ETV Bharat / state

16 ডিচেম্বৰৰ পৰা তিনি দিনীয়াকৈ অষ্টম আন্তর্জাতিক কৃষি উদ্যান শস্য মেলা

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 10:06 PM IST

খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত 16 ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অষ্টম বাৰ্ষিক অসম আন্তর্জাতিক কৃষি-উদ্যান শস্য মেলা ৷ কৃষিমন্ত্ৰী অতুল বৰাই এক সংবাদমেল যোগে এই কথা সদৰী কৰে ৷

Assam International Agri Horti Show
অষ্টম আন্তর্জাতিক কৃষি উদ্যান শস্য মেলা
কৃষিমন্ত্ৰী অতুল বৰাৰ সংবাদমেল

গুৱাহাটী, 14 ডিচেম্বৰ : ৰাজ্যৰ কৃষি বিভাগৰ উদ্যোগত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত 16 ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অষ্টম বাৰ্ষিক অসম আন্তর্জাতিক কৃষি-উদ্যান শস্য মেলা অনুষ্ঠিত হ’ব ৷ বৃহস্পতিবাৰে কৃষিমন্ত্ৰী অতুল বৰাই এক সংবাদমেল যোগে এই কথা সদৰী কৰে ৷

এই কৃষি উদ্যান শস্য মেলাত মালয়েছিয়া, দক্ষিণ কোৰিয়া, বাংলাদেশ, মংগোলিয়া, ভূটান,‌ নিউজীলেণ্ড, ইৰাণ, ইন্দোনেছিয়াকে ধৰি বিশ্বৰ 11 খন দেশে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী বৰাই ৷ এই মেলাই বিগত সময়ছোৱাত ৰাজ্যখনৰ কৃষি- উদ্যান শস্যখণ্ডৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে আন্তর্জাতিক কৃষি-উদ্যান শস্য মেলাৰ বিশাল মঞ্চত অসমৰ কৃষক, দেশ-বিদেশৰ কৃষি বিজ্ঞানী, কৃষি আৰু ইয়াৰ সহযোগী খণ্ডসমূহৰ সৈতে জড়িত বিভিন্ন চৰকাৰী বিভাগ, সংস্থা, কৃষি প্ৰযুক্তি বিকাশ সংস্থা আদিক জড়িত কৰাই অসমৰ কৃষকৰ আৰ্থ-সামাজিক বিকাশ ত্বৰান্বিত কৰাই এই মেলাৰ মুখ্য উদ্দেশ্য বুলি মন্ত্ৰীজনে জানিবলৈ দিয়ে ৷

অষ্টম অসম আন্তর্জাতিক কৃষি-উদ্যান শস্য মেলাৰ মূল বিষয় "কৃষকৰ আয় বৃদ্ধিৰে স্ব-নিৰ্ভৰশীলতাৰ ক্ষেত্ৰত এখোজ'' ৰখা হৈছে বুলি মন্ত্ৰীজনে সদৰী কৰে ৷ এই মেলাৰ সৈতে সংগতি ৰাখি বহুকেইখন কাৰিকৰী অধিৱেশন আৰু আলোচনা-চক্ৰও অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে তেওঁ ৷ 16 ডিচেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই মেলাৰ শুভ উদ্বোধন কৰিব ৷ উদ্বোধনী অনুষ্ঠানতে ৰাজ্যৰ কেইবাজনো প্ৰগতিশীল কৃষকক জনোৱা হ'ব সম্বৰ্ধনা ৷ লগতে এই অনুস্থানতে মুখ্যমন্ত্ৰীয়ে অসম বীজ নিগমৰ এটা নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰিব বুলি মন্ত্ৰী অতুল বৰাই জানিবলৈ দিয়ে ৷

এই কৃষি মেলাত 223 খন বিপনীৰ প্ৰদৰ্শনী থাকিব ৷ 7.5 কোটি টকা ব্যয় সাপেক্ষে আয়োজন কৰা এই কৃষি মেলা 18 ডিচেম্বৰ তাৰিখে অন্ত পৰিব ৷ আনহাতে এই সংবাদমেলতে দেশী-বিদেশী পৰ্যটকৰ সুবিধাৰ্থে কাজিৰঙাত নতুনকৈ এখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ অৰ্কিড পাৰ্ক নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে কৃষিমন্ত্ৰী গৰাকীয়ে ৷ ইতিমধ্যে প্ৰথম পৰ্যায়ত 17 কোটি টকাৰ আৱণ্টন দিয়া হৈছে এই পাৰ্ক নিৰ্মাণৰ বাবে ৷ লগতে ক্ষেত্ৰীত নিৰ্মাণ হ'ব চেণ্টাৰ অৱ এক্সিলেন্স ৷ ইয়াৰ বাবে আবণ্টন দিয়া হৈছে 10 কোটি টকা ৷ বৰ্তমান ইয়াৰ নিৰ্মাণকাৰ্য চলি আছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : ডিব্ৰুগড় বিমান বন্দৰৰ নাম চাওলুং ছ্যু-কা-ফাৰ নামেৰে ৰখাৰ প্ৰস্তাৱ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.