গুৱাহাটী, 10 ছেপ্টেম্বৰঃ আজি বিশিষ্ট কবি নীলমণি ফুকনৰ 86 সংখ্যক ওপজা দিন ৷1933 চনৰ 10 ছেপ্টেম্বৰত অৰ্থাৎ আজিৰ দিনটোত দেৰগাঁৱত জন্মগ্ৰহণ কৰিছিল বিশিষ্ট কবি গৰাকীয়ে৷
কবিতাৰ জৰিয়তে কবি নীলমণি ফুকনে ৰাইজক দি গৈছে জীয়াই থকাৰ সুবাস ৷সমাজৰ বাস্তৱ ছবিক কবিতাৰ ছন্দত আঁকিছিল প্ৰবীণ কবি গৰাকীয়ে৷ উল্লেখ্য যে সাহিত্য জগতত আগবঢ়োৱা অৱদানৰ বাবে শেহতীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে কবি গৰাকীক প্ৰদান কৰে 'ডি লীট' ডিগ্ৰী । অসমৰ সাহিত্যজগতত এক নতুন ধাৰাৰ সূচনা কৰা কবিগৰাকীক আজি তেওঁৰ জন্মদিনত সকলোৱে অলেখ শুভকামনা জনাইছে৷ কলম আৰু কাগজকে সংগী কৰি আধা জীৱন পাৰ কৰা এইগৰাকী মহান কবিলৈ ইটিভি ভাৰতৰ তৰফৰ পৰা জন্মদিনৰ শুভেচ্ছা৷