ETV Bharat / state

সামৰণি পৰিল অষ্টম অসম আন্তঃৰাষ্ট্ৰীয় কৃষি-উদ্যান শস্য মেলাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 11:02 PM IST

8th Assam International Agri Horti Show 2023: শনিবাৰৰ পৰা আৰম্ভ হোৱা অষ্টম অসম আন্তঃৰাষ্ট্ৰীয় কৃষি-উদ্যান শস্য মেলাৰ সোমবাৰে সামৰণি পৰে ৷

8th Assam International Agro-Horticulture Fair concludes in guwahati
কৃষি-উদ্যান শস্য মেলাৰ সামৰণি
কৃষিমন্ত্ৰী অতুল বৰাৰ মন্তব্য

গুৱাহাটী, ১৮ ডিচেম্বৰ : খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত অষ্টম অসম আন্তঃৰাষ্ট্ৰীয় কৃষি-উদ্যান শস্য মেলাৰ সোমবাৰে সামৰণি পৰিল । আজিৰ এই শস্য মেলাখনৰ সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী । লগতে উপস্থিত থাকে কৃষিমন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, যোগেন মোহন, অসম বীজ নিগমৰ অধ্যক্ষ প্ৰবীণ হাজৰিকা, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱাকে আদি কৰি বহু কেইজন বিশিষ্ট ব্যক্তি ।

এই অনুষ্ঠানতে কৃষিমন্ত্ৰী অতুল বৰাই কয়, ‘আন্তৰ্জাতিক মেলাখনৰ বাবেই অসমৰ এচাম যুৱ উদ্যোগীৰ প্ৰচেষ্টাত স্বকীয় মানবিশিষ্ট ৰাজ্যখনৰ বিভিন্ন শস্যই বিশ্বৰ বজাৰত আজি ভুমুকি মাৰিবলৈ সক্ষম হৈছে আৰু কৃষকসকলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত চলি থকা আত্মনিৰ্ভৰ অসম গঢ়াৰ যাত্ৰাত উল্লেখনীয় ভূমিকা ল’ব পাৰিছে । আজি দৃঢ়তাৰে ক’ব খোজোঁ যে যি লক্ষ্য-উদ্দেশ্যৰে এই মেলাখনি আয়োজন কৰা হৈছে, তাৰ সাৰ্থকতাৰ প্ৰতিচ্ছবিখন আৰু ইয়াৰ প্ৰভাৱ অনাগত দিনবোৰত আমাৰ কৃষক ৰাইজে সকলোৰে আগত দাঙি ধৰিবলৈ সক্ষম হ’ব’ ।

তেওঁ লগতে উল্লেখ কৰে, ‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত অনাগত সময়তো আমি ৰাজ্যখনৰ কৃষক ৰাইজৰ স্বাৰ্থত এনেকুৱা কাৰ্যসূচী অব্যাহত ৰাখিবলৈ প্ৰয়াস কৰি যাম’ । উল্লেখ্য যে, ১৬ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ আয়োজন কৰা হৈছিল অষ্টম অসম আন্তঃৰাষ্ট্ৰীয় কৃষি-উদ্যান শস্য মেলাৰ । এই শস্য মেলাত মালয়েছিয়া, দক্ষিণ কোৰিয়া, বাংলাদেশ, মংগোলিয়া, ভূটান,‌ নিউজীলেণ্ড, ইৰাণ, ইন্দোনেছিয়াকে ধৰি বিশ্বৰ ১১ খন বহি:ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

"কৃষকৰ আয় বৃদ্ধিৰে স্ব-নিৰ্ভৰশীলতাৰ ক্ষেত্ৰত এখোজ'' মূল বিষয় হিচাপে ৰাখি অনুষ্ঠিত কৰা মেলাখনত ২২৩ খন প্ৰদৰ্শনী বিপণিয়ে ভাগ লয় । আজিৰ এই সামৰণি অনুষ্ঠানটিত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকীও কৃষকক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে আন্তৰ্জাতিক মেলাখনত কেইবাটাও শিতানৰ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বঁটাৰ বাবে নিৰ্বাচিত হোৱাসকলক বঁটা প্ৰদান কৰা হয় ।

লগতে পঢ়ক : বহিৰাগত কোনোবা এজন লালুকী-ভালুকীক আনি তৈলমৰ্দন কৰিলে নহ’ব: বীৰ লাচিত সেনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.