ETV Bharat / state

সাত বজাৰ শীৰ্ষ দহটা বাতৰি... - 7 PM TOP TEN NEWS

সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

7 PM TOP TEN NEWS
সাত বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Oct 22, 2020, 7:03 PM IST

নিৰ্বাচন নোহোৱা পৰ্যন্ত বি টি আৰত বাহাল থাকিব ৰাজ্যপালৰ শাসন

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত বৃহস্পতিবাৰে অনুষ্ঠিত হয় মন্ত্ৰী পৰিষদৰ বৈঠক ৷ ১৫ অক্টোবৰৰ ভিতৰত বি টি আৰৰ নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগক অনুৰোধ জনাবলৈও সিদ্ধান্ত লোৱা হয় ।

জি.এম.চি.এইচলৈ প্ৰেৰণ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাক

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰি বৰপেটা চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই তেওঁক জি.এম.চি.এইচলৈ লৈ প্ৰেৰণ কৰে ৷

নাইজেৰিয়াত সুৰক্ষাকৰ্মীৰ গুলীত নিহত 12 প্ৰতিবাদকাৰী

বুধবাৰে নাইজেৰিয়াৰ লাগোছত আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিবলৈ ওলাই অহা দুটাকৈ বৃহৎ সমদলত ভাগ লোৱা প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি আৰক্ষীয়ে কৰা গুলীবৰ্ষণত 12 গৰাকীকৈ লোক নিহত হোৱা বুলি এমনেষ্টী ইন্টাৰনেচনেলৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে ৷

আফগানিস্তানৰ মস্কো’ত বিমান আক্ৰমণৰ ফলত শিশুৰ মৃত্যু

সমগ্ৰ ঘটনাৰ সৰ্ন্দভত জানিব পাৰি সুৰক্ষা বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে সন্ত্ৰাসবাদী কেইটাই ঘটনাস্থলী এৰি পলায়ন কৰে বুলি সুত্ৰই প্ৰকাশ কৰে ৷ উল্লেখযোগ্য যে, আফগানিস্তানত তালিবানী আৰু চৰকাৰ মাজত শান্তি আলোচনা চলি থকাৰ মাজতে তালিবানিয়ে আক্ৰমণ কৰে বুলি গান্ধাৰ আৰ.এফ.য়ে সদৰি কৰে ৷

আপোনাৰ এধানি সহাৰিয়ে হাঁহি বিৰিঙাব কান্তেশ্বৰ সোণোৱালৰ মুখত

মৰাণ বিধানসভা সমষ্টিৰ এগৰাকী শিক্ষকৰ কৰুণ কাহিনী ৷ আন দহগৰাকীৰ জীৱন পোহৰ কৰা ব্যক্তিগৰাকীৰ এতিয়া নিজৰে জীৱন হৈ পৰিছে অন্ধকাৰাছন্ন ৷ সদাশয় কোনো ব্যক্তিৰ সহায়ে হাঁহি বিৰিঙাব পাৰে কান্তেশ্বৰ সোণোৱাল নামৰ ব্যক্তিগৰাকীৰ মুখত ৷

তেলেংগানা: মুখ্যমন্ত্ৰী সাহাৰ্য পূঁজিলৈ ৰামোজী গ্ৰুপৰ 5 কোটিৰ অনুদান

তেলেংগানা মুখ্যমন্ত্ৰী সাহাৰ্য পূঁজিলৈ 5 কোটিৰ এককালীন আৰ্থিক অনুদান প্ৰদান কৰে ৰামোজী গ্ৰুপে ৷

ৰাজ্যৰ শেহতীয়া ক’ভিড-19ৰ তথ্য ...

ৰাজ্যত ক’ৰণাত আক্ৰান্তৰ সংখ্যাই দুইলক্ষাধিক অতিক্ৰম কৰিলে ৷ এই মহামাৰীৰ প্ৰতিষেধক ভেকছিন আবিস্কাৰ নোহাৱা লৈকে সকলোকে সজাগ সচেতন হৈ থাকিবলৈ দেশৰ প্ৰধান মন্ত্ৰীয়ে আহ্বান জনোৱা দেখা গৈছে ৷

কমিছনৰাজৰ বাতৰি প্ৰকাশৰ পিছতে গা-লৰিল বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ

সংবাদ মাধ্যমত বিনামূলীয়া ইউনিফৰ্মৰ নামত চলা কমিছনৰাজৰ বাতৰি প্ৰকাশ হোৱাৰ পিছত গা-লৰিল বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ। সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দিলে বিহীত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি।

কয়লা খনিত প্ৰাণ হেৰুৱালে 11 জন শ্ৰমিকে

ইণ্ডোনেছিয়াৰ এটা কয়লা খনিত সংঘটিত ভূমিস্খলনত নিহত হৈছে 11 গৰাকী শ্ৰমিক ৷ দক্ষিণ সুমাত্ৰাৰ মুৱাৰা এনিম জিলাৰ টানজুং লালাং গাঁৱত থকা খনিটোৰ সুৰংগৰ 65 ফুট গভীৰতাত এই ভূমিস্খলন সংঘটিত হয় ৷

মহানগৰীৰ ৰাজপথত আইন অমান্যকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

মহানগৰীত কঠোৰ হৈছে আৰক্ষী ৷ জালুকবাৰী, ভৰলুমুখ, পানবজাৰ, পল্টনবজাৰ, দিশপুৰকে ধৰি বিভিন্ন অঞ্চলত ৰাজপথত আইন অমান্যকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে এক অভিযান ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.