ETV Bharat / state

Certificate forgery in police Recruitment: দুদিনৰ বাবে CID ৰ জিম্মালৈ ধৃত ৮ প্ৰাৰ্থী

কম্পিউটাৰ পাঠ্যক্ৰমৰ ভূৱা নথি দাখিলৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৮ গৰাকী প্ৰাৰ্থীক দুদিনৰ বাবে চি আই ডিৰ জিন্মালৈ প্ৰেৰণ(8 candidates in CID custody for two days)। কম্পিউটাৰ পাঠ্যক্ৰমৰ ভূৱা নথি দাখিলৰ অভিযোগত সোমবাৰে দিনযোৰা জেৰাৰ পিছত নিশা ৮ জনকৈ প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰা হৈছিল(8 candidates arrested) ।

8 candidates in cid custody for two days
দুদিনৰ বাবে CID ৰ জিম্মাত ধৃত ৮ প্ৰাৰ্থী
author img

By

Published : Oct 18, 2022, 7:06 PM IST

গুৱাহাটী,১৮ অক্টোবৰ: কম্পিউটাৰ পাঠ্যক্ৰমৰ ভূৱা নথি দাখিলৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৮ গৰাকী প্ৰাৰ্থীক দুদিনৰ জিন্মাত লয় চি আই ডি য়ে(8 candidates in CID custody for two days) । চিআইডিয়ে ৫ দিনৰ বাবে জিম্মাত বিচাৰিছিল যদিও আদালতে ২ দিনৰ বাবে CID ৰ জিম্মালৈ প্ৰেৰণ কৰে ৮ অভিযুক্তক । সোমবাৰে দিনযোৰা জেৰাৰ অন্তত কম্পিউটাৰ পাঠ্যক্ৰমৰ ভূৱা নথি দাখিলৰ অভিযোগত ৮ জনকৈ প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰা হৈছিল(8 candidates arrested) ।

গ্ৰেপ্তাৰ হোৱা প্ৰাৰ্থী কেইজন ক্ৰমে আব্দুল ৰহমান, সমৰ দাস, যাবিদ আহমেদ, ফিৰোজ আহমেদ, ইছমাইল হুছেইন, দিলদাৰ অল হুছেইন, অশোক বৰ্মণ, অনিৰ্বান দাস বুলি আৰক্ষীৰ এক সূত্ৰই সদৰি কৰিছে । মংগলবাৰে আদালতত হাজিৰ কৰোৱা সময়ত গ্ৰেপ্তাৰ হোৱা প্ৰাৰ্থী সকলে সময়ত সকলো উত্তৰ ওলাব বুলি মন্তব্য কৰি অসম পুলিচ জিন্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হয় ।

উল্লেখ্য যে অসম আৰক্ষীৰ কনিষ্টবল পৰ্যায়ৰ পৰীক্ষাত কম্পিউটাৰ পাঠ্যক্ৰমৰ ভূৱা নথি দাখিলৰ অভিযোগত সোমবাৰে নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰা হৈছিল ৮ জনকৈ প্ৰাৰ্থীক । সোমবাৰে ২২ জন প্ৰাৰ্থীক চি আই ডি কাৰ্যালয়লৈ তলব কৰিছিল । দিনযোৰা জেৰাৰ পিছত ৮ জনক গ্ৰেপ্তাৰ কৰি বাকী ১৪ জন প্ৰাৰ্থীক য‍াবলৈ দিছিল CID য়ে । এই ১৪ জন প্ৰাৰ্থীক ২০ অক্টোবৰত পুনৰ CID ৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হয় ।

সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত চি আই ডি ত ৫/২২ নম্বৰত এটি গোচৰ ৰুজু হৈছিল(100 selected candidates summoned by CID) । সেই গোচৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে চি আই ডি এ । তদন্তৰ সময়ত বৰপেটা, বঙাইগাঁও, ধুবুৰী, নলবাৰী, নগাঁও, যোৰহাট, শিৱসাগৰৰ লগতে বিভিন্ন প্ৰান্ততে কম্পিউটাৰ চেন্টাৰ সমূহত CID য়ে অভিযান চলাইছিল । ২০১৮ চনত অসম আৰক্ষী নিযুক্তি প্ৰক্ৰিয়াত আবেদন কৰি ২০২১ ত শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ২০২২ ৰ ২০ ফেব্ৰুৱাৰীত লিখিত পৰীক্ষাত অৱৰ্তীৰ্ণ হৈছিলে ।

১২ মে’ত ইয়াৰ ফলাফল ঘোষণা কৰা হৈছিল । কিন্তু ৪১৪ জন প্ৰাৰ্থীৰ কম্পিউটাৰ পাঠ্যক্ৰমৰ নথি ভুৱা বুলি ফলাফল স্থগিত ৰাখিছিল(Computer certificates of 414 candidates were fake) । পূৰ্বেও CID এ প্ৰাৰ্থীসকলক কাৰ্যালয়লৈ মাতি কম্পিউটাৰ শিক্ষাৰ প্ৰমাণপত্ৰ ভেৰিফিকেচন কৰিছিল ।

লগতে পঢ়ক: Certificate forgery in police Recruitment: গ্ৰেপ্তাৰ হোৱা যুৱকৰ মন্তব্য, আমি ভুল কৰা নাই

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.