ETV Bharat / state

GMC Election 2022 : 8,097 গৰাকী ভোটাৰৰ ন’টাত ভোটদান - গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন 2022

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন(GMC Election 2022) ত মুঠ 8,097 গৰাকী ভোটাৰে ন'টাত ভোটদান(8097 voters cast NOTA votes on GMC election 2022 ) কৰিছে । উল্লেখ্য যে, এইবাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত 52.80 শতাংশ ভোটদান হৈছিল । নিৰ্বাচনটোত হোৱা ভোটদানৰ হাৰ আৰু ন'টাত কৰা ভোটদানৰ হাৰে গুৱাহাটীবাসীৰ নিৰ্বাচনত আৰু জনপ্ৰতিনিধিৰ প্ৰতি আস্থা আৰু বিশ্বাস হেৰুৱাইছে নেকি, বুলি বহুমূলীয়া প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷

8097-voters-cast-nota-votes-on-gmc-election-2022
8,097 গৰাকী ভোটাৰৰ ন’টাত ভোটদান
author img

By

Published : Apr 25, 2022, 1:20 PM IST

গুৱাহাটী, 25 এপ্ৰিল : সদ্যসমাপ্ত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন(GMC Election 2022) ত মুঠ 8,097 গৰাকী ভোটাৰে ন'টাত ভোটদান কৰে ৷ শেহতীয়াকৈ অনুষ্ঠিত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল মাত্ৰ 52.80 শতাংশ অৰ্থাৎ 4,00,806 টা ভোটদান সম্পন্ন হৈছিল ৷ ইয়াৰ পূৰ্বে অনুষ্ঠিত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ভোটদান হৈছিল 49 শতাংশ ৷ অৰ্থাৎ যোৱাবাৰৰ তুলনাত এইবাৰৰ নিৰ্বাচনত মাত্ৰ তিনি শতাংশ ভোটদান বৃদ্ধি হৈছে ৷

আনহাতে, এইবেলি পৌৰ নিগমৰ নিৰ্বাচনত মুঠ 8,097 গৰাকী ভোটাৰে তেওঁলোকৰ পছন্দৰ প্ৰাৰ্থীয়েই বিচাৰি নাপালে(8097 voters cast NOTA votes on GMC election 2022 ) ৷ ইভিএমত ন’টা বুটাম টিপি(NOTA votes on GMC election 2022) তেওঁলোকে প্ৰকাশ কৰিছে এই অসন্তুষ্টি ৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ভোটদানৰ হাৰ আৰু ন'টাত কৰা ভোটদানৰ হাৰে গুৱাহাটীবাসীৰ নিৰ্বাচনৰ লগতে জনপ্ৰতিনিধিৰ প্ৰতি আস্থা আৰু বিশ্বাস হেৰুওৱাৰ প্ৰশ্ন উত্থাপন কৰিছে ৷

উল্লেখ্য যে, আজিকালি ইভিএমত প্ৰার্থীসকলৰ নামৰ বিপৰীতে একোটাকৈ বুটাম থকাৰ উপৰিও এটা ন'টা বুটাম সংযোজিত হৈ থাকে ৷ কোনো ভোটাৰে ভোট দিবলৈ তেওঁৰ কোনো পছন্দৰ প্ৰার্থী নাথাকিলে ন'টা বুটাম টিপি এই অসন্তুষ্টি প্ৰকাশ কৰিব পাৰে ৷ গুৱাহাটী পৌৰ নিগমৰ সদ্যসমাপ্ত নিৰ্বাচনৰ ভোটগণনাত দেখা গ'ল যে, প্ৰতিটো ৱাৰ্ডত বহুসংখ্যক ভোটাৰে ন’টা বুটাম টিপি তেওঁলোকৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ মহানগৰীৰ 12 নংৱাৰ্ডত সৰ্বাধিক 372 গৰাকী ভোটাৰে ন'টাত বুটাম টিপি নিজৰ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৷

আনহাতে, 17 নং ৱাৰ্ডত কংগ্ৰেছ প্ৰার্থীগৰাকীয়ে লাভ কৰা 97 টা ভোটৰ বিপৰীতে ৱার্ডটোত 100 গৰাকী ভোটাৰে ন'টাৰ বুটাম টিপিছে ৷ এইদৰে ভোটগ্ৰহণ হোৱা 57 টা ৱাৰ্ডত মুঠ 8,097 গৰাকী ভোটাৰে ন'টাৰ বুটাম টিপি তেওঁলোকৰ অসন্তুষ্টি ব্যক্ত কৰিছে ৷

লগতে চাওক: পৌৰ নিগমৰ নিৰ্বাচনত ৫৯.৩১ শতাংশ ভোট লাভ বিজেপিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.