গুৱাহাটী, ৩০ জুন : ক্ৰমাৎ যেন জাল চপাই অনা হৈছে । কুখ্যাত ৰাকেশ পাল(RAKESH PAL)ৰ ছত্ৰছায়াত থাকি অসমৰ একাংশ ৰাজনৈতিক, ভিন্ন সংগঠনৰ নেতা, সাংবাদিক আদিয়ে তেওঁলোকৰ অঙহী-বঙহীক লোকসেৱা আয়োগ(APSC)ৰ চাকৰিৰ ব্যৱস্থা কৰি দিয়া বা লাখে লাখে টকা ঢালি চাকৰি কিনা এই সকলোৰে বাবে বিপদ ঘণ্টা বাজিছে । লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ বাবে চৰকাৰে গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে ২০১৩ বৰ্ষত লোকসেৱা আয়োগৰ চাকৰি লাভ কৰা ১০ গৰাকী সন্দেহজনক এ পি এছ, এ চি এছ আৰু সংযুক্ত সেৱাৰ বিষয়ালৈ জাননী প্ৰেৰণ কৰাৰ পিছত আজি অৰ্থাৎ বুধবাৰে পুনৰ ৯ গৰাকী বিষয়ালৈ জাননী প্ৰেৰণ কৰে ।
সৰ্বমুঠ ১৯ গৰাকী বিষয়াক পোন্ধৰ দিনৰ ভিতৰত আয়োগৰ ওচৰত হাজিৰ হ'বলৈ কোৱা হৈছে । উল্লেখযোগ্য যে, এই ১৯ গৰাকী বিষয়াৰ আটাইকেইজনৰে লোকসেৱা আয়োগৰ পৰীক্ষা বহীত লাভ কৰা নম্বৰ আৰু টেবুলেশ্যনত লাভ কৰা নম্বৰৰ মাজত ব্যাপক তাৰতম্য ধৰা পৰিছে । একেদৰে হাতৰ আখৰতো ধৰা পৰিছে ব্যাপক বিসংগতি । এই বিসংগতি ধৰা পেলাইছে আহমেদাবাদৰ ফৰেনচিক গৱেষণাগাৰে ।
উল্লেখ্য যে, বিপ্লৱ কুমাৰ শৰ্মা আয়োগক কেৱল ২০১৩ বৰ্ষৰহে তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে । কিন্তু ২০১৪ বৰ্ষৰ পৰীক্ষাতো সংঘটিত হৈছিল ব্যাপক জালিয়াতি । আয়োগৰ এক সূত্ৰই বুধবাৰে ই টিভি ভাৰতক কয় যে, এতিয়াও ২০১৩ বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈ চাকৰি লাভ কৰা আৰু কমেও ২৫ গৰাকী সন্দেহজনক এ চি এছ, এ পি এছ আৰু সংযুক্ত সেৱাৰ বিষয়াৰ পৰীক্ষা বহীসমূহ আয়োগে পুনৰীক্ষণ কৰি আছে ।
সেইসকলৰ ভিতৰত দুগৰাকী জিলা পৰিবহণ বিষয়া আছে বুলি সূত্ৰটোৱে সদৰী কৰে । এই দুয়োজন জিলা পৰিবহণ বিষয়া সম্প্ৰতি উজনি অসমৰ ওচৰা-ওচৰিকৈ থকা দুখন জিলাত কাৰ্যনিৰ্বাহ কৰি আছে । এই ২৫ গৰাকী প্ৰাৰ্থীৰ পৰীক্ষাৰ উত্তৰবহী আৰু টেবুলেশ্যন শ্বীট পুনৰীক্ষণৰ পিছত তেওঁলোকৰ মাজৰ পৰা কেইবাজনকো আয়োগৰ ওচৰত হাজিৰ হ'বলৈ চমন জাৰি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।
লগতে পঢ়ক: দুখন চিকিৎসা মহাবিদ্যালয়ত OXYGEN CONCENTRATOR যোগান সত্য সাই সেৱা সমিতিৰ