ETV Bharat / state

পুৱা 9 বজাৰ 10 টা শীৰ্ষ সংবাদ

author img

By

Published : Nov 28, 2020, 8:55 AM IST

পুৱা 9 বজাৰ 10 টা শীৰ্ষ সংবাদ

পুৱা 9 বজাৰ 10 টা শীৰ্ষ সংবাদ
পুৱা 9 বজাৰ 10 টা শীৰ্ষ সংবাদ

ন ৰূপেৰে পৰ্যটকক আদৰিবলৈ সাজু আলোকঝাৰি বনাঞ্চল

ধুবুৰীৰ আলোকঝাৰি বনাঞ্চলে লাভ কৰিলে ন ৰূপ ৷ ন ৰূপেৰে সজ্জিত আলোকঝাৰি বনাঞ্চল এতিয়াৰে পৰা সাহিত্য মনিষী উপবন নামেৰে পৰিচিত হ'ব ৷ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই কৰিলে উদ্যান খনৰ আনুষ্ঠানিক উদ্বোধন ৷ অসমৰ জৈৱ বৈচিত্ৰ ৰক্ষা কৰাৰ উদ্দেশ্য আগত ৰাখি CAMPA আঁচনিৰ অধীনত লোৱা হৈছে এই বিশেষ পদক্ষেপ ৷

হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন : বিটিচি হাগ্ৰামা মহিলাৰীৰ ঘৰৰ সম্পত্তি নেকি !

বিজেপিৰ নেতৃত্বত বিটিচি পৰিষদ গঠন হ’লে প্ৰথম শ্ৰেণীৰ নাগৰিকৰ মৰ্যাদা পাব সকলোৱে ৷ বিটিচিত প্ৰৱৰ্তন কৰা হ’ব পঞ্চায়ত ব্যৱস্থা ৷ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে দাখিল কৰা হ’ব দুটাকৈ গোচৰ ৷ বাক্সাত শুকুৰবাৰে এই ঘোষণা কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ চৰকাৰ গঠন কৰি হাগ্ৰামা মহিলাৰীৰ পদুলিত বনভোজ খোৱাৰ ইচ্ছা মন্ত্ৰীগৰাকীৰ ৷

আমগুৰিত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃৰ্তি দাহ

চৰকাৰে শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইনখন বাতিল নকৰিলে,আগন্তুক দিনত ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আহোম জাতীয় গণমঞ্চই ৷ শিৱসাগৰত তীব্ৰ প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৷

খোদ আৰক্ষীয়ে নিৰ্বাচনৰ প্ৰাৰ্থীক অপহৰণ কৰাৰ অভিযোগ

তিৱা স্বায়ত্ব শাসন পৰিষদৰ এখন মনোনয়ন পত্ৰ নাকচ হোৱাৰ বিৰুদ্ধে মৰিগাঁৱত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। লগতে কংগ্ৰেছী প্ৰাৰ্থী কংকনা বৰদলৈ পাটৰক মনোনয়ন পত্ৰ দাখিলৰ সময়ত বিগত 25 নৱেম্বৰত মৰিগাঁও আৰক্ষী বিষয়া প্ৰদীপ বৰাই অপহৰণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

ৰমেশ চেন্নিথালাৰ বিৰুদ্ধে কৰা তদন্তত ৰাজ্যপালৰ অনুমোদনৰ প্ৰয়োজন নাই

কেৰালাৰ বিৰোধী দলৰ নেতা ৰমেশ চেন্নিথালা বাৰ কেলেংকাৰী সন্দৰ্ভত জড়িত থকাৰ অভিযোগত ইতিমধ্যে প্ৰাথমিক তদন্ত সম্পন্ন কৰিছে ৰাজ্য় চৰকাৰে ৷ এই ক্ষেত্ৰত তদন্ত কৰিবলৈ ৰাজ্যপালৰ অনুমোদনৰ আৱশ্যকতা নাই বুলি ৰাজ্যপালে উল্লেখ কৰে ৷

আজি হায়দৰাবাদত নিৰ্বাচনী প্ৰচাৰ চলাব যোগী আদিত্যনাথে

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শনিবাৰে হায়দৰাবাদত উপস্থিত হৈ বৃহত্তৰ হায়দৰাবাদ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে বিজেপি দলৰ হৈ প্ৰচাৰ চলাব ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে মলকজগিৰী সমষ্টিত এটা ৰোড শ্ব'ত নেতৃত্ব দিব । ইয়াৰ পাছত হায়দৰাবাদৰ পুৰণি চহৰ অকল ইণ্ডিয়া মাজলিছ-এ-ইতেহাদুল মুছলীমৰ শ্বাহ আলী বান্দাত যোগী আদিত্যনাথে এখন জনসভা সম্বোধন কৰিব ।

বোকাজানত তিনিখনকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে

শুকুৰবাৰে কাৰ্বি আংলং জিলাৰ বোকাজান বিধানসভা সমষ্টিত তিনিখনকৈ আঁচনিৰ আধাৰশিলা স্থাপনৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ইয়াৰ পিছতে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

চাৰি দিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে নিজ সমষ্টি মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। এই ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰিব কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যসূচীত।

ক’ভিড 19ৰ ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত যুটীয়াভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি মোডী, জনচনৰ

BREXITৰ পৰৱৰ্তী যুগ আৰু ক’ভিডৰ পৰৱৰ্তী সময়ত ভাৰত আৰু ইংলেণ্ডৰ বাণিজ্য, বৈজ্ঞানিক গৱেষণা, বিশেষজ্ঞ আৰু ছাত্ৰৰ ভ্ৰমণ, প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ সম্ভাৱনা সন্দৰ্ভতো আলোচনা কৰে ৷ জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিবলৈ ভাৰত আৰু ইংলেণ্ডে যুটীয়াভাৱে International Solar Alliance আৰু the Coalition for Disaster Resilient Infrastructure ৰ মঞ্চত কাম কাৰাৰ সন্দৰ্ভটো তেওঁলোকে বিশেষভাৱে জোৰ প্ৰদান কৰে ৷

বিটিচিত এজনো বিজেপি সৰ্মথক নাইঃ হাগ্ৰামা মহিলাৰী

বিটিচিত বিজেপিৰ এজনো সমৰ্থক নাই বুলি দাবী কৰি নিৰ্বাচনী সভাসমূহত বাহিৰৰ মানুহ আনিহে হিমন্ত বিশ্ব শৰ্মাই সভা আয়োজন কৰিছে বুলি কটাক্ষ কৰে হাগ্ৰামাই । বিধানসভা নিৰ্বাচনত বিজেপিয়ে এখনো আসন নাপায় বুলি দাবী কৰি হাগ্ৰামাই বিটিচিত হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি নচলিব বুলি সকিয়াই দিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.