ETV Bharat / state

UBPO Annual Meeting: গুৱাহাটীত ইউ বি পি অ’ৰ নৱম বাৰ্ষিক বছৰেকীয়া অধিৱেশন - সংযুক্ত বড়ো গণ মঞ্চ

বাগুৰুম্বা নৃত্যত উখল মাখল গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰি (Srimanta sankardev kalakshetra guwahati) ৷ বৃহস্পতিবাৰৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ইউবিপিঅৰ নৱম বাৰ্ষিক বছৰেকীয়া অধিৱেশন আৰম্ভ ৷

UBPO Annual Meeting
ইউ বি পি অ’ৰ নৱম বাৰ্ষিক বছৰেকীয়া অধিৱেশন
author img

By

Published : Jan 5, 2023, 10:50 PM IST

ইউ বি পি অ’ৰ নৱম বাৰ্ষিক বছৰেকীয়া অধিৱেশন

জোনাই, ৫ জানুৱাৰী: সংযুক্ত বড়ো গণ মঞ্চ চমুকৈ ইউ বি পি অ’ৰ নৱম বাৰ্ষিক বছৰেকীয়া অধিৱেশন আজিৰে পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হৈছে (Srimanta sankardev kalakshetra guwahati)। অধিৱেশনৰ আজি পুৱা ৮ বজাত মূল তোৰণ উদ্বোধন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই । পুৱা ৮-৩০ বজাত স্বচ্ছতা অভিযানৰ উদ্বোধন কৰে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰীয়ে ।

পুৱা ৯ বজাত ভোজনালয় গৃহ উদ্বোধন কৰে কামৰূপ মহানগৰ জিলা পৰিষদৰ সভানেত্ৰী হিৰুমণি কোঁৱৰে । পুৱা ৯-৩০ বজাত মূল মঞ্চ আৰু মণ্ডপ উদ্বোধন কৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথে । পুৱা ১০ বজাত অতিথিশালা উদ্বোধন কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই । পুৱা ১০-৩০ বজাত প্ৰদৰ্শণী আৰু মেলাৰ উদ্বোধন কৰে বিকেডব্লিউএচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য ৰোমিঅ নাৰ্জাৰীয়ে (9th Annual Meeting of the UBPO)।

পুৱা ১১ বজাত ভলীবল প্ৰতিযোগিতাৰ উদ্বোধন কৰে বিকেডব্লিউএচিৰ ইএম প্ৰদীপ স্বৰ্গীয়াৰীয়ে । পুৱা ১১-৩০ বজাত প্ৰতিনিধি পঞ্জীয়নৰ পাছত দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হয় ইউবিপিঅৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা । বিয়লি ৪-৩০ বজাত অনুষ্ঠিত কৰা বিশেষ মুকলি সভাখন উদ্বোধন কৰি অসম চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ উন্নয়ন বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়, ‘‘বড়ো সকলে প্ৰাপ্য অধিকাৰৰ বাবে সংগ্ৰাম কৰি আহিছে । দীঘলীয়া সংগ্ৰামৰ ফলত পূৰ্বে সম্পাদিত হোৱা দুখন চুক্তিয়ে বিটিআৰৰ বাহিৰৰ বড়ো জনগণৰ উন্নয়নৰ বাট মুকলি নকৰিলে । ইউবিপিঅ প্ৰতিষ্ঠা হোৱাৰ পাছত শেহতীয়াকৈ বিটিআৰ চুক্তি সম্পাদিত হ'ল আৰু এই চুক্তিৰ আধাৰত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠন হ'ল’’ ।

ইয়াৰ লগতে, বি কে ডব্লিউ এ চিক এখন শক্তিশালী স্বায়ত্তপৰিষদ হিচাপে গঠন কৰিবলৈ চৰকাৰে সকলো প্ৰচেষ্টা হাতত লৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ বি কে ডব্লিউ এ চিৰ বাবে ২০২২-২০২৩ বিত্তীয় বৰ্ষত ধাৰ্য কৰা তেৰ কোটি পঞ্চাশ লাখ টকা আজি মোকলাই দিয়াৰ কাম সম্পূৰ্ণ হোৱাৰ কথা উনুকিয়াই আহি থকা দিনত পৰিষদখনৰ গাঁও চিনাক্ত কৰি সমষ্টি গঠনৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলি বক্তব্য ৰাখি বি কে ডব্লিউ এ চিক শক্তিশালী আৰু কাৰ্যক্ষম কৰিবলৈ ৰাইজৰ পূৰ্ণ সহযোগ লাগিব বুলি কয় ডাঃ ৰণোজ পেগুৱে ।

অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামদাস আঠাৱালে কয়, ‘‘বাবা চাহেব আম্বেদকাৰে দেশৰ সংবিধান ৰচনা কৰি গ'ল । দেশৰ পিছপৰা শ্ৰেণীৰ উন্নয়নৰ বাবে আম্বেদকাৰে বহু কষ্ট স্বীকাৰ কৰি গৈছে’’৷ এটা জাতিৰ উন্নয়ন হ'বলৈ ঐক্যবদ্ধ হোৱাৰ বিকল্প নাই বুলি বক্তব্য ৰাখি বড়ো সকল শৃংখলাৱদ্ধ জাতি আৰু বড়ো সকলৰ উন্নয়নৰ বাবে তেওঁ সদায় কাম কৰি যাব বুলি আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে (Ramdass Athwale in Guwahati) ।

ইউ বি পি অ’ৰ সাধাৰণ সম্পাদক পিতাম্বৰ ব্ৰহ্মই আঁতধৰা অনুষ্ঠানত বি কে ডব্লিউ এ চিৰ প্ৰধান মিহিনিশ্বৰ বসুমতাৰী, ইউ বি পি অ’ৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়াৰ উত্তৰ-পূৱৰ প্ৰভাৰী বিনোদ নিকালজী উপস্থিত থাকে । সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন কৰে ইউবিপিঅৰ উপদেষ্টা বিপিন গয়াৰীয়ে । সন্ধিয়া ৭ বজাৰ পৰা ইউ বি পি অ’ৰ অধ্যক্ষ বাদল মুছাহাৰীৰ পৰিচালনাত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাৰ প্ৰথম বৈঠকখন উদ্বোধন কৰে ইউ বি পি অ’ৰ উপদেষ্টা বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্মই । সন্ধিয়া ৭-৩০ বজাৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰে বেংক পৰিচালক ৰজনীকান্ত ব্ৰহ্মই ।

লগতে পঢ়ক: CM on Batadrava Eviction: বটদ্ৰৱাত উচ্ছেদ প্ৰসংগত ভুল স্বীকাৰ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.