ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি... - 7 PM TOP TEN NEWS

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি...

7 PM TOP TEN NEWS
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি...
author img

By

Published : Oct 31, 2020, 6:56 PM IST

কলকাতাৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড

কলকাতাৰ পাটলি চহৰৰ এটা কাৰখানাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে ৷ দুপৰীয়া ২:৩০ বজাত এই ঘটনাটো সংঘটিত হৈছিল ৷ ঘটনাৰ সময়ত প্ৰায় সংখ্যক শ্ৰমিক অট্টালিকাটোৰ ভিতৰতে আছিল বুলি প্ৰকাশ পাইছে ৷

JEE কেলেংকাৰীত গ্ৰেপ্তাৰ কাকলি বুজৰবৰুৱা

JEE কেলেংকাৰী সন্দৰ্ভত শেহতীয়াভাৱে গ্ৰেপ্তাৰ হৈছে আটকাধীন কাকলি বুজৰবৰুৱা ৷ বৰ্তমান JEE কাণ্ডত জড়িতৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে ছগৰাকী ব্যক্তি ৷

দীপাৱলী উপলক্ষে মৃন্ময় শিল্পীৰ ব্যাপক ব্যস্ততা

দীপাৱলী উপলক্ষে প্ৰতিজন মৃৎ শিল্পীৰ হাতৰ পৰশত গঢ় লৈ উঠিছে ভিন্ন আকৃতিৰ মাটিৰ চাকি ৷ যাৰবাবে মৃৎ শিল্পীসকলৰ এৰাব নোৱাৰা ব্যস্ততা দেখা পোৱা পৰিলক্ষিত হৈছে ৷ গুৱাহাটীতো একেই পৰিৱেশ ৷

80 টকীয়া পিয়াঁজ নলবাৰীত 55 টকাত বিক্ৰী !

কম মূল্যত পিয়াঁজ লাগে যদি আপুনি নলবাৰীলৈ আহক। প্ৰতি কিলো পিয়াঁজৰ মূল্য 55 টকা। আম আদমী পাৰ্টীয়ে-পিয়াঁজৰ মূল্য বৃদ্ধি হোৱাৰ বাবে সুলভ মূল্যত পিয়াঁজ ব্যৱসায়েৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত চুপাৰী ভৰ্তি ট্ৰাক জব্দ

শ্ৰীৰামপুৰত চুপাৰী ভৰ্তি ট্ৰাক জব্দ ৷ আগতীয়াকৈ পোৱা খবৰৰ ভিত্তিত আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন ৷

বাক্সাত বিপিএফ আৰু ইউপিপিএলৰ সদস্যৰ সংঘাত

বাক্সাত এবছু আৰু বিপিএফৰ সংঘাত ৷ বিপিএফৰ সদস্যৰ বিৰুদ্ধে এবছুৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ অভিযোগ ৷ বৰমাত সংঘটিত ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে

কৰিমগঞ্জৰ মাদ্ৰাছাত অগ্নিকাণ্ডকলৈ সৰৱ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ

শুকুৰবাৰে উত্তৰ কৰিমগঞ্জৰ গান্ধাই দাসগ্ৰাম অঞ্চলৰ হিজবুল প্ৰীছিনিয়ৰ মাদ্ৰাছাত পুৱতি নিশা সংঘটিত হৈছিল ৰহস্য জনক অগ্নিকাণ্ডৰ ঘটনা। জ্বলি ভষ্মীভূত হৈছিল মাদ্ৰাছাৰ যাৱতীয় নথি-পত্ৰ।

মুখ্যমন্ত্ৰীৰ সমষ্টিত আম আদমী পাৰ্টীৰ প্ৰতিবাদ

আম আদমী পাৰ্টীয়ে মাজুলীৰ গড়মূৰ সদৰত এক ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে । আম আদমী পাৰ্টীৰ প্ৰতিবাদৰ মূল লক্ষ্য আছিল দিনক দিনে বৃদ্ধি হৈ অহা নিৱনুৱা সমস্যা দূৰ কৰা ।

বিজেপিক ভেটিবলৈ ওলোৱা কংগ্ৰেছত এতিয়া কেৱল শিবিৰৰ ৰাজনীতি

নেতৃত্বৰ নিৰ্দেশ মানি নচলাটোৱেই যেন এতিয়া প্ৰদেশ কংগ্ৰেছৰ নতুন নিয়ম ! যাৰ বাবে শেহতীয়াকৈ অসমৰ তত্বাৱধায়কৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কঠোৰ নিৰ্দেশনা জাৰি কৰি এইসকল শীৰ্ষ নেতাক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাবলগীয়া হৈছে ।

কলগাছিয়াত দুই সন্তানৰ মাতৃৰ ৰহস্যজনক মৃত্যু

এগৰাকী বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত কলগাছিয়া ৷ দুটা সন্তানৰ মাতৃ আম্বিয়া খাতুনক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে স্বামী পৰিয়ালৰ বিৰুদ্ধে ৷ এই কাণ্ডৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে বৰভিঠা আৰক্ষীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.