ETV Bharat / state

Local Holiday in Kamrup Metro: ৮ মাৰ্চত কামৰূপ (মহানগৰ) জিলাত স্থানীয় বন্ধ

author img

By

Published : Mar 7, 2023, 1:44 PM IST

দৌলযাত্ৰা উপলক্ষে ৮ মাৰ্চত কামৰূপ (মহানগৰ) জিলাত স্থানীয় বন্ধ ঘোষণা (8th March Local Holiday declared in Kamrup Metro) । কামৰূপ জিলা উপায়ুক্ত কীৰ্তি জল্লীয়ে অধিসূচনাযোগে জিলাখনত সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু বিত্তীয় প্ৰতিষ্ঠানত ৮ মাৰ্চত স্থানীয় বন্ধ ঘোষণা কৰিছে । লগতে দুৰ্ঘটনামুক্তভাৱে ৰঙৰ উৎসৱ উদযাপনৰ বাবে আহ্বান জনাইছে অসম আৰক্ষীয়ে ।

Ghy
Ghy

গুৱাহাটী, ৭ মার্চ : আজিৰে পৰা আৰম্ভ হৈছে দৌলযাত্ৰা আৰু হোলী তথা ফাকুৱা (Holi celebrated in Assam) । সমগ্ৰ ৰাজ্যতে পৰম্পৰাগতভাৱে এই দৌলযাত্ৰা আয়োজন কৰা হৈছে (Doul Yatra celebrated in Assam) । এই দৌলযাত্ৰা উপলক্ষে ৮ মাৰ্চত কামৰূপ (মহানগৰ) জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে (8th March Local Holiday declared in Kamrup Metro) । সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা অধিসূচনা অনুসৰি, বুধবাৰে অৰ্থাৎ ৮ মাৰ্চৰ দিনা কামৰূপ মহানগৰ জিলাত ৰাজ্য চৰকাৰৰ সকলো কার্যালয়, শিক্ষানুষ্ঠানত স্থানীয় বন্ধৰ কথা ঘোষণা কৰিছে ।

সেইদিনা জিলাখনৰ বেংক, বিত্তীয় প্রতিষ্ঠানসমূহো বন্ধ থাকিব । একেদৰে কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে সুকীয়া প্ৰেছ অধিসূচনাযোগে জিলাখনত সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু বিত্তীয় প্ৰতিষ্ঠানৰ ক্ষেত্ৰত ৮ মাৰ্চত স্থানীয় বন্ধ ঘোষণা কৰিছে । উল্লেখ্য যে দৌলযাত্ৰাক কেন্দ্ৰ কৰি এতিয়া ৰাজ্যজুৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে । আনহাতে, দৌলযাত্ৰাৰ সমান্তৰালভাৱে পালন কৰা হৈছে হোলী বা ফাকুৱা । কিন্তু এই ৰঙৰ উৎসৱ ফাকুৱা পালন কৰোঁতে যাতে সকলোৱে সাৱধানতা অৱলম্বন কৰে তাৰ বাবে সতৰ্ক কৰি দিছে অসম আৰক্ষীয়ে ।

অসম আৰক্ষীৰ জাননী
অসম আৰক্ষীৰ জাননী

লগতে দুৰ্ঘটনামুক্তভাৱে ৰঙৰ এই উৎসৱ উদযাপনৰ বাবে আহ্বান জনাইছে অসম আৰক্ষীয়ে (Assam police appeal to accident free holi celebration) । ফাকুৱা বা দৌল উৎসৱত গাড়ীচালক আৰু দুচকীয়া বাহনৰ চালকসকলে নিচাক্ত দ্ৰব্য সম্পূৰ্ণৰূপে পৰিহাৰ কৰা, ছীট বেল্ট ব্যৱহাৰ কৰি গাড়ী চলোৱা , দুচকীয়া বাহনৰ চালক আৰু আৰোহীয়ে হেলমেট পৰিধান কৰা, গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণত ৰখা, যান-বাহন আইন উলংঘা নকৰা আৰু ৰাসায়নিক দ্ৰব্যযুক্ত ফাকুৱা ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে অসম আৰক্ষীয়ে ।

উল্লেখ্য যে ফাকুৱাৰ সময়ছোৱাত বিভিন্ন ধৰণৰ দুৰ্ঘটনা আৰু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় । বিশেষকৈ ফাকুৱাৰ সময়ত মদ্যপান কৰিবাইক বা চাৰিচকীয়া বাহন আদি চলোৱাৰ ফলত পূৰ্বতে বহু দুৰ্ঘটনা সংঘটিত হৈছে । আনকি ইয়াৰ বাবে প্ৰাণহানিৰ দৰে ঘটনাও সংঘটিত হৈছে । সেয়ে অসম আৰক্ষীয়ে সুৰক্ষিতভাৱে ফাকুৱা পালন কৰিবলৈ সকলোকে আহ্বান জনাইছে ।

লগতে পঢ়ক :Holi 2023: হোলী খেলোতে মনত ৰাখিব এইসমূহ কথা, তেতিয়াহে ল'ব পাৰিব উৎসৱৰ মজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.