গুৱাহাটী, 23 আগষ্ট: গুৱাহাটী মহানগৰীৰ 85 হাজাৰ খিলঞ্জীয়াক আজি পৰ্যন্ত দিয়া ন'হল মাটিৰ পট্টা ৷ মহানগৰীৰ বিভিন্ন পাহাৰত বসবাস কৰা লোকসকলক চৰকাৰে বছৰ বছৰ ধৰি মাটি পট্টা দিয়া নামত আভুৱা ভৰি আহিছে ৷ চৰকাৰে মাটি পট্টা দিয়া কাম আৰম্ভই নকৰা বুলি অভিযোগ উত্থাপন কৰে গুৱাহাটী মাটি পট্টাকৰণ সমিতি আৰু ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে ৷ শুকুৰবাৰে এক সংবাদমেলযোগে এই কথা সদৰী কৰে সংগঠন দুটাই,লগতে কয় যে চৰকাৰৰ এই প্ৰতাৰণাৰ প্ৰতিবাদত 8 ছেপ্তেম্বৰৰ পৰা 14 ছেপ্তেম্বৰলৈ পদযাত্ৰাৰ কাৰ্যসূচী হাতত লৈছে ৷ ইয়াৰ পিছতো চৰকাৰৰ গা নলৰিলে আগন্তুক পৌৰসভা নিৰ্বাচন বৰ্জন কৰাৰো হুংকাৰ দিয়ে সংগঠন দুটাই ৷
85 হাজাৰ খিলঞ্জীয়াক আজি পৰ্যন্ত দিয়া ন'হল মাটিৰ পট্টা - গুৱাহাটী মাটি পট্টাকৰণ সমিতি
85 হাজাৰ খিলঞ্জীয়াক আজি পৰ্যন্ত দিয়া ন'হল মাটিৰ পট্টা ৷ গুৱাহাটী মাটি পট্টাকৰণ সমিতি আৰু ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে চৰকাৰৰ এই প্ৰতাৰণাৰ প্ৰতিবাদত 8 ছেপ্তেম্বৰৰ পৰা 14 ছেপ্তেম্বৰলৈ পদযাত্ৰাৰ কাৰ্যসূচী হাতত লৈছে ৷ ইয়াৰ পিছতো চৰকাৰৰ গা-নৰলিলে আগন্তুক পৌৰসভা নিৰ্বাচন বৰ্জন কৰাৰো হুংকাৰ দিয়ে সংগঠন দুটাই ৷
গুৱাহাটী, 23 আগষ্ট: গুৱাহাটী মহানগৰীৰ 85 হাজাৰ খিলঞ্জীয়াক আজি পৰ্যন্ত দিয়া ন'হল মাটিৰ পট্টা ৷ মহানগৰীৰ বিভিন্ন পাহাৰত বসবাস কৰা লোকসকলক চৰকাৰে বছৰ বছৰ ধৰি মাটি পট্টা দিয়া নামত আভুৱা ভৰি আহিছে ৷ চৰকাৰে মাটি পট্টা দিয়া কাম আৰম্ভই নকৰা বুলি অভিযোগ উত্থাপন কৰে গুৱাহাটী মাটি পট্টাকৰণ সমিতি আৰু ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে ৷ শুকুৰবাৰে এক সংবাদমেলযোগে এই কথা সদৰী কৰে সংগঠন দুটাই,লগতে কয় যে চৰকাৰৰ এই প্ৰতাৰণাৰ প্ৰতিবাদত 8 ছেপ্তেম্বৰৰ পৰা 14 ছেপ্তেম্বৰলৈ পদযাত্ৰাৰ কাৰ্যসূচী হাতত লৈছে ৷ ইয়াৰ পিছতো চৰকাৰৰ গা নলৰিলে আগন্তুক পৌৰসভা নিৰ্বাচন বৰ্জন কৰাৰো হুংকাৰ দিয়ে সংগঠন দুটাই ৷
Body:শুকুৰবাৰে এক সংবাদমেলৰ জৰিয়তে চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতি উদঙাই দিয়ে সংগঠন দুটাই । কেৱল মাত্ৰ ৰাইজক সান্তনা দিয়েই দায়িত্ব সামৰিলে চৰকাৰে । সেয়ে চৰকাৰৰ এনে প্ৰতাৰণৰ বাবে ৮ ছেপ্টেম্বৰৰ পৰা 14 ছেপ্টেম্বৰ লৈ সপ্তাহ জোৰা পদ যাত্ৰাৰ কাৰ্যসূচী হাতত লৈছে সংগঠন দুটাই । সেই অনুসৰি ৮ ছেপ্টেম্বৰত সোণাৰাম হাইস্কুল খেল পথাৰৰ পৰা যাত্ৰা আৰম্ভ কৰি মহানগৰীৰ সকলো পাহাৰত পদ যাত্ৰা কৰি 14 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত শেষ কৰিব । যিকোনো কাৰনতে চৰকাৰৰে খিলঞ্জীয়া লোক সকলক মাটিৰ পট্টা দিব ই লাগিব বুলি শেষ সকিয়নী দিয়ে চৰকাৰক । লগতে যদি চৰকাৰে ইয়াৰ পাছতো কোনো ব্যৱস্থা নলয় তেন্তে আগন্তুক পৌৰ নিগমৰ নিৰ্বাচন বৰ্জন কৰাৰো ভাবুকি দিয়ে সংগঠন দুটাই ।
Conclusion:লিপিকা ডেকা, গুৱাহাটী