাহিৰা কিতাপ পঢ়া অনুসূয়া ঠাকুৰীয়াই বিজ্ঞান শাখাত নামভৰ্তি কৰাৰ কথা উল্লেখ কৰে । ভৱিষতে চিকিৎসক হোৱাৰ সপোন পুহি ৰখা অনুসূয়া ঠাকুৰীয়াই ম'বাইল ফোন ব্যৱহাৰৰ পৰা বিৰত আছিল । অনুসূয়া ঠাকুৰীয়াৰ সাফল্যত উৎফুল্লিত হৈ বিদ্যালয়খনৰ শিক্ষয়ত্ৰী মামনি শৰ্মাই কয়-" অনুসূয়া ঠাকুৰীয়া অতি মেধাবী ছাত্ৰী । এই বৰ্ষটোৰ সকলো পৰীক্ষাৰ্থী ভাল আছিল । আমি অনুসূয়া ঠাকুৰীয়াৰ পৰা এনে এক ফলাফল পাম বুলি আশা কৰিছিলো । অনুসূয়া ঠাকুৰীয়াৰ ফলাফলত আমি আবেগিক আৰু আনন্দিত হৈ পৰিছো ।"

বিদ্যালয়খনৰ পৰা এইবাৰ ৩৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ন হৈছিল । ইয়াৰে ২৫ গৰাকী প্ৰথম , ৯ গৰাকী দ্বিতীয় আৰু ১ গৰাকীয়ে তৃতীয় স্থান পায় । উল্লেখ্য যে গুৱাহাটী বিশ্ববিদালয়ৰ মডেল স্কুলখন গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বন্ধ কৰাৰ চেষ্টা কৰি থকাৰ সময়তে স্কুলখনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান দখল কৰি বিদ্যালয়খনৰ গুৰুত্ব প্ৰতিফলিত কৰিছে ।

লগতে পঢ়ক: HSLC result 2022: সপ্তম স্থানত মহানগৰীৰ চেইন্টমেৰিজ স্কুলৰ অশ্লেশা শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.