ৰাজ্যত বানৰ ভয়ংকৰ ৰূপ ধাৰণ ৷ সোমবাৰে লাহৰীঘাটৰ টেঙাগুৰী কছাৰী গাঁৱত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নদীৰ পাৰতে কোৰাণ পাঠ, দোৱা প্ৰাৰ্থনা কৰে শ শ বানাক্ৰান্ত লোকে ৷
2. ক্ৰমাৎ অধিক মজবুত হৈছে ভাৰত-ভূটানৰ সম্পৰ্ক
শেহতীয়াকৈ ভূটানৰ নৃপতিয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰিছে এখন পত্ৰ ৷ লক ডাউনৰ সময়ছোৱাত অসমে গ্ৰহণ কৰা ইতিবাচক ভূমিকাক শলাগ লোৱা হৈছে এই পত্ৰত ৷ এই পত্ৰই প্ৰমাণ কৰিছে অসমৰ সৈতে চুবুৰীয়া ৰাজ্য ভূটানৰ সুমধুৰ সম্পৰ্কৰ কথা ৷
3. সুধাকণ্ঠৰ সহশিল্পী গিয়াছুদ্দিন আহমেদৰ দেহাৱসান
সোমবাৰে আমগুৰি গাঁও মায়াচুকৰ বাসভৱনত দেহাৱসান ঘটে সুধাকণ্ঠৰ একালৰ সহযোগী গিয়াছুদ্দিন আহমেদৰ ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ ৷
4. মাদাৰপুৰ গাঁৱৰ মাজেৰে গতি সলালে আই নদীয়ে : পানীৰ তলত সমগ্ৰ গাঁও
চিৰাঙৰ মাদাৰপুৰ গাঁৱত আই নদীৰ বান আৰু গৰাখহনীয়াৰ তাণ্ডৱ । বান্ধ ছিগি গাঁৱৰ মাজেৰে আই নদীৰ পানী সোমোৱাৰ ফলত দুশৰো অধিক পৰিয়ালৰ ঘৰ আই নদীৰ খহনীয়া আৰু বানত বিলীন হৈ পৰিছে । কেইবাশ বিঘা কৃষিভূমি এতিয়া নদীৰ খহনীয়াত হ'ল নিশ্চিহ্ন ।
5. ৰঙিয়াত বানাক্ৰান্তক সহায়ৰ হাত শিল্পীৰ
বান সাহাৰ্য লৈ ৰঙিয়াৰ বান বিধ্বস্ত অঞ্চলত উপস্থিত হ'ল শিল্পীৰ এটা দল । পুঠিমাৰী নৈৰ মথাউৰি ছিঙি সৰ্বস্বান্ত হোৱা বগৰীবাৰীত ৰাইজৰ মাজত সোমবাৰে সাহাৰ্য সামগ্ৰী বিতৰণ কৰিলে দলটোৱে ।
6. চিলাপথাৰত উপস্থিত মন্ত্ৰী পীয়ুয হাজৰিকা
সোমবাৰে অসম চৰকাৰৰ মন্ত্ৰী পীয়ুয হাজৰিকা আৰু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা চিলাপথাৰত উপস্থিত হয় ৷ উক্ত অঞ্চলত উপস্থিত হৈ 25 হাজাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে ৷
7. ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতাৰণা দিৱস উদযাপন
সোমবাৰে ৰাজ্যজুৰি প্ৰধান বিৰোধী দল কংগ্ৰেছে বিজেপি চৰকাৰৰ বিৰুদ্ধে পালন কৰে প্ৰতাৰণা দিৱস প্ৰতিবাদী কাৰ্যসূচী ৷ ৰাজ্যৰ বঙাইগাঁওকে ধৰি বিশ্বনাথ, নগাঁও, কলিয়াবৰ, নাজিৰাতো ব্যাপক প্ৰতিবাদ ৷
8. তেজপুৰত ঘৰে ঘৰে হ’ব ক’ভিড-19ৰ পৰীক্ষা
4 আগষ্টৰ পৰা 6 আগষ্ট পৰ্যন্ত তেজপুৰ চহৰৰ ৱাৰ্ড নং 9, 13, 14 আৰু 15 ত ঘৰে ঘৰে গৈ ৰেপিড এন্টিজেন টেষ্ট কৰাৰ বাবে বিশেষ স্বাস্থ্য কৰ্মীৰ দল নিয়োগ কৰিছে ।
9. ডিমা হাছাওত পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক
ডিমা হাছাও জিলাত পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক । এই পথ দুৰ্ঘটনাটো সংঘটিত হয় লামডিং-শিলচৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লাইলিঙত ।
10. বকোত অখিল গগৈৰ মুক্তিৰ দাবীত অসম মিঞা (অসমীয়া) পৰিষদৰ প্ৰতিবাদ
সোমবাৰে বকোৰ সোণতলীত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অসম মিঞা (অসমীয়া) পৰিষদে ৷ অখিল গগৈৰ মুক্তিৰ দাবীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰীসকলে ৷