প্ৰমোদ বড়ো জিন্দাবাদ ধ্বনিৰে মুখৰিত বাক্সা
সোমবাৰে সংবাদমেলযোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰমোদ বড়োক পৰৱৰ্তী বিটিচি প্ৰধান হিচাপে ঘোষণা কৰাৰ পাছতে বাক্সা জিলাত দেখা গৈছে উৎসৱমুখৰ পৰিৱেশ ৷ ইউ পি পি এলৰ দলৰ সফলতা তথা প্ৰমোড বড়োৱ নতুন বিটিচি প্ৰধান হিচাপে পাই নৃত্য-গীতেৰে আনন্দ উল্লাসত মতলীয়া হৈ পৰিছে বিটিচিবাসী ৷
বিটিচিৰ নতুন মুৰব্বী প্ৰমোদ বড়োঃমুখ্যমন্ত্ৰী সোণোৱাল
বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে নিৰ্বাচিত হ’ল ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো ৷ নৱ নিৰ্বাচিত বিটিচি প্ৰধান হিচাপে প্ৰমোদ বড়োৰ নাম ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সদ্য বিজয়ী 21 জনীয়া পাৰিষদীয় দলে দেওবাৰে পুৱা সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰী সোণোৱালক ৷ লগতে আছিল বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ৷
ঘোষণা হ’ল বিটিচিৰ নতুন পৰিষদৰ শপত গ্ৰহণৰ দিন
বিজেপি, ইউপিপিএল আৰু গণ সুৰক্ষা পাৰ্টীৰ যৌথ সংবাদমেলত বিটিচিৰ নতুন পৰিষদৰ শপত গ্ৰহণৰ দিন ঘোষণা ৷ 15 ডিচেম্বৰত হ’ব বিটিচিৰ নতুন পৰিষদৰ শপত গ্ৰহণ ৷
৫ শ্বহীদক স্মৰণ কৰি পুনৰ CAA আন্দোলনৰ কথা ক'লে লুৰীণজ্যোতি গগৈয়ে
শনিবাৰে মৰাণৰ মাহমৰাত এক অনুষ্ঠানত অংশ লৈ আছু প্ৰাক্তন সম্পাদক জনে CAA আন্দোলনৰ ৫ শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰে । লগতে পুনৰ CAA আন্দোলনৰ কথা ক'লে লুৰীণজ্যোতি গগৈয়ে ।
ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত
ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বন্যহস্তী আৰু মানুহৰ সংঘাতত বহু লোক মৃত্যু মুখত পৰিছে ।
বৰপেটাত অসম গণ পৰিষদৰ সাংগঠনিক তৎপৰতা
বৰপেটা সমষ্টি ভিত্তিত অনুষ্ঠিত যুৱ সমাৰোহত বৰপেটাৰ প্ৰায় পাঁচ শতাধিক আছু নেতা কৰ্মীসহ বহু সংখ্যালঘু যুৱকে যোগদান কৰে ৷ যুৱ পৰিষদৰ যোগদান সমাৰোহত অংশগ্ৰহণ কৰি বৰপেটাৰ অগপ বিধায়ক গুনীন্দ্ৰ নাথ দাসে ২১ৰ নিৰ্বাচনত বৰপেটা সমষ্টিৰ লগতে চেঙা আৰু সৰুক্ষেত্ৰী সমষ্টিত কংগ্ৰেছ-এআইইউডিএফ যিকোনো শক্তিকে পৰাজিত কৰিব বুলি দাবী কৰে ৷
এতিয়া বিটিআৰত সকলো জাতি-জনগোষ্ঠীয়ে শান্তিৰে দিন কটাব পাৰিব:প্ৰমোদ বড়ো
প্ৰমোদ বড়ো হ'ব পৰৱৰ্তী বিটিচি প্ৰধান ৷ সোমবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস,প্ৰমোদ বড়ো, নৱ শৰণীয়াৰ উপস্থিতিত এক যৌথ সংবাদমেল যোগে এই কথা ঘোষণা কৰিছে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাজ্যপালৰ লগত কথা পাতি 15 তাৰিখৰ ভিতৰতে শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ চেষ্টা কৰিম বুলি মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷
'পে এণ্ড প্লে' আঁচনিৰ অধীনত ৰাজ্যিক ক্ৰিকেট একাডেমীত প্ৰশিক্ষণৰ ব্যৱস্থা
গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত এক অনুষ্ঠান অনুষ্ঠিত কৰি 'পে এণ্ড প্লে' নামৰ এক আঁচনিৰ শুভ উদ্বোধন কৰে অসম ক্ৰিকেট সন্থাই । ক্ৰিকেট সন্থা কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি এই আঁচনিৰ জৰিয়তে জিলা অথবা ক্লাবত প্ৰশিক্ষণ অবিহনেই যুৱক-যুৱতীসকলে অসম ক্ৰিকেট সন্থাৰ অধীনস্থ ৰাজ্যিক ক্ৰিকেট একাডেমীত প্ৰশিক্ষণৰ সুবিধা লাভ কৰিব ।
বিজনীত আৰক্ষীৰ জালত চোৰাং গৰুভৰ্তি ট্ৰাক
চিৰাঙৰ বিজনীৰ টোল গেটৰ পৰা দেওবাৰে আৰক্ষীয়ে জব্দ কৰে অবৈধভাৱে কঢ়িয়াই অনা ২৬ টা গৰুসহ এখন ট্ৰাক ।পশ্চিমবংৰ ধূপগুৰীৰ পৰা বৰপেটাৰোড অভিমুখে আহি আছিল ট্ৰাকখন ৷
পেৰিছ চুক্তিত অগ্ৰগতিৰ দিশে ভাৰত
"ভাৰতৰ সৌৰ ক্ষমতা 2022 চনৰ পূৰ্বে 175 গিগাৱাটত উপস্থিত হ’ব ৷ ইয়াৰ উপৰিও আমাৰ হাতত আৰু অধিক উচ্চাকাংক্ষী লক্ষ্য আছে ভাৰতৰ নৱীকৰণযোগ্য শক্তি ক্ষমতা 450 গিগাৱাটলৈ বৃদ্ধি কৰা ৷ আমি ভাৰতৰ বনাঞ্চল বৃদ্ধি আৰু ইয়াৰ জৈৱ বৈচিত্ৰক সুৰক্ষা প্ৰদান কৰিবলৈ সক্ষম হৈছো" : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷