ETV Bharat / state

গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ পূৰ্ণাংগ অধিবেশন সমাপ্ত

গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত উত্তৰ-পূব পৰিষদৰ ৭০ সংখ্যক পূৰ্ণাংগ অধিবেশন (70th Plenary Session of North Eastern Council) সমাপ্ত । অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত অধিবেশনৰ শেষৰ দিনটোত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে (Union Home Minister Amit Shah) ।

author img

By

Published : Oct 9, 2022, 8:37 PM IST

NEC
NEC

গুৱাহাটী, ৯ অক্টোবৰ : সমাপ্ত হ'ল গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত উত্তৰ-পূব পৰিষদৰ ৭০ সংখ্যক পূৰ্ণাংগ অধিবেশন (70th Plenary Session of North Eastern Council) । অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত অধিবেশনৰ শেষৰ দিনটোত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে (Union Home Minister Amit Shah) ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘অষ্টলক্ষ্মী’ (PM Narendra Modi) হিচাপে অভিহিত কৰা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাংগীণ উন্নয়নৰ (North eastern region) সৈতে জড়িত বিভিন্ন বিষয়ত এই সভাত আলোকপাত কৰা হয় । অধিবেশনৰ পিছতে ড'নাৰ মন্ত্ৰী জি কিষাণ ৰেডীয়ে (DoNER Minister G Kishan Reddy) সংবাদ মাধ্যমৰ আগত কয়, "আজি প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল, মুখ্য সচিব আৰু ভাৰত চৰকাৰৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হয় । আমাৰ আজিৰ বৈঠকৰ এটাই লক্ষ্য আছিল- উত্তৰ-পূৰ্বাঞ্চলৰ দ্ৰুতগতিত উন্নয়ন ।"

গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ পূৰ্ণাংগ অধিবেশন সমাপ্ত
গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ পূৰ্ণাংগ অধিবেশন সমাপ্ত

তেওঁ কয়, "দেশৰ অন্য প্ৰান্তৰ দৰেই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ উন্নয়নেই আমাৰ লক্ষ্য । বানপানী কেনেদৰে ৰোধ কৰিব পৰা যায়, উত্তৰ-পূৰ্বাঞ্চললৈ কিমান বিনিয়োগ কৰিব পৰা যায় সেই সন্দৰ্ভত আলোচনা হৈছে । আমাৰ প্ৰথম আৰু শেষ এজেণ্ডাই হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ কেৱল বিকাশ । দেশৰ গাইডলাইন উত্তৰ-পূৰ্বাঞ্চলত সফল হ'ব নোৱাৰে । সেয়ে আমি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে পৃথক গাইডলাইন প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছোঁ ।"

উত্তৰ-পূৰ্বাঞ্চলৰ পৰা কেন্দ্ৰই বিভিন্ন আঁচনিৰ নামত দিয়া ধন উভতি যোৱা সন্দৰ্ভত কয়, "সম্পূৰ্ণ ধন খৰচ কৰিব নোৱাৰে । সেয়ে এই সিদ্ধান্ত । বিশেষকৈ কৃষি খণ্ডৰ ধন সম্পূৰ্ণ খৰচ নহয় । বহু ধন কেন্দ্ৰলৈ পুনৰ উভতি যায় । কাৰণ ইয়াৰ কৃষি প্ৰণালী, ভূমি আৰু পৰিৱেশৰ অন্য ৰাজ্যৰ লগত পাৰ্থক্য আছে । উত্তৰ-পূৰ্বাঞ্চলত কৃষিৰ বাবে ভূমি কম আছে ।"

তেওঁ লগতে কয় যে কৃষি ক্ষেত্ৰৰ বাবেও পৃথক গাইডলাইন প্ৰস্তুত কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে । আনহাতে, উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তী উদযাপন কৰা হ'ব বুলিও প্ৰকাশ কৰে । তেওঁ লগতে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমি আমন্ত্ৰণ জনাম । শ্বিলঙত অনুষ্ঠিত হ'ব উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তী উদযাপনৰ কাৰ্যসূচী ।" উল্লেখ্য, ৰাজ্যসমূহৰ সীমাবিবাদ সন্দৰ্ভতো আজি আলোচনা কৰা হয় । প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সকলোকে সমিলমিলে আগবাঢ়িবৰ বাবে পৰামৰ্শ দিয়া হৈছে । এয়া মণিপুৰ, এয়া মিজোৰাম, এয়া অসমৰ ভূমি বুলি ভাবি নাথাকি সকলোৱে একতাৰে কাম কৰিব লাগিব বুলিও কয় ।

তেওঁ কয়, "বানমুক্ত অসমসহ উত্তৰ-পূৰ্বাঞ্চল সন্দৰ্ভত আমাৰ শনিবাৰে এখন গুৰুত্বপূৰ্ণ সভা হৈছে ।" উগ্ৰপন্থী সমস্যা সন্দৰ্ভত বহু কাম আগবাঢ়িছে বুলিও মন্তব্য কৰে । উল্লেখ্য, উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডী, ৰাজ্যিক মন্ত্ৰী বি এল বাৰ্মা, অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ মন্ত্ৰীসকলৰ লগতে ভাৰত চৰকাৰ আৰু ৰাজ্যসমূহৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে অন্যান্য গণ্য-মান্য ব্যক্তিসকলো সভাত উপস্থিত থাকে ।

লগতে পঢ়ক :অমিত শ্বাহক হিতেশ্বৰ শইকীয়াৰ চৰকাৰে কৰা ব্যৱহাৰক লৈ গৌৰৱান্বিত ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.